নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দ্য টপ গীয়েৰ’ উন্মোচন

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং দুমহলীয়া ছাত্রাৱাসৰ এলুমনি এছ’চিয়েচন আৰু পূর্বায়ন প্রকাশনৰ উদ্যোগত দেওবাৰে বিশ্ববিদ্যালয়ৰ অসম আর্হি প্রেক্ষাগৃহত ‘দ্য টপ গীয়েৰ’ শীর্ষক এখন গ্রন্থ উন্মোচন কৰা হয়৷

উল্লেখ্য যে মটৰচাইকেলেৰে বিভিন্ন দুর্গম অঞ্চললৈ কৰা যাত্রাৰ বিভিন্ন অভিজ্ঞতা সামৰি উজ্জ্বল দীপ্লু গগৈয়ে ‘দ্য টপ গীয়েৰ’ নামৰ গ্রন্থ এখন ৰচনা কৰিছে৷ গ্রন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে৷ যাত্রাপথত পোৱা বিভিন্ন চৰিত্র, ঘটনা–পৰিঘটনাসমূহ সামৰি লোৱা হৈছে গ্রন্থখনত৷ অসমৰ ভিতৰতে প্রথমবাৰৰ বাবে মটৰচাইকেলেৰে ভ্রমণ কৰা দুঃসাহসিক যাত্রাৰ কথা বর্ণনা কৰা হৈছে গ্রন্থখনত৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আর্হি প্রেক্ষাগৃহত গ্রন্থখন উন্মোচন কৰি বহুতেই গ্রন্থখনৰ বিষয়বস্তু আৰু দুঃসাহসিক যাত্রাক আদৰণি জনায়৷ গ্রন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ময়ূৰ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতী, ড০ মণ্টু কুমাৰ বৰা, ৰূপা গগৈ আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like