নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Euro cup ত ইংলেণ্ডৰ পৰাজয়ঃ খেলপথাৰৰ বাহিৰত ইটালিয়ান দৰ্শকক আক্ৰমণ ইংলেণ্ড সমৰ্থকৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাই: ইউৰো কাপৰ ফাইনেলত ইটালীৰ হাতত ইংলেণ্ডৰ পৰাজয়ৰ পিছত ৱেম্বলী ষ্টেডিয়ামৰ বাহিৰত বিশৃংখল পৰিৱেশ দেখা যায়। খেল শেষ হোৱাৰ অন্তত ইটালীৰ অনুৰাগীসকলৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে ইংলেণ্ড সমৰ্থকসকল। যাৰ বহু ভিডিঅ’ ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’সমূহ ভাইৰেল হোৱাৰ পাছতে সকলোৱে একেমুখে এই ঘটনাক সমালোচনা কৰিছে।

এই ভিডিঅ’সমূহত দেখা গৈছে যে ইংলেণ্ডৰ পতাকা গাত মেৰিয়াই থকা বহুলোকে ইটালীয়ান সমৰ্থকক আক্ৰমণ কৰিছে। সুৰক্ষা বাহিনীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছে, যদিও পৰা নাই।

ইপিনে ইটালীৰ লোকসকলে দাবী কৰে যে ইংৰাজ সমৰ্থকসকলে কেৱল শাৰীৰিক আঘাত কৰাই নহয়, ইটালীৰ ৰাষ্ট্ৰীয় পতাকাকো অপমান কৰিছিল। ইটালীৰ লোকসকলে দাবী কৰে যে তেওঁলোক জাতিগত অত্যাচাৰৰ সন্মুখীন হৈছে।

You might also like