নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! কাগজৰ কাপত চাহ খাই নেকি? হ’ব পাৰে মাৰাত্মক ক্ষতি…

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ কাগজৰ কাপত প্ৰত্যেক দিনে চাহ (Tea)খাই নেকি? তেন্তে এতিয়াৰে পৰা সাৱধান হওক। খড়গপুৰ আইআইটিৰ (IIT Kharagpur) সাম্প্রতিক গৱেষণা জনা গৈছে, এই ধৰণৰ কাপত (Paper cups) এদিনত তিনিবাৰকৈ চাহ পান কৰিলে শৰীৰত ৭৫ হাজাৰ মাইক্রো প্লাষ্টিকৰ কণা প্রবেশ কৰে। যি অত্যন্ত ক্ষতিকাৰক।

 আইআইটিখনৰ সহযোগী অধ্যাপক আৰু গৱেষক দলৰ প্রধান সুধা গোয়েলে জনাইছে, কাগজৰ কাপ তৈয়াৰ কৰোতে হাইড্রোফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়। গৰম চাহ কাপত ঢালিলে সেই পদাৰ্থ মিহলি হৈ চাহৰ সৈতে শৰীৰত প্ৰৱেশ কৰে।

সুধা গোয়েলৰ কয়, ‘‘এই মাইক্রোপ্লাষ্টিকসমূহ ক্রোমিয়াম, কেডমিয়াম জাতীয় বিষাক্ত ধাতু, জৈৱ পদাৰ্থ ইত্যাদি থাকে। যিসমূহ পদাৰ্থ শৰীৰত প্রৱেশ কৰিলে গুৰুতৰ শাৰীৰিক সমস্যা হ’ব পাৰে।’’

উল্লেখ্য যে, সাধাৰণভাবে প্লাষ্টিকৰ কাপতকৈ কাগজৰ কাপ বেছি নিৰাপদ বুলি ভাবি সকলোৱে ব্যৱহাৰ কৰা দেখা যায়। কিন্তু সাম্প্ৰতিক গৱেষণাত এই কথা স্পষ্ট যে সেয়া অধিক নিৰাপদ নহয়।

You might also like