নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ছাইনাছাইটিছ

বসন্ত মজুমদাৰ

শ্বাসতন্ত্রৰ নলীটোৰ আৰম্ভণি অংশই হ’ল নাক৷ পঞ্চইন্দ্রিয়ৰ অন্যতম এই নাকটো উপাস্থি আৰু অস্থিৰে তৈয়াৰী৷ প্রকৃতিয়ে নাকটো সৃষ্টি কৰিছে উশাহ–নিশাহ লোৱাৰ বাবে৷ নাকৰ কার্য মূলতঃ শ্বাস–প্রশ্বাস লোৱাই লগতে গোন্ধ লোৱা৷ আমাৰ শ্বাসতন্ত্রৰ নাক এক প্রধান অংগ৷ নাকৰ ভিতৰখন মূলতঃ বায়ু চলাচলৰ বাবে সুচল, জীয়াই থাকিবলৈ উশাহ–নিশাহ ল’বই লাগিব৷ বায়ু নাথাকিলে কোনেও জীয়াই থাকিব নোৱাৰে৷ বায়ু নাকৰ পৰা ডিঙি, কণ্ঠনলী, শ্বাসনলী আদিৰে গৈ আমাৰ হাঁওফাঁওত প্রৱেশ কৰে৷ নাকৰ দুয়োটা ফুটাৰ মাজত এখন ছেপ্তাম বা বেৰ থাকে৷ নাকৰ ফুটাৰ ছেপ্তামত তিনিটা উখহা অংশ থাকে৷ ইয়াক টার্বিনেট বা শংকু বুলি কোৱা হয়৷ ওপৰৰ পৰা তললৈ প্রতিখন টার্বিনেটৰ তলত থকা লেটাৰেলবেৰৰ অংশখিনিক ক্রমে উচ্চ, মধ্য আৰু নিম্ন সুৰুঙা বা ছিদ্র বুলি কোৱা হয়৷ আৰু ইয়াতে নাকৰ বায়ুভাণ্ডাৰ বা ছাইনাছ আৰম্ভ হয়৷ এই ছাইনাছসমূহ হ’ল মেক্সিলাৰী, ফ্রণ্টেল, ইথময়ড, মেক্সিলাৰী ছাইনাছ থাকে এযোৰ৷ নাকৰ দুয়োফালে মেক্সিলাৰী নামৰ হাডৰ ভিতৰত এইবিধ ছাইনাছ থাকে৷ সকলো ছাইনাছৰ ভিতৰত এই দুটা ডাঙৰ আৰু এই ছাইনাছৰ অসুখতে মানুহে বেছিকৈ ভোগে৷ নাকৰ ওপৰফালে কপালৰ মাজত অৱস্থিত ছাইনাছৰ নাম হ’ল ফ্রণ্টেল ছাইনাছ৷ এই যোৰ ছাইনাছ নাকৰ লগত মধ্য ছিদ্রৰ যোগেদি সংযোজিত৷ আনহাতে ইথময়ড ছাইনাছ হ’ল কিছুমান সৰু সৰু ছাইনাছৰ সমষ্টি৷ ই নাকৰ ওপৰ আৰু পিছফালে অৱস্থিত৷
ছাইনাছসমূহে বহুতো গুৰুত্বপূর্ণ কার্য সম্পাদন কৰে৷ এইবোৰে শৰীৰক বহুতো ৰোগৰ বীজাণুৰ আক্রমণৰ পৰা সুৰক্ষিত কৰি ৰাখে৷ বিশেষকৈ মগজু গধুৰ হোৱা আদি সমস্যা প্রতিৰোধ কৰে৷ যদি ছাইনাছসমূহে নাথাকিলহেঁতেন তেতিয়া হ’লে মূৰটো খুব গধুৰ লাগিলহেঁতেন৷ মূৰটো গধুৰ হৈ থাকিলে স্বাভাৱিক কাম–কাজ সম্পাদনাত বাধাপ্রাপ্ত হয়৷ শ্বাস–প্রশ্বাসৰ সময়ত গ্রহণ কৰা বায়ুখিনি উষ্ণ আৰু আর্দ্র কৰি ৰখাত ইয়াৰ ভূমিকা গুৰুত্বপূর্ণ৷ এনেদৰে উষ্ণ আৰু আর্দ্র কৰি ৰখাৰ ফলত বীজাণুৱে শৰীৰত সহজে সংক্রমণ কৰিবলৈ সুযোগ নাপায়৷ শ্বাস–প্রশ্বাসৰ সময়ত গ্রহণ কৰা বায়ুখিনি যদি বেছি গৰম হয় তেতিয়াহ’লে বায়ুখিনিক ঠাণ্ডা কৰি শৰীৰত প্রৱেশ কৰাত সহায় কৰে৷ একেদৰে খুব ঠাণ্ডা বতাহো যাতে সহজতে প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে বায়ুখিনি গৰম কৰিবলৈ ই সতর্ক হৈ থাকে৷
এই ছাইনাছসমূহৰ প্রদাহকে ছাইনাছাইটিছ ৰোগ বুলি কোৱা হায়৷ বিভিন্ন কাৰণত ছাইনাছৰ প্রদাহ ঘটিব পাৰে৷ প্রদূষণৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে যিবোৰ ৰোগৰ প্রকোপ বৃদ্ধি পায়, সেইবোৰৰ ভিতৰত ছাইনাছাইটিছ অন্যতম৷ সাধাৰণতে এই ৰোগৰ যিবোৰ কাৰণ আছে সেইবোৰৰ অন্যতম হ’ল– ‘এলার্জী’৷ নাকৰ পৰা পানী বৈ থকা, অত্যধিক হাঁচি মৰা, সঘনাই চর্দি লাগি থকা আদি ৰোগৰ প্রধান কাৰণ এলার্জী৷ বায়ুত উৰি ফুৰা ধূলি, ধোঁৱা, ফুলৰ ৰেণু, কার্বন কণিকা আদি নাকৰ ভিতৰত সোমাই এলার্জী সৃষ্টি কৰে৷
ছাইনাছাইটিছৰ আন এক কাৰণ হ’ল নাকৰ হাড বেঁকা হোৱা৷ দৰাচলতে নাকৰ হাড বেঁকা হৈ থাকিলে উশাহ–নিশাহৰ সমস্যাই গুৰুতৰ ৰূপ লয়৷ যেতিয়া উশাহ–নিশাহত স্বাভাৱিক পৰিমাণে বায়ু চলাচল কৰিব নোৱাৰে তেতিয়া ইয়াৰ পৰোক্ষ প্রভাৱ পৰে ছাইনাছৰ ওপৰত৷ নাকৰ ভিতৰত বায়ু সঠিকভাৱে প্রৱেশ কৰিব নোৱাৰিলে ছাইনাছৰ প্রদাহ ঘটে৷ নাকৰ সুস্থতাৰ ওপৰতো ছাইনাছাইটিছৰ সমস্যা ভালেখিনি নির্ভৰ কৰে৷ কিয়নো এই ৰোগত প্রথমতে অসুস্থ হয় নাক৷ সঠিকভাৱে বায়ু প্রৱেশ কৰিব নোৱাৰিলে ছাইনাছসমূহে বায়ু শূন্য হৈ পৰে৷ তেতিয়া সেই স্থান দখল কৰে শ্লেষ্মাই, লাহে লাহে বেক্টেৰিয়া বা ভাইৰাছৰ প্রকোপ বৃদ্ধি পায়৷ নাকৰ ছিদ্র পথ বন্ধ হৈ লাহে লাহে প্রদাহ হোৱাটোকে ছাইনাছাইটিছ বুলি কোৱা হয়৷ ছাইনাছাইটিছ ৰোগত কিছুমান উপসর্গয়ো দেখা দিয়ে৷ মূৰৰ বিষ, নাকৰ বিষ, চকুৰ বিষ আদি কিছুমান লেতেৰা পৰিৱেশেও এই ৰোগ হোৱাৰ ইন্ধন যোগায়৷ গতিকে পৰিৱেশৰ প্রভাৱ যথেষ্ট মন কৰিবলগীয়া৷ বর্তমানৰ পৰিৱেশ ইমানেই প্রদূষিত হৈ পৰিছে যে যদিহে সতর্কতা অৱলম্বন কৰা নাযায় তেতিয়া হ’লে এই প্রদূষণৰ বলি হোৱাটো নিশ্চিত৷ গাডী–মটৰৰ ইন্ধনৰ ধোঁৱা আদিৰ দ্বাৰাও ছাইনাছসমূহ আক্রান্ত হোৱা দেখা যায়৷ ছাইনাছৰ অসুখে মানুহক শাৰীৰিকভাৱে অসুস্থতা কৰি তোলাৰ উপৰি মানসিকভাৱেও দুর্বল কৰি তোলে৷
ছাইনাছাইটিছ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে অতিপাত ঠাণ্ডা পৰিৱেশৰ পৰা দূৰত থাকিব৷ অতি জেকা লগা ঘৰত বেছি সময় নাথাকিব৷ যৌগিক ক্রিয়াৰ ভিতৰত জলনেতি, সূত্রনেতি অভ্যাস কৰিব৷ কপালভাতি প্রাণায়াম, বাতক্রম কপালভাতি প্রাণায়াম, ভস্ত্রিকা প্রাণায়াম, নাডীশুদ্ধি প্রাণায়াম অভ্যাস কৰিব৷ তদুপৰি নিয়মিত আসন অভ্যাস কৰিব৷ উপৰিউক্ত ক্রিয়াসমূহ অভ্যাস কৰাৰ সময়ত অভিজ্ঞ যোগ প্রশিক্ষকৰ তত্ত্বাৱধানত অভ্যাস কৰিব৷

You might also like