সাৱধান! কম্পিউটাৰে ৰুগীয়া কৰিব পাৰে আপোনাক…জানক পৰিত্রাণৰ উপায়–
শিৰোনামটি দেখি হয়তো আপুনি উচপ খাই উঠিব অথবা বিশ্বাস কৰিবলৈয়ে টান লাগিব, কম্পিউটাৰৰ সহায়ত কাম কৰিলে লাভ যিমান হয়, সিমানেই লোকচানো যে হয়৷ কম্পিউটাৰৰ দ্বাৰা ভুল পদ্ধতিৰে কাম কৰি অহাৰ ফলত স্বাস্থ্যৰ ওপৰত পৰা প্রতিকূল প্রভাৱৰ কথা কল্পনাই কৰা নহয়৷ আমাৰ দেশৰ কার্যস্থলসমূহত কম্পিউটাৰৰ যোগেদি কাম কৰাৰ প্রচলন ক্রমে বাঢ়ি আহিছে৷ কিন্তু ইয়াৰ লগে লগে কম্পিউটাৰ সম্বন্ধীয় ৰোগত আক্রান্ত ৰোগীৰ সংখ্যাও ক্রমাৎ বৃদ্ধি পাব ধৰিছে৷ উল্লেখযোগ্য কথা এই যে বহু সময়ত ৰোগীয়ে বুজিবই নোৱাৰে যে তেওঁৰ শৰীৰত দেখা দিয়া সমস্যাসমূহৰ কাৰণ অন্য একো নহয় বৰঞ্চ তেওঁৰ প্রিয় সংগী কম্পিউটাৰহে৷
কম্পিউটাৰ সম্বন্ধীয় ৰোগসমূহৰ ভিতৰত ইয়াৰ প্রাৰম্ভিক লক্ষণ হৈছে সঘনে হ’ব ধৰা পিঠিৰ বিষ৷ লগতে বাহু আৰু কলাফুলৰ বিষ, চকুৰে পানী বৈ অহা আৰু মূৰৰ বিষ৷ এইধৰণৰ লক্ষণসমূহ বহু সময়লৈকে কম্পিউটাৰৰ সন্মুখত ভুল ভংগিমাৰে বহি থকাৰ ফলত হয়৷ চিন্তনীয় বিষয় এই যে এনে ৰোগত আক্রান্ত ৰোগীয়ে সেইপর্যন্ত নিজৰ সমস্যাটোক গম্ভীৰতাৰে নলয়, যেতিয়ালৈকে জটিল স্থিতিৰ উদ্ভৱ নহয়৷ আনহাতে কম্পিউটাৰ সম্বন্ধীয় ৰোগৰ চিকিৎসাৰ কোনো সৰল উপায় নাই৷ ইয়াৰ পৰা বাচি থকাৰ উপায়হে ভাবিব লাগে৷ কিন্তু প্রায়ভাগ ৰোগী এইক্ষেত্রত সচেতন নহয়৷
বিশেষজ্ঞসকলে কয় যে যদিওবা আৰম্ভণিতে পিঠি, বাহু আৰু কলাফুলৰ বিষ হয়৷ দিন বাগৰাৰ লগে লগে কম্পিউটাৰৰ সম্বন্ধীয় ৰোগৰ চিকাৰ হোৱা ৰোগীয়ে নিজৰ জোতাৰ ফিতাডালো বান্ধিব নোৱাৰা অৱস্থাৰ সন্মুখীন হয়৷ দুৱাৰখন খুলিব নোৱাৰে আৰু গাড়ীও চলাব নোৱাৰা হয়৷ ইয়াৰ আঁৰৰ কাৰণ হৈছে কম্পিউটাৰৰ সন্মুখত সঠিকভংগীৰে নবহে আৰু সজাগতাৰ অভাৱ৷ এই কাৰণতে ৰোগে গম্ভীৰ ৰূপ ধাৰণ কৰে৷ বহু সময়ত ‘মনিটৰ’টো নিচেই ওচৰৰ পৰা নিৰীক্ষণ কৰা আৰু সঠিকভাৱে নৰখাৰ ফলত প্রধানকৈ চকুহালৰ সমস্যা হয়, যি কাৰণত চকুহাললৈ শুষ্কতাৰ ভাব আহে আৰু মনিটৰৰ পৰা বিক্ষেপণ হোৱা ৰশ্মিয়ে মূৰৰ বিষ বঢ়ায়৷ শিশু আৰু যুৱক–যুৱতীসকলে বিশেষভাৱে এই সমস্যাৰ চিকাৰ হয়৷ কম্পিউটাৰ সম্বন্ধীয় ৰোগত আক্রান্তসকলৰ আধাসংখ্যক ঘাইকৈ একৈশ–আঠাইশ বছৰ বয়সৰ হয়৷ কাৰণ স্পষ্ট যে এইসকলৰ বেছিভাগে একেৰাহে বহু ঘণ্টা ধৰি প্রতিদিনে কম্পিউটাৰৰ সহায়ত কাম কৰে৷ কম্পিউটাৰৰ সন্মুখত বহা বা উঠাৰ মুদ্রাৰ প্রতি তেওঁলোকে অকণো ধ্যান নিদিয়ে৷ আচলতে সাৱধানতা– কম্পিউটাৰ সম্বন্ধীয় ৰোগৰ পৰা পৰিত্রাণৰ সর্বোত্তম উপায়৷ কিন্তু এই বিষয়টোৰ প্রতি কাৰো ভ্রূক্ষেপেই নাথাকে৷ সৰহভাগ ব্যক্তিয়ে সেই অৱস্থাতহে চিকিৎসকসকলৰ ওচৰ চাপে, যেতিয়া ৰোগে গম্ভীৰ ৰূপ ধাৰণ কৰে৷
কম্পিউটাৰ সম্বন্ধীয় ৰোগৰ লক্ষণ–
* পিঠি, ডিঙি, হাত, বাহু তথা আঙুলিৰ বিষ, শৰীৰ জঠৰ হৈ পৰা ইত্যাদি৷
* নিত্য কর্ম যেনে– দাঁত ব্রাছ কৰাৰ সময়ত, ছার্টৰ বুটাম লগোৱাৰ সময়ত, দুৱাৰ খোলা–বন্ধ কৰাৰ সময়ত সমস্যা বা কষ্ট অনুভৱ কৰা৷
* ডিঙিৰ পিছফালৰ অংশৰ বিষ, মূৰটো আচন্দ্রাই কৰা, হাতৰ পেশীসমূহ টানি ধৰা, আঁঠুৰ বিষ, উঠোতে–বহোঁতে বিষ, কঁকালৰ বিষ আদি৷
* চকুহাল নিস্তেজ হৈ পৰা, ৰঙচুৱা হোৱা অথবা চকুপানী বৈ অহা, অহৰহ কাম কৰি থাকোঁতে হাত দুখন ঠাণ্ডা হোৱা৷
পৰিত্রাণৰ উপায়–
* কম্পিউটাৰৰ মনিটৰটো ইমানখিনি দূৰত্বত ৰাখক যাতে ডিঙিটো বাৰে বাৰে তল–ওপৰ কৰিব নালাগে৷ মনিটৰটো চকুহালৰ পৰা ২৫–৩০ ইঞ্চি দূৰৈত ৰখা উচিত আৰু ই চমকমুক্ত হোৱাৰ দৰকাৰ৷ চকুহালৰ সমান্তৰালকৈ মনিটৰটো ৰাখিব লাগে৷ ইয়াৰ উপৰি স্ক্রীনখনৰ চাফ–চিকুণতাৰ প্রতি ধ্যান দিব লাগে৷
* ভৰিহালে মজিয়া চুই থকা উচিত আৰু আঁঠুহালে নব্বৈ ডিগ্রী কোণত অৱস্থান কৰিব লাগে৷ কান্ধ চিধা ৰাখিব লাগে আৰু টাইপিং কৰাৰ সময়ত অন্যপিনে দৃষ্টি ৰাখিব নালাগে৷ পিঠিখনক সঁহাৰি দিব পৰা চকীৰ ব্যৱহাৰ কৰিব লাগে৷
* কিছু সময়ৰ অন্তৰে অন্তৰে শৰীৰক বিশ্রাম দিব তথা চকুহাল বিশুদ্ধ পানীৰে ধুব৷ কী–বোর্ডখন আপোনাৰ গাৰ কাষত ৰাখিব৷
* মাউছটোও হাতৰ নিচেই কাষত ৰখা উচিত৷ যাতে বাৰে বাৰে হাতখন আগবঢ়াই থাকিব নালাগে৷ ডিঙি, কান্ধ, বাহু তথা চকুৰ সহায় হ’ব পৰা ব্যায়াম সদায় কৰিব৷
সর্বশেষত এষাৰ কথা মনত ৰাখিব, কম্পিউটাৰৰ অধিক ব্যৱহাৰ কৰিলেও ৰোগৰ উৎপত্তি হ’বলৈ নিদিব৷ যাতে আপোনাৰ দেহ–যন্ত্রক অকর্মণ্য কৰিব নোৱাৰে৷ যদি সাৱধানতা অৱলম্বন কৰাৰ পিছতো কোনো কাৰণত সমস্যাই দেখা দিয়ে, তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাত সংকোচ নকৰিব কিয়নো কম্পিউটাৰ সম্বন্ধীয় ৰোগসমূহো যদি অন্য ৰোগৰ নিচিনাকৈ সোনকালে ধৰা পৰে, তেতিয়াহ’লে তাক নির্মূল কৰিব পৰা যায়৷