নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেটটো ফুলি থকা অথবা গধুৰ গধুৰ লাগি থাকে নেকি! কি কৰিব?

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ আজিৰ সময়ত গেষ্ট্ৰিকৰ সমস্যা সকলোৰে বাবে এটা ডাঙৰ সমস্যা। পেট ফুলি থকা গধুৰ গধুৰ লাগি থকা আৰু অলপ কিবা খালেই বহুত খোৱাৰ দৰে লগা উগাৰ আহি থকাৰ দৰে সমস্যা এটা স্বাভাৱিক সমস্যা হৈ পৰিছে। খাদ্যাভাসৰ বাবে এনে সমস্যা হোৱা পৰিলক্ষিত হয়। এই সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব।
খোৱাৰ সময়ৰ তাৰতম্য ঘটিলে এনে হ’ব পাৰে। সময়মতে খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। দুপৰীয়া খাদ্যৰ আধাখিনিহে ৰাতি খাব লাগে।
খাদ্য খোৱাৰ সময়ত পানী খাই থাকিব নালাগে। ভালকৈ চোবাই খোৱাৰ লগতে লালটি গ্ৰন্থিৰ লগত মিলি যোৱাকৈ খাব লাগে।
চৰ্বীজাতীয় খাদ্য কমকৈ খাব লাগে। হজম প্ৰক্ৰিয়া লেহেম কৰি দিয়ে। গতিকে গাখীৰৰ পৰা তৈয়াৰী যিকোনো বস্তু খোৱাৰ অভ্যাস বাদ দিব পাৰিলে ভাল। আটা-ময়দাৰ বস্তুৱো কমকৈ খাব লাগে।
অতিমাত্ৰা নিমখৰ লগতে মিঠাজাতীয় বস্তু কমকৈ খাব লাগে লগতে আপোনাৰ যদি বীনজাতীয় পাচলি খাই পায় তেন্তে কমকৈ খোৱাৰ অভ্যাস কৰিব পাৰিলে ভাল।ইয়ো পেটত গেছৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। কবিজাতীয় পাচলিও গেছৰ বাবে অপকাৰী।
অতিমাত্ৰা গেছ উঠিলে আপুনি কি কৰিব, কি খাব—
ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী খাওঁক। নেমুৰ ৰস খাব পাৰিলেও স্বাস্থ্যৰ বাবে ভাল।
আদাই হজম শক্তি বৃদ্ধি কৰে। অমিতা, বীট, আনাৰস স্বাস্থ্যৰ  বাবে ভাল।
মিথিগুটি আৰু জিৰাগুৰি আৰু ক’লা নিমখ ব্যৱহাৰ কৰিব পাৰে।
সকলোৰে গেছৰ সমস্যা বেলেগ। খোৱাৰ পাছতে যিসকলে বিচনালৈ যায়, শোৱাৰ অভ্যাস আছে ই স্বাস্থ্যৰ বাবে অতি বিপদজনক। খোৱাৰ পাছত কিছুসময় খোজকাঢ়িলে ভাল যাতে খাদ্যবোৰ শৰীৰৰ পাচনৰসৰ লগত মিলি যায়। যিসকল লোকৰ গেছৰ সমস্যা অধিক তেওঁলোকে চিকিতসকৰ পৰামৰ্শ লোৱাটো ভাল।
You might also like