নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাঁহক আৰু আনকো হঁহুৱাওক

- মৃদুপৱন বৰগোহাঁই

ইংৰাজীত এষাৰ কথা আছেLaughter is the best medicine৷ কিন্তু আজিৰ এই ব্যস্ত জীৱনশৈলী আৰু চাৰিওফালে ছানি ধৰা ক’ৰোনাৰ আতংকই আমাক প্রতি মুহূর্ততে ভয় আৰু শংকিত কৰি তুলিছে, আমি হয়তো হাঁহিবলৈ পাহৰি পেলাইছোঁ৷ শুই উঠাৰ পৰা শোৱাপাটীলৈকে আপুনি কেতিয়াবা ভাবি চাইছেনে গোটেই দিনটোত আপুনি কেইবাৰ হাঁহিছিল৷ হয়তো আপোনাৰ কেতিয়াবা কোনো এটা দিন অকণো নহঁহাকৈয়ে পাৰ হৈ গৈছে৷ ইয়াৰ অন্যতম কাৰণ হৈছে ব্যস্ত কর্মসূচী আৰু অনবৰতে আমি ক’ৰোনাৰ ভয় আৰু শংকাত দিন কটাবলগীয়া হৈছে৷ তদুপৰি আমি যিমানখিনি সময় এই ব্যস্ত কর্মসূচীৰ পৰা আজৰি পাওঁ সেইকণ সময় দুখ–ভাগৰ, চিন্তা, ভয়, পৰচর্চা, নিন্দা, ঘৃণা আদিতেই পাৰ হৈ যায়৷
হাঁহিয়ে আমাৰ মানসিক তথা শাৰীৰিক ভাৰসাম্য অটুট ৰখাত যথেষ্ট সহায় কৰে৷ এবাৰেই মাথোঁ লাভ কৰা এই জীৱনটোক পৰিপূর্ণভাৱে উপভোগ কৰিবলৈ হ’লে আমি হঁহা উচিত৷ লগতে আনকো হঁহুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত৷ হাঁহিয়ে আমাৰ সকলোৰে জীৱনত কি কি যোগাত্মক প্রভাৱ পেলায় চাওচোন আহক৷
অধ্যয়নত প্রমাণিত হৈছে যে হাঁহিয়ে আমাৰ শৰীৰৰ পৰা বিভিন্ন ষ্টেচ হৰম’নৰ পৰিমাণ কমাই তোলে৷ আৰু শৰীৰটোৰ বাবে উপযোগী এণ্ডৰফিন হৰম’নৰ পৰিমাণ বৃদ্ধি কৰে৷ গতিকে হাঁহিয়ে আপোনাক মানসিক চাপ, বিষাদ আদিৰ পৰা আঁতৰত ৰখাত সহায় কৰে৷ হাঁহিয়ে আমাৰ মনোবল, আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে৷ আমাৰ মনলৈ যোগাত্মক চিন্তাধাৰাৰ সঞ্চাৰ হয় আৰু লগতে মানসিকভাৱে শক্তিশালী কৰি তোলে৷
আপুনি জানেনে দিনটোত যদি গড়ে ১০০ বাৰকৈ হঁহা যায় তেন্তে ই আপোনাৰ পোন্ধৰ মিনিট চাইকেল চলোৱাৰ সমান কাম কৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল হাঁহিবলৈ আপুনি এটকাও খৰচ কৰিব নালাগে৷ হাঁহি থকা মানুহবিলাক সদায়েই সুখী৷ তেওঁলোক অতি সহজতে যিকোনো ধৰণৰ ৰোগ–ব্যাধি আদিয়েও আক্রমণ কৰিব নোৱাৰে, হাঁহিয়ে আমাৰ শৰীৰত ৰক্ত সঞ্চালন সঠিক কৰাত সহায় কৰে৷ লগতে ৰক্তচাপ নিয়ন্ত্রণতো যথেষ্ট সহায় হয়৷ আপোনাৰ কার্ডি’ভাস্কুলাৰ প্রণালীটো শক্তিশালী কৰি ৰখাত সহায় কৰে৷ হাঁহি থকা মানুহ এজনে জীৱনৰ ঘাত–প্রতিঘাতসমূহ হাঁহি হাঁহি হেলাৰঙে পাৰ কৰিবলৈ সক্ষম৷ হাঁহিয়ে আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰে আৰু প্রতি মুহূর্ততে আপোনাক সজাগ আৰু সচেতন কৰি ৰাখে৷ হাঁহিয়ে আপোনাৰ পৰা খং, ৰাগ, হিংসা, পৰনিন্দা, পৰচর্চা আদি দূৰ কৰে৷
হাঁহিমুখীয়া মানুহ এজনক সকলোৱে ভাল পায় আৰু সকলোৱে তেওঁক আপোন কৰি ল’ব বিচাৰে৷ গতিকে হাঁহিয়ে সম্পর্কৰ বান্ধোন আৰু অধিক শক্তিশালী কৰি তোলাত অৰিহণা যোগায়৷ আপুনি যদি হাঁহিব খোজে তেন্তে কোনোবা এখন কমেডী বোলছবি চাওক, নাইবা টিভিৰ লাফটাৰ শ্ব’ আদি চাওক, কমেডী ক্লাবত যোগদান কৰক৷ যিলোকে আপোনাক অনবৰতে হঁহুৱাব খোজে তেওঁলোকৰ সংস্পর্শলৈ বেছিকৈ যাওক৷ নিজৰ পোহনীয়া জন্তুৰ লগত সময় কটাওক, বন্ধুবর্গৰ মাজত খুহুতীয়া, মুখৰোচক, কৌতুক, গাজা আদিৰ ভাবৰ আদান–প্রদান কৰক৷ শিশুৰ লগত ধেমালি কৰক৷ গতিকে যিমান পাৰে হাঁহক আৰু আনকো হঁহুৱাওক, গতিকে এই খন্তেকীয়া জীৱনটো উপভোগ কৰিবলৈ হ’লে মই ভাবোঁ সকলোৱে হঁহা উচিত৷

You might also like