নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি উদযাপিত হৈছে হেঁপাহৰ ভোগালী…

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ  আজি হেঁপাহৰ ভোগালী বিহু। পুৱাই অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে ৰাজ্যবাসীয়ে।

বটদ্ৰৱাতো আজি অসমীয়া জাতীয় উৎসৱ তথা বাপতি সাহোন ভোগালী বিহুটি গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথাসত্রীয়া শৈলীৰ পৰম্পৰাগত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বটদ্ৰৱাৰ শলগুৰি সত্রৰ ৰাইজে দৌল মন্দিৰৰ সমীপত আৰু নৰোৱা সত্রৰ ৰাইজে আকাশী গংগাৰ তীৰত ৰাজহুৱা ভেলাঘৰ সাজি সেই ভেলাঘৰত উৰুকাৰ নিশা নাম কীৰ্তন কৰে। সত্ৰৰ সমূহ ভকত সমবেত হৈ কীৰ্তন পৰিবেশন কৰে। কীৰ্তনৰ শেষত সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ দিয়া হয়। বিহুৰ পুৱাই ৰাইজে উক্ত ভেলাঘৰত সমবেত হৈ দিহা নাম পৰিবেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্রাৰ্থনা জনায়।

লগতে মাজুলীতো ৩৬৭ বছৰীয়া পৰম্পৰাৰে শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰত ভোগালী বিহু পালন কৰা হয়। নাম – কীৰ্ত্তনেৰে পূৱা মেজিৰ জ্বলালে সত্ৰৰ বৈষ্ণৱ আৰু সত্ৰখনৰ সত্ৰাধিকাৰে।

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত এনেদৰে পুৱাই ৰাইজ সমৱেত হৈছে মেজী ঘৰৰ বাকৰিত । বছৰটোৰ বাবে সমাজৰ পৰা অপায় অমঙ্গল,অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনা এগৰাকী ভকতে ভগৱানৰ ওচৰত সেৱা লৈ মেজীঘৰত অগ্নি সংযোগ কৰে । মেজীৰ জুইয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ কামনাৰ বাবে ভগৱানে যাতে আশীৰ্বাদ দিয়ে,এয়া আশা কৰিয়েই এনেদৰে মেজীৰ জুইৰ উত্তাপ লৈছে বৈঠালাংছʼৰ ৰাইজে ।

You might also like