নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ নেমু এটা যাদুকৰী ফল

-ড০ মহেশ গগৈ

দেশ–বিদেশৰ বজাৰত অসমৰ নেমু লাভজনক দামত বিক্রী হোৱা খবৰটো সংবাদ মাধ্যমত বহুলভাৱে প্রকাশ পাইছে৷ প্রাপ্ত তথ্য অনুযায়ী শদিয়াৰ পৰা ধুবুৰীলৈকে বহু লোকে নেমু খেতিত মনোনিৱেশ কৰিছে যদিও সততে দেখা দিয়া কেতবোৰ সমস্যাই তেখেতসকলৰ কৃষিকর্মত ব্যাঘাত জন্মাইছে৷ সেই সমস্যাবোৰৰ ভিতৰত বিশুদ্ধ জাতৰ নেমুৰ পুলি বিচাৰি নোপোৱা, লাগনি গছত পোক–পৰুৱাৰ উপদ্রৱ, বিক্রী নোহোৱা ফল নষ্ট হোৱা আৰু ফল বেচিবলৈ উপযুক্ত বজাৰ এখন বিচাৰি নোপোৱাই হ’ল প্রধান৷ সৰুতে ঘৰত নেমু এজোপা লগোৱাৰ পৰা গৱেষণা কৰোঁতে হোৱা অভিজ্ঞতাক সাৰথি কৰি যুগুতোৱা প্রবন্ধ পঢ়ি মোক বহুতে ইটো–সিটো কথা সোধে আৰু পার্যমানে সহজ ভাষাৰে কথাবোৰ বুজাই দিবলৈ চেষ্টা কৰি আহিছেছা৷ তাৰ ভিতৰৰে কেইজনমান উদীয়মান শিক্ষিত যুৱকে নেমু খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে৷ সেয়ে তেখেতসকলৰ বিষয়ে বহলাই লিখাৰ পৰিকল্পনা এটা মনতে পাঙি থৈছেছা৷ এই কথা পুনৰ দোহাৰিব বিচাৰোঁ যে সম্প্রতি নেমুৱে ৰাজ্যখনৰ ভিতৰে–বাহিৰে গুৰুত্ব লাভ কৰিছে আৰু তাৰ সমান্তৰালভাৱে অঞ্চলবিশেষে ‘নেমু খেতি’ সংগঠিত ৰূপত আগবঢ়াই নিবলৈ সচেতনভাৱে চেষ্টা কৰা পৰিলক্ষিত হৈছে৷
ইতিপূর্বে ‘নিয়মীয়া বার্তা’ত প্রকাশিত লেখাত নেমু খেতিৰ উজ্জ্বল সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছিলোঁ৷ নেমুৰ ৰসত থকা পুষ্টি দ্রব্যবোৰৰ বিষয়েও তাত উল্লেখ কৰিছিলোঁ৷ তৎসত্ত্বেও নেমুটোৰ গঠনৰ লগতে পুষ্টিগুণৰ বিষয়ে বহু কথাই ক’বলৈ আছে৷ সেই উদ্দেশ্য আগত ৰাখি নেমু খেতিৰ লগত জডিত ব্যক্তিসকলৰ সহায়ক হোৱাকৈ পুনৰ একাষাৰ লিখিবলৈ মন কৰিলোঁ৷প্রিয়পাঠক, আপোনালোকে নিশ্চয় এই কথাটো মন কৰিছে যে ক’ৰোনা ভাইৰাছৰ আক্রমণৰ পৰা নিজকে বচাই ৰাখিবলৈ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বা অসংক্রাম্য গুণ বৃদ্ধি কৰাৰ বাহিৰে আমাৰ হাতত আন উপায় নাই৷ টিকাকৰণৰ যোগেদি চৰকাৰে এই কামভাগি সফল কৰি তুলিবলৈ অহর্নিশে চেষ্টা অব্যাহত ৰাখিছে যদিও কাল ক’ৰোনাই তাৰ জেনেটিক গঠন সলনি কৰি ক্রমান্বয়ে ভয়ানক হৈ পৰিছে৷ সেই কাৰণে নেমুৰ গুৰুত্ব বাঢ়িছে৷ অর্থাৎ নেমুৰ ৰসত উপলব্ধ হোৱা ছাইড্রিক এচিডৰ উপৰি সুষম পুষ্টিবোৰে আমাৰ বিপাক ক্রিয়া সম্পন্ন হোৱাত সহায় কৰি দেহৰ ৰোগ প্রতিৰোধী ব্যৱস্থাটো শক্তিশালী কৰি ৰাখে৷ তথ্য অনুসৰি ১০০ গ্রাম ওজনৰ নেমু এটাত শতকৰা ৮৯ ভাগ পানী, কার্ব’হাইড্রেট (৬.৯ গ্রাম), প্র’টিন (০.৪ গ্রাম), শর্কৰা (২.৫ গ্রাম), তৈল পদার্থ (০.২ গ্রাম), আঁহ (০.৩ গ্রাম), ভিটামিন – চি (৩৮ মিঃ গ্রাম), ভিটামিন –ই (০.১৫ মিঃ গ্রাম), ভিটামিন – বি ৬ (০.০৪ মিঃ গ্রাম), লৌহ পদার্থ (০.০৮ মিঃ গ্রাম), কেলচিয়াম (৬.০০ মিঃ গ্রাম), ছ’ডিয়াম (১.০০ মিঃ গ্রাম), মেগনেছিয়াম (৬.০০ মিঃ গ্রাম) আৰু পটাছিয়াম (১০৩ মিঃ গ্রাম) থাকে৷ নেমুটোত থকা খাদ্যগুণৰ হিচাপ ইমানতে শেষ হোৱা নাই৷ ডিম্বাকৃতিৰ নেমুটোৰ অন্তঃস্তকখন ভিতৰলৈ বাঢ়ি গৈ ফোটা বা কোঠালিৰ সৃষ্টি কৰে আৰু তাৰ ভিতৰত ৰসমোনাবোৰ সজ্জিত হৈ থাকে৷ আনহাতে বহিঃস্তক আৰু মধ্যস্তক লগ লাগি ফলটোৰ বাকলি বা ৰিণ্ডখন গঠিত হয়৷ এই বাকলিখনত কেইবাবিধো প্রতিজাৰক antioxidant) পদার্থ, যেনে– পেকটিন, এন্থছায়ানিন, বিটা–কেৰ’টিন, হেছপেৰেডিন, লিম’নিন আৰু নিৰিংগিন থাকে৷ এতেকে এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে নিতৌ অন্ততঃ ১০ মিঃ লিঃ নেমুৰ ৰস খাব পাৰিলেও দেহৰ ৰোগ প্রতিৰোধী ক্ষমতা অটুট থাকে বুলি গৱেষণাৰ দ্বাৰা নিশ্চিত কৰিছে৷ উল্লেখ্য যে আন নেমু প্রজাতিবোৰতকৈ অসমীয়া নেমু Citrus limon)ৰ আদৰ বেছি, ইয়াৰ মূলতে হ’ল নেমুৰ আকর্ষণীয় গোন্ধটো৷ সি যি কি নহওক, খাবলৈ কটা নেমু চিটাৰ পৰা ওলোৱা ফুৰফুৰীয়া গোন্ধটোৱে খাদ্যৰ ৰুচি বঢ়ায়৷ সেই কাৰণে আমাৰ জাতি নেমুটোক বহুতে যাদুকৰী ফল বুলি কয়৷

You might also like