নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠৰ পাটৰকুছিত ২০ লাখ টকাৰ ড্রাগ্ছসহ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ মহানগৰীৰ বশিষ্ঠ থানাৰ অন্তর্গত পাটৰকুছিত আজি অভিযান চলাই মহানগৰ আৰক্ষী অপৰাধ অনুসন্ধান শাখাই বশিষ্ঠ আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীজন শংকৰ দাস বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত শংকৰ দাসে দীর্ঘদিন ধৰি নিষিদ্ধ ড্রাগ্ছ সৰবৰাহত জড়িত আছিল৷ আৰক্ষী অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পমখেদি আজি সন্ধিয়া পাটৰকুছিত এ এছ–২৫–বিচি–৮৪৩৮ নম্বৰৰ এখন উবেৰ বাহনেৰে ড্রাগ্ছ সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰীটোক হাতে–লোটে কৰায়ত্ত কৰে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীটোৰ পৰা প্রায় ৭০০ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰাৰ লগতে ড্রাগ্ছ সৰবৰাহৰ অভিযোগত উবেৰ বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ড্রাগ্ছখিনিৰ মূল্য প্রায় ২০ লাখ টকা বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like