নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নালাগে ভৰাব পেট্ৰ’লঃ এবাৰ চাৰ্জ দি চলাওক ১০০ কিলোমিটাৰ; বাইকখনৰ ওজন মাত্ৰ ৪০ কিলো

পেট্ৰ’ল, ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা হাত সাৰিবলৈ যদি ভাবিছে, তেন্তে আপোন কৰি লওক এই ই-বাইক। বিশ্বজুৰি সমাদৰ লাভ কৰিছে এই দ্ৰুতগতিৰ ই-বাইকখনে। ই-কমাৰ্চ কোম্পানী আলিবাবাই (Alibaba Group) এই এচকীয়া বাহন মুকলি কৰিছে।

এচকীয়া বাইক। সেয়াও চলে বিদ্যুতৰ সহায়ত। আলিবাবাৰ ই-বাহনখন বাইকপ্ৰেমীসকলৰ প্ৰতি এক গভীৰ আগ্ৰহ।

উল্লেখ্য যে এনে বাহনবোৰ চাৰ্কাচত দেখা যায়। কোম্পানীয়ে দাবী কৰে যে ব্যস্ত ৰাস্তাটো এই ই-বাহনখন চলাব পাৰি।

চালকজনে বাইকখন চলাবলৈ আগলৈ হেঁচা দিব লাগিব। পিছলৈ হাউলিলে লেহেমীয়া হ’ব বাইকখনৰ গতি।

ষ্টিল ট্রেলিছ ফ্রেমৰ (Trellis Frame) সৈতে ফক্স ফুয়েল টেঙ্ক আছে এই ই-বাইকখনত। তেলৰ টেংকিটোৰ ডিজাইন একেবাৰে ডুকাটি মনষ্টাৰৰ দৰেই (Ducati Monster)। লাল ট্রেলিছ ফ্রেমে (Red Trellis Frame) গাড়ীখনক এক শক্তিশালী ৰূপ দিছে। এচকীয়া বাহন যদিও পিছফালে বহাৰ স্থানো আছে। কিন্তু ই কিমান কাৰ্যকৰী সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ই-বাইকখনত ব্যৱহাৰ কৰা হৈছে পেনাচ’নিক বেটাৰি। সংস্থাৰ দাবী, এবাৰ চার্জ দিলে ৬০-১০০ কিলোমিটাৰ চলোৱা সম্ভৱ। সম্পূৰ্ণ চার্জ হ’বলৈ সময় লাগে ৩ ৰ পৰা ১২ ঘণ্টা।

ইপিনে ই-বাইকখনত ২,০০০ ৱাটৰ বৈদ্যুতিক মটৰ আছে। লগতে বাইকখনৰ সৰ্বাধিক গতিবেগ প্ৰতি ঘণ্টাত ৪৮ কিলোমিটাৰ। এই বাহনখন আন বাইকতকৈ যথেষ্ট পাতল। ওজন মাত্ৰ ৪০ কিলোগ্ৰাম।

You might also like