নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Google Photos আৰু ফ্রি নহয়! ১ জুনৰ পৰা দিব লাগিব টকা

এতিয়ালৈকে, Android ও iOS গ্ৰাহকসকলক বিনামূলীয়াকৈ গুগলে সীমাহীন ক্লাউড বেক আপ প্ৰদান কৰি আহিছে। অৱশ্যে, এই সীমাহীন ক্লাউড বেক আপ জুনৰ প্ৰথম দিনৰ পৰা সমাপ্ত হ’ব।

Google Photos হৈছে ইণ্টাৰনেটত ফটো বেকআপৰ বাবে অন্যতম শ্ৰেষ্ঠ প্লেটফৰ্ম। এই মাহৰ শেষৰ পৰা আৰু কোনো আনলিমিটেড ছবি আৰু ভিডিঅ’ বেকআপৰ অপশ্যন নাই।

নৱেম্বৰ ২০২০ত, গুগলে ঘোষণা কৰিছিল যে ১ জুন, ২০২১ৰ পৰা Google Photosত বিনামূলীয়া ‘উচ্চ মানদণ্ড’ৰ সীমাহীন বেকআপ সমাপ্ত হ’ব। ১ জুনৰ পৰা, সকলো গুগল গ্ৰাহকে বিনামূলীয়াকৈ ১৫ জিবি ছবি ক্লাউড বেকআপ কৰিবলৈ সক্ষম হ’ব। অতিৰিক্ত স্থানৰ প্ৰয়োজন হ’লে মূল্য দি Google One ক্ৰয় কৰিব পাৰি।

You might also like