নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্বাস্থ্যৰ বাবে কিয় উপযোগী গ্রীন টী? জানক সৱিশেষ…

- ডাঃ চন্দন বৰুৱা

বর্তমান যুগৰ আটাইতকৈ সর্বশ্রেষ্ঠ পানীয় হৈছে গ্রীন টী বা অসমীয়াত সেউজীয়া চাহ৷ গোটেই বিশ্বতে পানীৰ পিছত আটাইতকৈ প্রচলিত পানীয় হৈছে গ্রীন টী৷ গ্রীন টী ‘কেমেলিয়া ছাইনেচি’ নামৰ এবিধ চাহগছৰ পাতৰ পৰা প্রস্তুত কৰা হয়৷ এই একেবিধ চাহপাতৰ পৰাই আন চাহপাতসমূহো প্রস্তুত কৰা হয়৷ মাত্র প্রস্তুত কৰা পদ্ধতি বেলেগ বেলগ৷ গ্রীন টী প্রস্তুত কৰা যি প্রক্রিয়া তাত স্বাস্থ্যৰ বাবে উপকাৰী দ্রব্যসমূহ খুব বেছি পৰিমাণে থাকি যায়৷ সেইবাবে গ্রীন টী স্বাস্থ্যৰ বাবে বিশেষ উপকাৰী৷ চাহৰ প্রচলন প্রায় ৪০০০ বছৰ পূর্বেই চীন দেশত হৈছিল৷ খ্রীষ্টপূর্ব ২৭৩৭ত চীন দেশৰ সম্রাট ছেক্রনংগৰ কার্যকালত প্রথমতে গ্রীন টী আৰম্ভ হয়৷

গ্রীন টী স্বাস্থ্যৰ বাবে কিয় উপযোগী

গ্রীন টীত ‘পলিফেন’ল’ নামৰ এবিধ দ্রব্য থাকে৷ এই পলিফেন’ল এণ্টি’ক্সিডেণ্টেৰে ভৰপূৰ৷ আমাৰ দেহত দৈনিক ‘ফ্রী ৰেডিকেলচ’ বুলি এবিধ দ্রব্য উৎপন্ন হয়, যিয়ে আমাৰ শৰীৰৰ অংগবোৰ ক্ষতি কৰে আৰু বাধ্যকর্তা আনে৷ এণ্টিক্সিডেণ্টবোৰে এই ফ্রী ৰেডিকেলচসমূহ ধ্বংস কৰি দেহ নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখে৷
হূদৰোগ: দৈনিক গ্রীন টী সেৱন কৰিলে হূদযন্ত্রৰ ৰোগৰ পৰা হোৱা মৃত্যুৰ আশংকা বহুগুণে হ্রাস পায়৷ ২০১৫ চনত হোৱা এটা সমীক্ষাত দেখা গৈছে দৈনিক একাপ গ্রীন টী খোৱা বৃদ্ধি কৰিলে হূদযন্ত্রৰ ৰোগৰ পৰা মৃত্যুৰ আশংকা ৫ শতাংশ হ্রাস পায়৷
ষ্ট্র’ক: ষ্ট্র’ক এটা অতি জৰুৰী আৰু ভয়ানক ৰোগ, য’ত মগজুৰ তেজ প্রৱাহিত হোৱা সিৰা ফাটি যায় আৰু মগজুৰ ভিতৰত ৰক্তক্ষৰণ হয়৷ উচ্চ ৰক্তচাপৰ বাবে ষ্ট্র’ক হয়৷ দৈনিক গ্রীন টী সেৱনে ৰক্তচাপ হ্রাস কৰে আৰু ষ্ট্র’কৰ সম্ভাৱনা হ্রাস কৰে৷
কলেষ্টৰেল: দৈনিক গ্রীন টী সেৱন কৰিলে ৰক্তত কলেষ্টৰেলৰ মাত্রা হ্রাস কৰে৷ ‘এল ডি এল’ কলেষ্টৰেল দেহৰ বাবে বেছি অপকাৰী আৰু ই হূদৰোগ সৃষ্টি কৰে৷ গ্রীন টীয়ে ‘এল ডি এল’ কলেষ্টৰেলৰ মাত্রা হ্রাস কৰে৷
কর্কট ৰোগ: বহুত বিশেষজ্ঞৰ মতে গ্রীন টীয়ে বিভিন্ন কর্কট ৰোগ প্রতিৰোধ কৰে৷ আনহাতে কিছুমান সমীক্ষাত এই বিষয়ে সঠিক মতামত দাঙি ধৰিব পৰা নাই৷ সীমিত প্রমাণ অনুসৰি গ্রীন টীয়ে চীনদেশীয় মানুহৰ খাদ্যনলীৰ কর্কট ৰোগ, মহিলাৰ হাঁওফাঁওৰ কর্কট ৰোগ আৰু এছিয়া মহাদেশৰ মানুহৰ মুখৰ কর্কট ৰোগ হ্রাস কৰে৷ খুব বেছিকৈ গ্রীন টী পান কৰা এছিয়া মহাদেশৰ মহিলাৰ যকৃত কর্কট ৰোগ হ্রাস৷ পুৰুষৰ ক্ষেত্রত এই বিষয়ে কোনো প্রভাৱ দেখা নাযায়৷ দৈনিক ৭ কাপতকৈ বেছি গ্রীন টী পান কৰা মহিলাৰ ক্ষেত্রত এই কর্কট ৰোগ প্রতিৰোধ কৰাৰ প্রভাৱ বেছি৷
ডায়েবেটিছ: যদিও বহুতে গ্রীন টীয়ে ৰক্তত চেনিৰ পৰিমাণ হ্রাস কৰে বুলি মত দিয়ে, কিন্তু বিভিন্ন গৱেষণাত এই বিষয়ে প্রমাণ কৰিব পৰা নাই৷
দেহৰ ওজন হ্রাস কৰা: দেহৰ ওজন কমোৱা ঔষধ ৰূপে গ্রীন টীৰ প্রচলন খুব বেছি৷ প্রত্যক্ষভাৱে গ্রীন টীয়ে দেহৰ মেদ বা চর্বি হ্রাস কৰিব নোৱাৰে৷ যিহেতু গ্রীন টীত ‘কেফেইন’ থাকে, ‘কেফেইনে’ দেহৰ উষ্ণতা আৰু বিভিন্ন প্রক্রিয়াবোৰ বৃদ্ধি কৰি ওজন কমোৱাত সহায় কৰে৷ তদুপৰি গ্রীন টী কেল’ৰিশূন্য, সেইবাবে আন পানীয় যেনে– ফলৰ ৰস, চ’দা আৰু বিভিন্ন শীতল পানীয়ৰ সলনি গ্রীন টী সেৱন কৰিলে দেহৰ ওজন হ্রাস কৰিব৷ আন পানীয়সমূহত বহু বেছি পৰিমাণে চেনি থাকে আৰু খুব কেল’ৰিযুক্ত৷
মগজু: গ্রীন টীত থকা ‘থিয়েনহিন’ নামৰ দ্রব্যই মনৰ উদ্বেগ হ্রাস কৰে আৰু মন শান্ত কৰে৷ গ্রীন টীয়ে স্মৃতিশক্তি বৃদ্ধি কৰে আৰু এলজেইমাৰ প্রতিৰোধ কৰে৷
চর্মৰোগ: কিছুমান নতুন গৱেষণাত দেখা গৈছে যে গ্রীন টীয়ে কিছুমান প্রদাহজনিত চর্মৰোগত ভাল ফল দেখুৱাইছে৷
ঔষধ: গ্রীন টীয়ে বিশেষ কিছুমান ঔষধৰ দেহৰ ওপৰত ক্রিয়া বৃদ্ধি বা হ্রাস কৰিব পাৰে৷ হূদৰোগৰ ঔষধ, কিছুমান এণ্টিবায়’টিক, উচ্চ ৰক্তচাপৰ ঔষধ, মানসিক ৰোগৰ ঔষধ, তেজ পাতল কৰা ঔষধ আৰু কর্কট ৰোগৰ ঔষধ ব্যৱহাৰ কৰিলে চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷
গ্রীন টীৰ দেহৰ উপকাৰী গুণবোৰ পাবৰ কাৰণে দৈনিক কমেও ৩ কাপ বা তাতোকৈ অধিক পান কৰিব লাগিব৷ যিহেতু বহুবাৰ গ্রীন টী পান কৰা সকলোৰে বাবে সম্ভৱ নহ’বও পাৰে৷ সেইবাবে বজাৰত গ্রীন টীৰ কেপছুল পোৱা যায়, য’ত বেছি পৰিমাণৰ দেহৰ উপকাৰী দ্রব্যসমূহ থাকে৷ এই কেপছুলবোৰ খুব বেছি পৰিমাণে ব্যৱহাৰ কৰিলে যকৃতৰ ক্ষতি হ’ব পাৰে৷ গর্ভৱতী মহিলাই আৰু স্তনপান কৰোৱা মহিলাই এনে কেপছুল খোৱা নিষেধ৷ গতিকে নিজৰ সামর্থ্য অনুযায়ী গ্রীন টী পান কৰি বিভিন্ন ৰোগ প্রতিৰোধ কৰি দেহটো সতেজ আৰু নিৰোগী কৰি ৰাখক৷

You might also like