ক’ৰোনাৰ দ্বিতীয় ঢৌঃ সোৱাদ নোহোৱাৰ উপৰি মুখগহ্বৰত দেখা দিব পাৰে এই ৪ টা সমস্যা…
দেহত ক’ৰোনা উপস্থিত বুলি বুজাৰ প্ৰাৰম্ভিক লক্ষণটোৱে আছিল সোৱাদ আৰু গোন্ধ নোপোৱা। কিন্তু বৰ্তমানে ক’ৰোনাৰ দ্বিতীয় ঢৌত মুখগহ্বৰত আৰু বহুতো সমস্যাই দেখা দিছে।
শুকান মুখগহ্বৰঃ মুখৰ ভিতৰখন ক্ৰমশঃ শুকাই যায়। ওঁঠটো শুকান হৈ পৰে। মুখৰ ভিতৰৰ লেলাৱতি, যিয়ে মুখৰ ভিতৰত থকা বেয়া বেক্টেৰিয়াসমূহ ধ্বংস কৰে। ইয়াৰ শক্তিও হেৰুৱাইছে। লেলাৱতিও নোহোৱা হয়। ফলস্বৰূপে, মুখখন শুকাই গৈছে। যদি এই লক্ষণটো আপুনিও অনুভৱ কৰে, দ্ৰুত ক’ভিড পৰীক্ষা কৰা উচিত।
মুখৰ ভিতৰত ঘাঃ যদি মুখৰ ভিতৰত ঘা হয় আৰু গালত বিষ হয়। যাৰ ফলত মুখৰ ভিতৰখন পৰা বেয়া গোন্ধ ওলাই, তেন্তে গম পাব আপুনি দ্বিতীয় ক’ৰোনা ঢৌৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। কিয়নো, দেখা গৈছে মাৰাত্মক ভাইৰাছে মুখৰ ভিতৰত মাংসপেশীৰ ফাইবাৰকো আঘাত কৰিছে। আপোনাৰ মুখৰ ভিতৰ এনেই উখহিছে বুলি উপেক্ষা নকৰিব। সঠিক সাৱধানতা অৱলম্বন কৰিব।
জিভাত জ্বলা-পোৰাঃ ক’ৰোনা হ’লে জিভাত জ্বলা-পোৰা ভাব দেখা দিছে। ছালত সমস্যাও দেখা দিছে।
জিভাৰ ৰং সলনিঃ ক’ৰোনাৰ দ্বিতীয় ঢৌৰ এটা সমস্যা হৈছে জিভাৰ ৰঙৰ পৰিৱৰ্তন। সাধাৰণতে, শৰীৰত ৰোগ সৃষ্টি হ’লে জিভাৰ অবয়ব সলনি হয়। এই ক্ষেত্ৰতো একেই ঘটনা ঘটে। এই ক্ষেত্ৰত, যদি শৰীৰত কোনো অসুবিধা নহয়, কিন্তু জিভাৰ ৰং সলনি হয়, তেন্তে যত্ন লওক। ক’ভিড সোনকালে পৰীক্ষা কৰাওক।