ঃ আমাৰ দিনত ইমানবোৰ সুবিধা পোৱা হ’লে আৰু ভাল কিবাকিবি পৰিব পাৰিলোঁহেঁতেন৷ এতিয়া তোমালোকক মাত্র সুবিধাহে লাগে৷ পঢ়াৰ কাৰণে প্রয়োজনীয়খিনিতো নিদিয়াকৈ থকা নাই আমি৷ কিন্তু প্রতিদিনেই বেলেগক দেখি ইটো সিটো বস্তু বিচাৰি থাকিলে কেনেকৈ হ’ব? আমিতো চেণ্ডেল নিপিন্ধাকৈয়ে এল পি স্কুলত পঢ়িছিলোঁ৷
ঃ হ’ব আৰু মা, কিমান আৰু একেখন ৰেকর্ডকে বজোৱা? তোমাৰ সময়ত যদি আমি থাকিলোঁহেঁনেত তেতিয়া আমিও তেনেকৈয়ে চলিলোঁহেঁতেন৷ কাৰণ তেতিয়া সকলোৱে তেনে আছিল৷ তুমি কম্পেয়াৰ কিয় কৰা ইমান?
নেহাই বিৰক্তিৰে চিঞৰি উঠাত মাক নিবেদিতা মনে মনে ৰ’ল৷ আজি কিছুদিনৰ পৰা ঘৰখনত এনেকুৱা কিছুমান কথাৰ কাৰণে প্রায়ে অশান্তি হৈ থাকে৷ ১৩ বছৰীয়া নেহা প্রশান্ত আৰু নিবেদিতাৰ একমাত্র ছোৱালী৷ নিবেদিতা স্কুলৰ শিক্ষয়িত্রী, প্রশান্ত ব্যৱসায়ী৷ দুয়োৰে আর্জনত সংসাৰখন ধুনীয়াকৈ চলি যায়৷ কিন্তু সেইবুলি জধে–মধে পইচা খৰচ তেওঁলোকে কৰে৷ দুয়ো মিতব্যয়ী৷ নেহাক প্রয়োজনীয় বস্তুখিনি দিয়াত কৃপণালি নকৰে৷ কিন্তু অপ্রয়োজনীয় বস্তু দিয়াৰ অভ্যাস তেওঁলোকৰ নাই৷ কিন্তু আজি কিছুদিনৰ পৰা নেহাই কিছুমান বস্তু খোজা আৰম্ভ কৰিছে, যিবোৰৰ প্রয়োজন প্রকৃততে তাইৰ নাই৷ প্রথম আৰম্ভ হৈছিল নেহাৰ স্কুলখন সলনি কৰাৰ পিছতে৷ ঘৰৰ ওচৰৰ স্কুলখনত তাই প্রি–প্রাইমাৰীৰ পৰা পঞ্চম মানলৈ পঢ়িলে৷ তাৰপিছৰ শ্রেণীবোৰ সেইখন স্কুলত নাই বুলি চহৰৰ ভাল স্কুলখনলৈ নেহাক লৈ যোৱা হ’ল৷ সকলো ঠিকেই আছিল৷ কেইমাহমান পিছৰ পৰা মাজে মাজে নেহাই আপত্তি কৰা আৰম্ভ কৰিলে৷ আপত্তিবোৰ তাইৰ টিফিন বক্স, পানীৰ বটল, পেঞ্চিলৰ বাকচ এইবোৰৰ পৰা আৰম্ভ কৰি টিভিৰ বেলেগ বেলেগ চেনেল চাবস্ক্রাইব কৰালৈকে, হিচাপ নোহোৱা লগৰীয়াবোৰৰ লগত তাই নিজৰ বস্তুবোৰ তুলনা কৰে৷ মাক–দেউতাকৰ আগত কয়হি কাৰ ওচৰত কি কি নতুন বস্তু আছে৷ কেনেদৰে সেই আকাংক্ষী বিলাসী বস্তুৰ গৰাকী লগৰীয়াবোৰ আনবোৰৰ আকর্ষণৰ মধ্যমণি৷ তাইৰ ওচৰত কিয় তেনে বস্তুৰ অভাৱ এই প্রশ্ণ নেহাই প্রায়ে মাকক সোধা হ’ল৷ আপত্তিবোৰ এনেকুৱা, ‘জানা মা আমাৰ বেঞ্চত বহা সকলোৰে স্মার্ট হাতঘড়ী আছে৷ কি কি যে কৰিব নোৱাৰি৷ পাল্ছ, হার্টবিটৰ পৰা আৰম্ভ কৰি ব্লুটুথেৰে ম’বাইলত কানেক্ট কৰি ফোন ৰিচিভ কৰিবও পাৰি৷ মোকো লাগে তেনে এটা ঘড়ী৷’ আজি বৈদেহীয়ে এটা খুব ধুনীয়া ৱাটাৰ বটল আনিছে৷ চেনছৰ লগোৱা৷ আঙুলিটো ওচৰলৈ নিলে নিজে খোল খাই যায়৷ মোৰো থকা হ’লে এনে এটা’ ‘ম’নাৰ দেউতাকে তাইক এটা নতুন আইপেড দিছে ৬০ শতাংশ পোৱাৰ কাৰণে৷ যোৱাবাৰ তাই যেনে–তেনেহে পাছ কৰিছিল৷ মইচোন সদায়ে ৯০ শতাংশ পাঁও৷ মোক কিয় দিব নোৱাৰা তোমালোকে নিজাকৈ ম’বাইল এটাও? আইপেড বাৰু নালাগে৷ মই নেটত ষ্টাডী মেটেৰিয়েল চাবলৈও তোমালোকৰ ম’বাইল ল’ব লগা হয়৷ ম’না যে কিমান লাকী, ইমান ভাল মাক–দেউতাক পাইছে তাই৷’
বহু পিতৃ–মাতৃ এনে পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয়৷ সাধাৰণতে কৈশোৰত ভৰি দিয়া সন্তানৰ ক্ষেত্রত এনে আচৰণৰ আৰম্ভণি দেখা যায়৷ কৈশোৰ বুলি ক’লে আমি ১০–১৯ বছৰৰ সময়খিনিক ধৰোঁ৷ এই সময়ছোৱা হৈছে এটি শিশুৰ প্রাপ্তবয়স্ক অৱস্থালৈ যাত্রাৰ সময়৷ এই সময়ছোৱাত শাৰীৰিক, মানসিক পৰিৱর্তনৰ লগত প্রচুৰ আৱেগক সংঘটিত হয়৷ ‘ডাঙৰ হোৱা’ৰ অনুভৱ এটাৰে তেওঁলোকে নতুন দৃষ্টিভংগীৰে পৃথিৱীখনক চাবলৈ শিকে৷ এই সময়ছোৱাত কিশোৰ–কিশোৰীসকলক্ আটাইতকৈ প্রভাৱিত কৰে সমনীয়া বন্ধুবর্গই৷ কৈশোৰ কালত নিজৰ সামাজিক স্থিতি, স্থান, গুৰুত্ব, আত্মসন্মান, আনৰ আগত নিজক বিশেষ কৰি তোলাৰ ইচ্ছা আদিক লৈ তেওঁলোক স্পর্শকাতৰ হৈ পৰে৷ বহু সময়ত আনৰ লগত নিজৰ তুলনা কৰি উচাত্মিকাবোধ নতুবা নিচাত্মিকতাবোধত ভোগা, আনৰ জীৱনটোক নিজে যাপন কৰিব খোজা, নিজৰ প্রাপ্য আৰু প্রাপ্তিক লৈ অসন্তুষ্টি আদিও এই সময়ছোৱাত দেখা পোৱা যায়৷ যিহেতু কৈশোৰ কালত তেওঁলোক যথেষ্ট সংবেদনশীল হৈ থাকে, সেয়ে অভিভাৱকসকলেও কৌশলগতভাৱে ব্যৱহাৰিক সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত৷
যদি আপোনাৰ সন্তানে সহপাঠীক দেখি নতুন নতুন বস্তু বিচাৰিছে, তেন্তে কি কৰা উচিত? প্রথমেই মনত পেলাওক জীৱনত আপুনিও বয়সৰ এই স্তৰ পাৰ হৈ আহিছে৷ সেই সময়ছোৱাত হয়তো আপোনাৰ ক্ষেত্রতো তেনে কিছুমান কথা হৈছিল, যিবোৰ এতিয়া আপোনাৰ সন্তানৰ মনোজগতখনত হৈ আছে৷ হয়তো প্রয়োজন আৰু ইচ্ছাবোৰৰ পার্থক্য আছিল সময়ৰ লগত মিলাকৈ৷ উদাহৰণ স্বৰূপে আপোনাৰ যদি এযোৰ নফটা চেণ্ডেল পিন্ধাৰ হাবিয়াস হৈছিল, আপোনাৰ সন্তানৰ এই হাবিয়াস এটা স্মার্ট ডিভাইচৰ প্রতি হ’ব পাৰে৷ এয়া সকলোৰে ক্ষেত্রতে স্বাভাৱিক৷ সেয়ে সন্তানক মিতব্যয়ী হ’বলৈ শিকাবলৈ যাওঁতে বাৰে বাৰে নিজৰ জীৱনৰ লগত তুলনা কৰি হেঁচা প্রয়োগেৰে কথা শুনাব নালাগে৷ আপুনি ডাঙৰ হোৱাৰ সময় আৰু পৰিৱেশতকৈ আপোনাৰ সন্তানটিৰ ডাঙৰ হোৱাৰ সময় আৰু পৰিৱেশৰ মাজত পার্থক্য আছে৷
বহুতো সন্তানে বস্তু বিচৰাৰ লগে লগে নিজৰ জীৱন কাহিনী শুনাই গালি পাৰিবলৈ আৰম্ভ কৰে৷ তাৰ সলনি সেই কথাখিনি সাধাৰণ কথা–বতৰাৰ মাজত বা শৈশৱৰে পৰা সাধুৰ দৰে ক’ব পাৰে৷ তেনেকৈ সন্তানে এই জটিল সংগ্রামখনৰ বিষয়ে জনাৰ লগতে শুনিবলৈও আগ্রহী হ’ব৷ গালি বা অত্যধিক বুজনিৰ মাজেৰে ক’লে কথাখিনি শুনাৰ আগ্রহো তেওঁলোকৰ নাথাকিব৷
কেঁচুৱাৰে পৰা সন্তানক সেইখিনি বস্তুহে দিয়ক, যিখিনিৰ নিতান্তই প্রয়োজন আছে৷ সেয়া লাগিলে কাপোৰ হওক বা খেলনা৷ সন্তানৰ লগতে নিজেও নিতান্তই প্রয়োজনীয়খিনিতে চলাৰ অভ্যাস কৰক৷ যাতে সন্তানে চকুৰ আগত দেখি বা শৈশৱৰে পৰা তেনেকৈ চলি সেই জীৱন প্রণালীৰ লগত অভ্যস্ত হয়৷ মাজত ধৰি মিতব্যয়ী কৰিবলৈ চেষ্টা কৰিলে সফল নহ’বও পাৰে৷ ঘৰত থকা শিশু সন্তানলৈ নিতৌ কামৰ পৰা বাহিৰৰ পৰা আহোঁতে ‘কিবা এটা’ অনাৰ অভ্যাসটো একেবাৰেই নকৰিব৷ বাহিৰত কাম কৰিবলৈ যোৱাটো যে অপৰিহার্য প্রয়োজন আৰু কামৰ পৰা আহোঁতে সদায়ে আব্দাৰ অনুসৰি কিবা এটা অনাটো যে জৰুৰী নহয় তাক পিছত বুজাবলৈ অসুবিধা৷
সন্তানক ঘৰৰ বস্তু–বেহানিৰ কথা বুজাবলৈ যাওঁতে বস্তুটো কিমান দামী সেইটো কোৱাৰ পৰিৱর্তে কিমান প্রয়োজনীয় সেইটো কথাতহে গুৰুত্ব দিব লাগে৷ সৰুৰে পৰা সাঁচি ৰখাৰ কাৰণে উৎসাহিত কৰা উচিত৷ প্রতি মাহে হাত খৰচ হিচাপে সন্তানক কেইটামান পইচা নিজাকৈ থ’বলৈ দায়িত্ব দিব পাৰে৷ সেইখিনিৰ পৰা চান কাঢ়ি থোৱা পইচা একগোট কৰি পিছত বেংকতো থ’বলৈ উৎসাহ দিব পাৰে৷ এনে কৰিলে সন্তানটিয়ে দায়িত্বৰ গুৰুত্ব অনুভৱ কৰিব৷ সন্তানে কৰা ভাল কামৰ বাবে বস্তু আদিৰে পুৰস্কৃত কৰাৰ পৰিৱর্তে ট’কেন দিয়াৰ ব্যৱস্থা কৰিব পাৰে৷ সেই ট’কেনত নির্ধাৰিত অনুসৰি ভাল লগা কাম বা ইচ্ছা পূৰণ কৰিবলৈ সুবিধা দিব পাৰে৷
নিজৰ অর্থনৈতিক অৱস্থাৰ কথা সন্তানে বুজি নাপাব বুলি খোলাকৈ পতা নাযায়৷ কিন্তু শৈশৱৰে পৰা শিশুৱে বুজি পাব পৰাকৈ সহজ ভাষাত নিজৰ আর্থিক অনাটন বা সামর্থ্যৰ বিষয়ে কোৱা উচিত৷ শিশুটিয়ে এইটো জনা দৰকাৰ যে পিতৃ–মাতৃয়ে লাগ বুলিলেই কিবা এটা বস্তু আনি দিব নোৱাৰিবও পাৰে৷ ঘৰৰ সিদ্ধান্তবোৰ লওঁতে বা মাহিলি বাজেট প্রস্তুত কৰোঁতে কৈশোৰত ভৰি দিয়া সন্তানটিকো লগত লওঁক আৰু মতামতৰ বাবে উৎসাহী কৰক৷ তেনে কৰিলে সন্তানটিয়ে কাংক্ষিত গুৰুত্ব লাভ কৰা যেন অনুভৱ কৰাৰ লগতে দায়বদ্ধ হ’বলৈ শিকিব৷ বজাৰ কৰিবলৈ যাওঁতে সন্তানটোক লগত নিয়ক বা পাৰিলে কিছুমান বজাৰৰ দায়িত্ব দিয়ক৷ বস্তুৰ দাম আৰু জীৱন নির্বাহৰ প্রয়োজনবোৰৰ যোগসূত্রৰ বিষয়ে এনেদৰেই শিকিব৷
কেৱল অর্থ বা বস্তুৰ গৰাকী হোৱা মানেই সমাজত, বন্ধুৰ আগত মান্যতা পোৱা নাযায় এই কথা অনুভৱ কৰোঁৱাতো জৰুৰী৷ বিশ্বত এনে বহু লোক আছে, যি দুর্দশাৰ মাজত ডাঙৰ হৈও বৰেণ্য৷ তেনে ব্যক্তিৰ বিষয়ে মাজে মাজে কথা পাতক, নিজে পঢ়ক আৰু সন্তানকো পঢ়িবলৈ উৎসাহ দিয়ক৷ সন্তানৰ ভাল গুণ আদিৰ সঁচা প্রশংসা কৰক৷ প্রশংসাই মানুহক আত্মবিশ্বাসী কৰে৷ পাঠ্যপুথিৰ লগতে আন পাৰদর্শিতা থকা দিশবোৰত প্রদর্শন কৰিবলৈ উৎসাহ যোগাওক, যাতে নিজৰ সামাজিক স্থিতিৰ ক্ষেত্রত তেওঁলোক আত্মবিশ্বাসী হয়৷ পিতৃ–মাতৃৰ পৰা আহৰণ কৰা অর্থ ক্ষন্তেকীয়া৷ দীর্ঘজীৱনৰ বাবে সন্তানক অর্থনৈতিকভাৱে সবল কৰি তুলিবলৈ তেওঁলোকক উপযুক্ত কৰি তোলাটোহে জৰুৰী, এই কথা পিতৃ–মাতৃয়ে মনত ৰখা উচিত৷ সেয়ে আছে বাবেই হাত উজাৰি খৰচ কৰাটো অপ্রয়োজনীয়৷ সন্তানক অভাৱ অনুভৱ কৰিবলৈ শিকাওক৷ যাতে বস্তুৰ মূল্য বুজি পায় আৰু নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ শিকে৷
যিকোনো প্রয়োজনত টকা বা বস্তু দিয়াৰ আগতে ভালদৰে যুক্তিপূর্ণ কাৰণ দর্শাবলৈ শিকাওক৷ খোজাৰ লগে লগে যে নাপাবও পাৰে তাক সন্তানটিয়ে জনা উচিত৷ শিক্ষানুষ্ঠানসমূহতো কিছুমান বিশেষ নিয়ম থকা দৰকাৰ৷ ইউনিফর্মৰ পোছাকৰ দৰে আন বস্তু শিক্ষানুষ্ঠানলৈ নিয়াৰ ক্ষেত্রত নির্দেশনা থাকিব লাগে, যাতে নিতান্তই প্রয়োজনীয় আৰু আর্থিক বৈষম্য চকুত নপৰা ব্যৱহার্য বস্তুহে ছাত্র–ছাত্রীয়ে আনিব পাৰে৷ একেবাৰে শেষত কওঁ সন্তানক মিতব্যয়িতাৰ পাঠ দিবলৈ যাওঁতে আপুনি সমানে শিকিব আৰু মানি চলিব লাগিব৷ আপোনাক দেখিহে তেওঁলোকে অনুকৰণ কৰিব৷