ঠাণ্ডা পানী, গৰম পানী আৰু মানৱ স্বাস্থ্য
ভার্গৱ কলিতা
সভ্যতাৰ নিৰন্তৰতাত পানীৰ ভূমিকা প্রশ্ণাতীত৷ অনন্ত ব্রহ্মাণ্ডই হওক নাইবা ক্ষুদ্র ব্রহ্মাণ্ডই (মানৱ দেহ) হওক, পানী এক অপৰিহার্য উপাদান৷ আমাৰ পঞ্চমহাভৌতিক শৰীৰৰ স্বাস্থ্যসন্মত ধাৰাবাহিকতাৰ বাবে পানী পান হৈছে মহত্ত্বপূর্ণ দিনচর্যাৰ অভিন্ন অংগ৷ বিশুদ্ধ পানী পানে আয়ু আৰু ওজঃ বৃদ্ধি কৰে৷ আনহাতে, দূষিত পানী হৈছে বহু বেমাৰৰ জননী৷ আয়ুর্বেদৰ প্রামাণিক গ্রন্থ ‘অষ্টাংগ হূদয়ম’ আৰু ‘চৰক সংহিতা’ত পানী পান সম্বন্ধে বিবিধ স্বাস্থ্যসন্মত নির্দেশনা প্রদান কৰা হৈছে৷
‘অষ্টাংগ হূদয়ম’ৰ সূত্রস্থানৰ পঞ্চম অধ্যায়ত উল্লেখ আছে যে মন্দাগ্ণি, গুল্ম, পাণ্ডুৰোগ, মধুমেহ, বৃক্ক ৰোগ, উদৰ ৰোগ, অতিসাৰ, অর্শ, গ্রহণী ৰোগত ভোগা ৰোগীয়ে খুবেই কম পানী পান কৰিব লাগে৷ অত্যধিক পানী পান কৰিব নালাগে৷ ভোজন কৰাৰ ঠিক আগতে পানী পান কৰিলে পাচন শক্তি দুর্বল হয়৷ ভোজনৰ মধ্যত খুব কম পৰিমাণে পানী পান কৰিলে পাচন শক্তি উন্নত হয় আৰু ভোজনৰ ঠিক পিছতেই পানী পান কৰিলে শৰীৰত বিভিন্ন বিকাৰে দেখা দিয়ে৷ পানী থিয় হৈ কেতিয়াও পান কৰিব নালাগে৷
এতিয়া আহিছোঁ ঠাণ্ডা পানী আৰু গৰম পানীৰ প্রসংগলৈ৷ দুয়োবিধ পানীৰে স্বকীয় গুণাগুণ আছে৷ সাধাৰণতে বহু লোকে প্রচাৰ কৰে যে ঠাণ্ডা পানী মুঠেই পান কৰা উচিত নহয়৷ আচলতে এইটো এটা ভুল ধাৰণা৷ পিত্ত আধিক্য থকা ব্যক্তিয়ে ঠাণ্ডা পানী পান কৰিব লাগে৷ ঠাণ্ডা পানী মূর্ছা, পিত্ত বিকাৰ, ৰক্তবিকাৰ, উষ্মা (বেছি গৰম লগা বা অত্যধিক ঘাম ওলোৱা), জলন, ভাগৰ, ভ্রম, মূৰ ঘূৰণি, বমি অহা আদি সমস্যাত লাভদায়ক৷ এইকেইটা সমস্যাত যেনেকৈ ঠাণ্ডা পানী পান অনুকূল, তদনুৰূপ এনে কিছুমান সমস্যা আছে যিবিলাকত ঠাণ্ডা পানী পান অতি প্রতিকূল৷ অৰুচি, চকুত ছানি পৰা, গ্রহণী, ডিঙিৰ বিষ, পার্শ্বশূল, কাহ, এজমা, ছালত ডাঙৰ ফোঁহা হোৱা আদি সমস্যাত ঠাণ্ডা পানী অপথ্য৷ ঘি বা ঘিৰে প্রস্তুত কৰা খাদ্য খোৱাৰ পিছত ঠাণ্ডা পানী পান কৰা নিষেধ৷
গৰম পানীৰো আছে বিবিধ গুণ৷ গৰম পানী পানে পাচন শক্তিশালী কৰে৷ মেদবহুলতা, কফ আৰু বাত সমস্যাত ভোগা ব্যক্তিয়ে নিতৌ গৰম পানী পান কৰিব লাগে৷ গৰম পানী মানে অত্যধিক গৰম হ’ব নালাগে৷ স্বাভাৱিক উষ্ণ পানী হ’ব লাগে৷ গৰম পানীয়ে জঠৰাগ্ণি প্রদীপ্ত কৰে, ইয়াৰ ফলত খাদ্য সহজে পাচন হয়৷ গৰম পানী পানে ৰুচি উৎপন্ন কৰে৷ উতলাই ঠাণ্ডা কৰা পানী ডেৰ ঘণ্টাত, উতলাই গৰমে গৰমে খোৱা পানী ৪৫ মিনিটত আৰু ঠাণ্ডা পানী পচন হওঁতে ৩ ঘণ্টা সময় লাগে৷