নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পকা নেমুটেঙা সংৰক্ষণৰ ঘৰুৱা উপায়

ড০ মহেশ গগৈ

প্রকৃতিৰ চিৰাচৰিত নিয়ম অনুযায়ী গছত লগা ফল পূৰঠ হৈ পকিবলৈ ধৰে আৰু পকা ফল এদিন নিজে নিজে সৰি পৰে৷ পূৰঠ ফল এটাৰ অন্তঃভাগত হোৱা শৰীৰ ক্রিয়াৰ বাবেই বাহ্যিক লক্ষণৰো পৰিৱর্তন হয়৷ আনহে নালাগে পকি সৰিবলৈ ধৰা ফলৰ পুষ্টিগুণো বহুখিনি লোপ পায়৷ সেই দিশটোলৈ লক্ষ্য কৰি সৰি পৰাৰ আগতেই গছৰ ফল ছিঙি খাব পাৰিলে আমাৰ দেহক প্রয়োজনীয় ভিটামিন আদি পুষ্টি পূৰামাত্রাত দিব পাৰি৷ আগতে প্রকাশ হোৱা লেখাটোত (নিয়মীয়া বার্তা, ১২–১০–২০২০) কৈছিলোঁৱেই যে বতৰ চাই নেমুপুলি কৰা বা ৰুব পাৰিলে যিদৰে ভাল ফলাফল আশা কৰিব পাৰি, ঠিক সেইদৰে গছত লগা ফল পূৰঠ হ’লে সেইবোৰ ছিঙি হয় বজাৰত বিকিব লাগে, নহয় সঠিক পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে৷

কাতিৰ মাজভাগৰ পৰা আৰম্ভ হোৱা খৰাং বতৰৰ বাবে পূৰঠ নেমুটেঙাবোৰ গছতে পকিবলৈ ধৰে৷ মাজে মাজে ছিঙি নাথাকিলে আটাইবোৰ নেমু একেলগে পকে আৰু তেতিয়া তেনেই পানী দৰত বিক্রী কৰাৰ বাহিৰে খেতিয়কৰ হাতত আন উপায় নাথাকে৷ অকল বাৰীৰ নেমুকেইটাকে লৈ বজাৰলৈ গ’লেও ইফালে পকা ধান চপোৱাৰ বতৰত সময় নষ্ট হয়৷ মূৰকত অতি যতন কৰি ৰোৱা নেমুজোপাই গুৰত্ব নাপায় বা প্রয়োজনীয় যত্নৰ অভাৱত এদিন মৰি থাকে৷ পৰিকল্পনাবিহীনভাৱ্ নেমুখেতি কৰা আৰু নেমুটেঙাৰ অর্থনৈতিক গুৰুত্ব বুজিবলৈ চেষ্টা নকৰাটোৱেই এই সমস্যাৰ প্রধান কাৰণ বুলিব পাৰি৷ সেয়ে গছত লগা নেমু ফলবোৰ বছৰৰ আৰম্ভণিৰ পৰাই ছিঙি নগৰৰ বজাৰত বিক্রী কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু পাইকাৰী ব্যৱসায়ীৰ লগত স্থায়ী বন্দৱস্ত কৰি ল’লে গোটেই বছৰ কিনা–বেচা চলি থাকিব৷ তাৰ পাছতো যেতিয়া গছত পকা নেমুৱে ভিৰ কৰিব, তেতিয়া সেই ফলবোৰৰ সংৰক্ষণৰ কথা ভাবিব লাগিব৷ উল্লেখ্য যে নেমু সম্পক্য় লেখা কিতাপ–কাকতত প্রকাশ পোৱাৰ পাছৰে পৰা নমস্য পাঠকসকলে বৰ আগ্রহেৰে মোক সোধে– পকা নেমুটেঙাবোৰ কিদৰে সংৰক্ষণ কৰিব পাৰি বা ফলৰ উচিত মূল্য পাবলৈ কেনেকুৱা ব্যৱস্থা গ্রহণ কৰিব পাৰি?

উল্লিখিত প্রশ্ণটোৰ উত্তৰত প্রথমে ক’ব বিচাৰোঁ যে ঘৰতে কৰিব পৰা সহজ উপায় দুটা হ’ল– (১) নেমুৰ ৰস সংৰক্ষণ কৰা আৰু (২) সুস্বাদু আচাৰ বনোৱা৷ ৰস সংৰক্ষণৰ বাবে বাচি লোৱা নেমুবোৰ পৰিষ্কাৰ পানীৰে ধুই লৈ ছিটা ছিটাকৈ কটাৰীৰে ফালি ল’ব লাগে৷ ডিলা আৰু গুটিবোৰ গুচাই হাতেৰে বা মেচিনৰ সহায়ত চেপি ৰসখিনি কাঁচৰ পাত্র এটাত ৰাখিব লাগে৷ সেইদৰে চেপি লোৱা নেমুৰ ৰস বৰফ কৰি Freezing) বা গৰম কৰি Heating) সংৰক্ষণ কৰিব পাৰি৷ প্রথম প্রক্রিয়াটোৰে কৰিবলৈ ল’লে নেমুৰ ৰসখিনি ফ্রীজত ৰাখি গোট মাৰিবলৈ দিব লাগে আৰু ৰসৰ টুকুৰাবিলাক কাঁচৰ বৈয়ামত বতাহ সোমাব নোৱাৰাকৈ সাঁফৰ মাৰি Caping) থ’ব লাগে৷ আনহাতে, নেমুৰ ৰস উতলাই গৰমে গৰমে বটলত ভৰাই টানকৈ মুখখন মাৰি থ’লে বহুদিনলৈকে ভালে থাকে৷ এই প্রক্রিয়াটোক পেষ্টৰীকৰণ বুলি জনা যায়৷ এতিয়া কথা হ’ল ৰস চেপি লোৱাৰ পাছত ৰৈ যোৱা বাকলিখিনি এনেয়ে পেলাই দিবনে? তাতকৈ গৰু–ছাগলীৰ বাবে সিজোৱা দানাৰ লগত মিহলাই সিহঁতক খাবলৈ দিলে নেমুৰ বাকলিখিনিও ব্যৱহাৰ হয় আৰু ঘৰৰ গৰু–গাইকেইটাৰো চেহেৰা ভাল হ’ব৷ অৱশ্যে নেমুৰ বাকলিৰ পৰা আচাৰো বনাব পাৰি৷ বাকলিৰ পৰা কৰাতকৈ সতেজ ফল ব্যৱহাৰ কৰিলে আচাৰৰ মান নিশ্চিতভাৱে ভাল হ’ব৷ সি যি কি নহওক, নেমুকেইটা পৰিষ্কাৰকৈ ধুই লোৱাৰ পাছত পাঁচ মিনিটমান উতলা পানীত সিজাব লাগে৷ সিজোৱা নেমুকেইটা ঠাণ্ডা কৰি কটাৰীৰে টুকুৰা–টুকুৰকৈ কাটিব লাগে৷ ডিলাৰ লগতে গুটিবোৰ পেলাই দিব৷ ইয়াৰ পাছত কাটি লোৱা নেমুৰ টুকুৰাবোৰত নিমখ সানি সাদিনমান থৈ দিব৷ ঢ়াকন মাৰিবলৈ কিন্তু নাপাহৰিব৷ এসপ্তাহৰ অন্তত নিমখ পানীৰ পৰা নেমুৰ টুকুৰাবোৰ তুলি আনি এটা কাঁচৰ পাত্রত ৰাখিব৷ পাকঘৰত যতনাই লোৱা চফ্, ধনিয়া আৰু যনিগুটি কেৰাহীত গৰম কৰি খুন্দি ল’ব৷ শুকান জলকীয়া দুটামানো গুড়ি কৰি ল’ব পাৰে৷ চিত্রত দেখুওৱাৰ নিচিনাকৈ মচলাৰ গুড়িখিনি চামুচ এখনেৰে নেমুৰ টুকুৰাবোৰৰ সৈতে মিহলাই সতেজ নেমু এটা চেপি ৰসখিনি উলিয়াই লৈ সেই ৰসখিনিও তাতে দিব আৰু দিনটো ৰ’দাব৷ সন্ধিয়ালৈ কেৰাহীত মিঠাতেল গৰম কৰি তাতে অকণমান হিং দি তেলখিনি ভালদৰে পকিবলৈ দিব৷ তেলৰ পাক ভালদৰে উঠাৰ পাছত ঠাণ্ডা হ’বলৈ কেৰাহীটো চৌকাৰ পৰা নমাই থ’ব৷ তাৰ পাছত আচাৰখিনি বহল মুখৰ কাঁচৰ বৈয়াম এটাত ভৰাই পকা তেলখিনি দি দিব আৰু টানকৈ সাঁফৰ মাৰিব৷ আচাৰৰ বটলটো দুদিনমান একেৰাহে ৰ’দত দিব৷ এইদৰে ঘৰতে সৰহকৈ নেমুৰ আচাৰ তৈয়াৰ কৰি বেচিবও পাৰে৷ তেতিয়া পকা নেমু এটাৰ মূল্য আশা কৰাতকৈও বেছি পোৱা যাব৷ এই কথা নক’লেও হ’ব যে লেখাটো পঢ়ি উঠি আপুনি হাতে–কামে কৰিবলৈ মন মেলিলেই গৰম ভাতৰ লগত এচামুচ আচাৰৰ জুতি ল’ব পাৰিব৷ আৰু দহো বন কাতি কৰি থৈ হ’লেও আচাৰ বনোৱা প্রশিক্ষণ এটাত ভাগ লৈ এই কামটো ভালদৰে শিকি ল’লে নিশ্চিন্তে আগবাঢ়িব পাৰিব৷

You might also like