নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহাৰৰ দ্বাৰা নিয়ন্ত্রণ প্রাক্ ঋতুজ উপসর্গ

-ডাঃ ৰফিক আলী

টিনাৰ মন বৰ বেয়া৷ এনেহেন বতৰ অথচ তাই ক’লৈকো ওলাই যাব পৰা নাই৷ প্রত্যেক মাহতে সেই একেই লেঠা৷ মাহেকীয়া হ’বৰ সাতদিনমান আগৰে পৰা তাইৰ মানসিক অৱস্থাৰ সম্পূর্ণ সলনি হয়৷ মন বিষণ্ণতাৰে ভৰি পৰে৷ শৰীৰটো ভাগৰ ভাগৰ লাগি থাকে৷ মল, বিশেষকৈ মূত্র যেন অবৰুদ্ধ হয়, ভালকৈ ওলাই নাহে…..আহ্ আৰু কত যে কিমান উপসর্গই দেখা দিয়ে তাৰ কোনো আদি অন্ত নাই৷ এইবাৰো টিনাৰ সেয়াই হ’ল৷ তাকো এইহেন ফাকুৱাৰ সময়ত৷ এইবোৰ সমস্যাক প্রাক্ ঋতুজ লক্ষণৰ সামগ্রিকতা(Premenstrual syndrome, চমুকৈPMS) বোলা হয়৷ টিনাৰ দৰে বহুতৰে ঋতুৰ আগমুহূর্তত এনে অৱস্থা হয়েই৷ সাত দিনমান আগৰে পৰা মূৰ বিষায়, কঁকাল বা পিঠি বিষায়, দেহৰ সন্ধিবোৰ বিষায়, শৰীৰৰ ওজন বাঢ়ে, মাংসপেশীও বিষায়, কোনো খাদ্যৰ প্রতি আগ্রহ বাঢ়ে, মানসিক অৱস্থাৰ সম্পূর্ণ পৰিৱর্তন হয়, ইত্যাদি৷ মাহেকীয়া হৈ যোৱাৰ পিছত এই লক্ষণসমূহ নিজে নিজে নোহোৱা হৈ স্বাভাৱিক নাৰী বা যুৱতীৰ ৰূপ লয়৷ পাছত পুনৰ ঋতুৰ সময়ত আকৌ এই লক্ষণসমূহৰ আৱির্ভাৱ হয়৷

এই প্রাক্ ঋতুজ লক্ষণসমূহৰ চিকিৎসা নোহোৱা নহয়৷ চিকিৎসাতকৈ প্রাকৃতিক বিধানেৰে ইয়াৰ নিৰাময় বেছি উপযোগী৷ টিনাৰ লগতে যিসকল মহিলা বা যুৱতী ইয়াৰ ভুক্তভোগী, তেওঁলোকে খাদ্যাভ্যাস সামান্য সলনি কৰি আৰু নিয়মীয়া শাৰীৰিক ব্যায়ামৰ দ্বাৰাই এই নির্যাতনৰ পৰা মুক্ত হৈ থাকিব পাৰে৷ খাদ্যাভ্যাস সলনিৰ অর্থ এইটো নহয় যে পুৰণি খাদ্য দ্রৱ্য পৰিহাৰ কৰি কিছুমান নতুন খাদ্যসম্ভাৰক আগস্থান দিয়ক৷

কেলচিয়ামযুক্ত আহাৰ বেছিকৈ খাওকঃ
মানৱ শৰীৰ গঠনত কেলচিয়ামৰ এক বিশেষ ভূমিকা আছে৷ মানসিক, বিশেষকৈ আৱেগিক লক্ষণসমূহ, কোনো খাদ্য বিশেষৰ প্রতি বিৰূপতা অথবা কোনো খাদ্যৰ প্রতি অকাৰণতে আগ্রহী হৈ পৰা, তৰলভাগৰ অৱৰোধ অথবা শিলামূৰীয়ে ধৰাৰ নিচিনা কেতবোৰ বিশেষ ৰোগ যথোপযুক্ত কেলচিয়ামৰ সহায়ত দূৰ কৰিব পাৰি৷ নিয়মীয়াকৈ ১০০০ৰ পৰা ১২০০ মিঃ গ্রাম কেলচিয়াম গ্রহণ কৰিব পাৰিলে এই উপসর্গসমূহ দূৰতেই বিদূৰ কৰিব পাৰি৷ ১০০০–১২০০ মিঃ গ্রাম কেলচিয়ামৰ বাবে বেছি কষ্ট কৰিব নালাগে বা খুব বেছি খাদ্য দ্রৱ্যৰো প্রয়োজন নহয়৷ চর্বিযুক্ত তিনি কাপ গাখীৰেই যথেষ্ট৷ অন্যান্য খাদ্য যেনে– মাছ, মাছৰ কাঁইট, মাংস আৰু ইয়াৰ হাড়, কণী, সতেজ শাক–পাচলি, নানা ধৰণৰ ফল–মূল আৰু শস্যজাতীয় আহাৰত প্রচুৰ পৰিমাণে কেলচিয়াম থাকে৷
বহুতো যুৱতী বা মহিলাই আকৌ গাখীৰ নাখায়৷ তেওঁলোকেও বৰ চিন্তা কৰিব নালাগে৷ আজিকালি বজাৰত পোৱা সুগন্ধী গাখীৰ(Flavoured Milk) বা গাখীৰ সংযুক্ত চক’লেট অথবা ফল–মূলৰ ৰস খালেই হ’ল৷ যদি গাখীৰ–চেনি বা শর্কৰা সহ্য কৰিব নোৱাৰে, অর্থাৎ খালেই পেট বা গা বেয়া লাগে, তেন্তে কিবা খাদ্যৰ সৈতে মিহলাই অলপ অলপকৈ গাখীৰ খাব পাৰে৷ আংশিকভাৱে হজম হ’লেও দৈ সহজেই সহনীয়৷ সেইবাবে নিয়মীয়াকৈ কেলচিয়াম সেৱন কৰিবলৈ হ’লে প্রচুৰ পৰিমাণে দৈ মন্থিত গাখীৰ আৰু চর্বিযুক্ত প্রাণী প্রচুৰ পৰিমাণে খাব পাৰে৷ অথবা অথবা এইবোৰৰ পৰিৱর্তে বজাৰত সহজে পোৱা কেলচিয়াম সেৱন কৰিব পাৰে৷ অৱশ্যে অতিৰিক্তকৈ বা পৰিপূৰকভাৱে কেলচিয়ামৰ বড়ি সেৱন কৰাৰ পূর্বে চিকিৎসকৰ পৰামর্শ ল’বলৈ নাপাহৰে যেন৷

মেগনেছিয়ামৰ প্রতিও গুৰুত্ব দিয়কঃ
এক নির্ভৰযোগ্য পৰীক্ষাৰ দ্বাৰা জানিব পৰা গৈছে যে যিসকল মহিলা বা যুৱতী প্রাক্ ঋতুজ উপসর্গত আক্রান্ত হয়, তেওঁলোকৰ শতকৰা ৫০ ভাগৰে শৰীৰত মেগনেছিয়ামৰ পৰিমাণ কম পোৱা গৈছে৷ আনকি জিংককে ধৰি ফেটি এচিড, ভিটামিন বি আদিৰ অভাৱৰ পৰাও তেওঁলোক মুক্ত নহয়৷ যিসকলে যথেষ্ট পৰিমাণে মেগনেছিয়াম পোষকদ্রব্য থকা খাদ্য গ্রহণ কৰে, তেওঁলোক প্রাক্ ঋতুজ উপসর্গৰ পৰা মুক্ত হৈ থাকে৷ আনকি যথোপযুক্ত পৰিমাণে মেগনেছিয়াম গ্রহণ কৰিলে মানসিক অৱস্থাকে ধৰি মূৰৰ বিষ পর্যন্ত নোহোৱা হয়৷ সেইবাবে অধিক পৰিমাণে মেগনেছিয়াম থকা খাদ্য, যেনে সকলো ধৰণৰ শস্য, বাদাম, মাহ, মচুৰ দাইল, শুকান ফল, মটৰমাহ প্রচুৰ পৰিমাণে খাব লাগে৷

ভিটামিন ‘ বি ৬’ৰ প্রতিও সাৱধান হওক
অনুসন্ধানৰ দ্বাৰা পৰীক্ষিত হৈছে যে নিতৌ ১০০ মিলিগ্রামকৈ ভিটামিন বি৬ বা পাইৰডক্সিন সেৱন কৰিলে প্রাক্ ঋতুজ উপসর্গীয় বিষণ্ণতা বাঢ়ে৷ তদুপৰি এইবিধ ভিটামিন প্রয়োজনতকৈ অধিক পৰিমাণে সেৱন কৰিলে স্নায়ু–দৌর্বল্য বৃদ্ধি পায়৷ মাছ, মাংস, আলু, ফল, মাহ আদিয়েই হৈছে ইয়াৰ প্রধান উৎস৷ সেইবাবে ইয়াক পৃথককৈ নাখাই নিয়মীয়াকৈ মাছ, মাংস, কল আদি খালেই হ’ল৷

ভিটামিন ‘ই’ খাওকঃ
নিতৌ ৪০০ আন্তর্জাতিক একক পৰিমাণত ভিটামিন ‘ই’ সেৱন কৰিলে প্রাক্ ঋতুজ উপসর্গজনিত আৱেগ আৰু শাৰীৰিক লক্ষণসমূহ নিৰাময় হয়৷ প্রাণীৰ জীৱকোষ, বনস্পতি, কণীৰ কুহুম, মাখন, বিভিন্ন শাক–পাচলি আৰু ফল–মূলত প্রচুৰ পৰিমাণে ভিটামিন ‘ই’ পোৱা যায়৷ ঋতুৰ সাত দিন পূর্বৰে পৰা এই আহাৰসমূহ অধিক পৰিমাণে সেৱন কৰি থকা উচিত৷

ভোকত নাথাকিবঃ
প্রাক্ ঋতুজ উপর্সগৰ পৰা ৰক্ষা পাবলৈ হ’লে আপুনি নিয়মীয়াকৈ খাদ্য খাবই লাগিব৷ অধিক সময় কেতিয়াও নোখোৱাকৈ নাথাকিব৷ দুটা প্রধান আহাৰৰ মাজৰ সময়খিনি বেছি দীঘলীয়া হ’লে মাজভাগতে এবাৰ বা দুবাৰ লঘু ভোজন কৰিব লাগে৷ আপুনি যদি দীর্ঘ সময় ধৰি নোখোৱাকৈ থাকে, তেন্তে তেজত থকা চেনিৰ পৰিমাণ হ্রাস পাব৷ ফলত আপোনাৰ শাৰীৰিক শক্তিও সেই অনুপাতে কমি যাব আৰু প্রাক্ ঋতুজ উপসর্গৰ আৱির্ভাৱ ঘটিব৷ মনত ৰাখিব, লঘু আহাৰ হ’লেও সেয়া পুষ্টিমানবিশিষ্ট আৰু সুষম খাদ্য হোৱা উচিত৷ আহাৰৰ আগতে প্রচুৰ পৰিমাণে সতেজ ফল–মূল, চালাড, কেঁচা পাচলি আদি খোৱাৰ অভ্যাস কৰিব লাগে৷

কার্যক্ষম বা তৎপৰ হওকঃ
এণ্ডৰফিন মাৰ বিশেষ ধৰণৰ ৰাসায়নিক পদার্থ এবিধৰ অভাৱ ঘটিলেই প্রাক্ ঋতুজ উপসর্গৰ আৱির্ভাৱ হয়৷ এই ৰাসায়নিক পদার্থবিধে আৱেগিক আৰু মানসিক অৱস্থাত বিশেষভাৱে প্রভাৱ পেলায়৷ নিয়মীয়াকৈ কৰা শাৰীৰিক ব্যায়ামে ইয়াৰ অভাৱ ঘটিবলৈ নিদিয়ে৷ সেইবাবে নিতৌ শাৰীৰিক ব্যায়াম কৰক৷ সদায় ৩০ৰ পৰা ৪৫ মিনিট সময় ধৰি খোজ কাঢ়ক৷ এই খোজকঢ়া কার্যই কেলৰি ক্ষয় কৰাৰ উপৰি প্রাক্ ঋতুজ উপসর্গজনিত ওজন বৃদ্ধিৰ পৰা আপোনক ৰক্ষা কৰিব৷

শৰীৰৰ অতিৰিক্ত চর্বি কমাওকঃ
আন এটা পৰীক্ষাৰ দ্বাৰা প্রমাণিত হৈছে যে চর্বিমুক্ত নিৰামিষাহাৰী মহিলা বা যুৱতীসকলে এই উপসর্গৰ পৰা আঁতৰি থাকিব পাৰে৷ চর্বি জাতীয় আহাৰ কমাই খালে ইষ্ট’জেন হৰম’ন কমকৈ সঞ্চালিত হয় আৰু তেতিয়া এই উপসর্গসমূহো কমি থাকে৷ সেইবাবে ভজা–পোৰা আৰু অধিক তেলত ৰন্ধা খাদ্য খোৱাৰ পৰা পার্যমানে আঁতৰি থাকিব পাৰিলে ভাল৷

চেনি কমাই খাওকঃ
বিভিন্ন ধৰণৰ মিঠাই, কেক, বিস্কুট, চকলেট আদি যথেষ্ট পৰিমাণে চেনি থাকে৷ এইবোৰ খাদ্য বেছিকৈ খালে তেজত চেনিৰ পৰিমাণ বাঢ়ে আৰু লগে লগে ভাৰসাম্যও নষ্ট হয়৷ সেইবাবে এনেবোৰ খাদ্য কমকৈ খোৱা অথবা পৰিহাৰ কৰাই শ্রেয়৷

নিমখ বেছি পৰিমাণে নাখাবঃ
নিমখত থকা ছডিয়ামে শৰীৰৰ ভিতৰ ভাগৰ তৰল ভাগ অবৰুদ্ধ কৰি ৰাখে৷ সেইবাবে আহাৰত নিমখৰ পৰিমাণ কমাই খালে প্রাক্ ঋতুজ উখহা, স্তনৰ স্পর্শকাতৰতা আদি সম্ভাৱনা কমে৷ ছডিয়ামৰ পৰিমাণ কমাবলৈ আহাৰত নিমখ আৰু নিমখীয়া খাদ্য বস্তু পৰিমাণে কমাই খাওক৷ তাৰ ঠাইত প্রচুৰ পৰিমাণে পানী খাওক৷

চাহ–কফী আদি কমাই খাওকঃ
মাহেকীয়া হোৱাৰ প্রায় এসপ্তাহ আগৰে পৰা চাহ, কফী, শীতল পানীয় আদি খাবলৈ এৰক অথবা খোৱাৰ পৰিমাণ কমাই আনক৷ কাৰণ, এনেবোৰ খাদ্যত থকা কেফেইনে নিদ্রাহীনতা, উত্তেজনা আৰু মানসিক বিষণ্ণতাৰ সৃষ্টি কৰে৷

এলকহল অধিক পতিৰমাণে নাখাবঃ
এলকহলে মগজুলৈ তেজ প্রবাহিত হোৱাত বাধা জন্মায়, যাৰ ফলত মূৰৰ বিষ বাঢ়ে৷ সেইবাবে আপুনি যদি মদ্যপান সেৱনত অভ্যস্ত, তেন্তে ইয়াৰ পৰিমাণ কমাওক৷ অন্ততঃ দিনত দুটা পেগতকৈ অধিক কেতিয়াও সেৱন নকৰিব৷
প্রাক্ ঋতুজ সমস্যাসমূহৰ পৰা হাত সাৰিবলৈ আপুনি এইখিনি কৰিবই লাগিব৷ নিতৌ যথেষ্ট পৰিমাণে গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্য, শস্যজাতীয় আহাৰ, কলকে ধৰি বিভিন্ন ফল–মূল, সেউজীয়া শাক–পাচলি, মচুৰ দাই, বীন, কুকুৰাৰ মাংস, বাদাম, বনস্পতি আদি সঠিক অনুপাতত খাবই লাগিব৷ অন্ততঃ মাহেকীয়া হোৱাৰ সাত দিন মানৰ আগৰে পৰা খাবলৈ লওক৷ এনে খাদ্যাভ্যাসত অভ্যস্ত হ’বলৈ অন্ততঃ চাৰি মাহ চেষ্টা চলাওক৷ দেখিব, আপুনি অভ্যস্ত হৈ গৈছে আৰু আপোনাৰ শৰীৰ তথা মনত কোনো ধৰণৰ প্রাক্ ঋতুজ লক্ষণ নাই৷

থূল–মূলকৈ দৈনন্দিন কার্যসূচীখনঃ

  • সতেজ ফল–মূল আৰু সেউজীয়া পত্রবহুল শাক–পাচলি বেছিকৈ খাওক৷
  • শুকান ফলো খাবলৈ লওক৷
  • মেগনেছিয়াম, লৌহ, জিংক, ক্র’মিয়াম আদি খনিজ পদার্থ, প্রয়োজনীয় ফেটি এচিড আৰু ভিটামিন বি, চি তথা ই থকা খাদ্য–সম্ভাৰ অধিক পৰিমাণে খাবলৈ লওক৷
  • আহাৰ নোখোৱাকৈ নাথাকিব৷ এইকেইদিনত অর্থাৎ মাহেকীয়াৰ এসপ্তাহ আগৰে পৰা উপবাস বর্জন কৰিব৷
  • দুটা গুৰু আহাৰৰ মাজভাগত লঘু আহাৰ খাওক৷ আমি সাধাৰণতে দুপৰীয়া, ৰাতি আৰু পুৱা আহাৰ খাওঁ৷ এই তিনিটা মুখ্য আহাৰৰ মাজভাগত অর্থাৎ পুৱা দহমান বজাত আৰু গধূলি লঘু আহাৰ খোৱাটো বাঞ্ছনীয়৷
  • দুপৰীয়া আৰু ৰাতিৰ আহাৰত প্রচুৰ পৰিমাণে প্র’টিনজাতীয় খাদ্য খাওক৷
  • নিমখ আৰু নিমখীয়া খাদ্য কমাই খাওক৷
  • চেনি কেতিয়াও বেছিকৈ নাখাব
  • মাহেকীয়া হৈ থকাৰ সময়ত নিতৌ অতিৰিক্তকৈ ৫০০ কেলৰি শক্তিৰ প্রয়োজন হয়৷ সেইখিনি যোগান ধৰিব পৰাকৈ খাদ্য খাওক৷
  • চাহ, কফী, শীতল পানীয়, চকলেট আদি পৰালৈকে নাখাব৷

মাহেকীয়া হোৱাৰ পূর্বৰে পৰা মানসিক চাপ কমাবলৈ চেষ্টা কৰক৷ তাৰ বাবে যোগ্যাভ্যাস বা ধ্যান কৰিব পাৰে৷ আপোনাৰ মনে বিচৰা সংগীতো শুনিব পাৰে৷
ফোনঃ ৯৮৬৪০৪২১৫১

You might also like