নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্ট্র’ক হোৱাৰ অন্যতম কাৰক ধূমপানৰ অভ্যাস

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ ধূমপানৰ অভ্যাসে বিশ্বজুৰি ষ্ট্র’কৰ আশংকা দ্রুতগতিত বৃদ্ধি কৰিছে৷ বিশেষকৈ যুৱচাম আৰু উচ্চ উপার্জনকাৰী দেশসমূহত ধূমপানৰ অভ্যাসৰ ফলত ষ্ট্র’কত আক্রান্ত লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ এই তথ্য শেহতীয়াভাৱে গৱেষণাত পোহৰলৈ আহিছে৷ বেংগালুৰুৰ ছেইণ্ট জ’নছ মেডিকেল কলেজ এণ্ড ৰিছার্চ ইনষ্টিটিউটৰ এটা গৱেষকৰ দলে চলোৱা অধ্যয়নৰ প্রতিবেদন জার্নেল ই-ক্লিনিকেল মেডিচিনত প্রকাশ পাইছে৷ এই উদ্বিগ্নজনক প্রতিবেদনত প্রকাশ পোৱা মতে ধূমপানৰ অভ্যাস আৰু ষ্ট্র’কৰ আশংকাৰ মাজত গভীৰ সম্পর্ক আছে৷ ধূমপান সেৱন অভ্যাসত পৰিণত কৰা, বিশেষকৈ ৫০ বছৰৰ অধীনৰ লোকৰ মাজত ষ্ট্র’কত আক্রান্তৰ সংখ্যা বর্ধিত হৈছে৷ প্রতিদিনে ২০টাতকৈ অধিক চিগাৰেট সেৱন কৰা লোকৰ আন ব্যক্তিৰ তুলনাত ষ্ট্র’কৰ আশংকা দুগুণ৷ বৃদ্ধ লোকে ধূমপান সেৱন কৰাৰ ফলত যিমান পৰিমাণৰ ক্ষতি হয়, তাৰ দুগুণ ক্ষতি যুৱ প্রজন্মৰ৷ ভৌগোলিকভাৱে পশ্চিম ইউৰোপীয় দেশ আৰু উত্তৰ আমেৰিকা অঞ্চলৰ লোকসকলৰ মাজত ধূমপানৰ অভ্যাস বেছি হোৱাৰ পৰিপ্রেক্ষিতত এই অঞ্চলসমূহত ষ্ট্র’কত আক্রান্তৰ আশংকা অধিক৷ আফ্রিকা, দক্ষিণ এছিয়া, দক্ষিণ আমেৰিকাকে ধৰি বিভিন্ন উপার্জনৰ ক্ষেত্রত বিভেদ থকা দেশসমূহত চলোৱা ধূমপান বিষয়ক অধ্যয়নত মানৱ স্বাস্থ্যৰ ক্ষতিসাধন কৰা অনেক বিষয়ো পোহৰলৈ আহিছে৷ তথ্য মতে উচ্চ উপার্জনকাৰী দেশসমূহত নিম্ন উপার্জনকাৰী দেশসমূহৰ তুলনাত ধূমপানৰ ফলত ষ্ট্র’কত আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক৷ এই অধ্যয়নৰ পিছত সংস্থাটোৱে বিশ্বজুৰি ধূমপান সেৱনৰ ক্ষেত্রত কঠোৰ নীতি গ্রহণ কৰিবলৈ দেশসমূহক পৰামর্শ আগবঢ়াইছে৷ ধূমপান সেৱনে মানুহৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰাৰ লগতে পৰিৱেশৰ ওপৰতো প্রভাৱ পেলাই আহিছে৷ এনে পৰিপ্রেক্ষিতত ধূমপান সেৱন নিয়ন্ত্রণৰ বাবে কঠোৰ নীতি গ্রহণৰ পৰামর্শ আগবঢ়াইছে গৱেষকৰ দলটোৱে৷

You might also like