নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেনি খালে কৃমি নহয়

ল’ৰা–ছোৱালীয়ে চেনি খাই ভাল পায়৷ কিন্তু সিহঁতক হকা–বাধা কৰোঁতে প্রায়েই কয় যে চেনি খালে কৃমি হ’ব৷ প্রকৃততে চেনি খালে কৃমি নহয়৷ চেনি হ’ল একধৰণৰ কার্ব’হাইড্রেট বা শর্কৰাজাতীয় খাদ্য৷ কৃমি হোৱাৰ সম্ভাৱনা নাই৷ অৱশ্যে চেনি বেছি খোৱাটো স্বাস্থ্যসন্মত নিয়ম নহয়৷

কৃমিৰ সংক্রমণ বছৰৰ যেতিয়াই–তেতিয়াই হ’ব পাৰে যদিও বাৰিষা কালত বেছিকৈ হয়৷ কৃমি আমাৰ শৰীৰৰ ভৰিৰ পৰা মূৰলৈকে আমাৰ দেহৰ ক্ষুদ্রান্ত, ৰক্তনলী, লিভাৰ, হার্ট, শ্বাসনলী আৰু খাদ্যনলীতো কৃমিৰ বংশ বৃদ্ধি হ’ব পাৰে৷ মল ত্যাগৰ সময়ত এই কৃমি বাহিৰলৈ ওলাই আহে৷ কিন্তু সুযোগ পালেই কণীৰ জৰিয়তে পুনৰ পেটত প্রৱেশ কৰে৷ মল পৰীক্ষা কৰিলেই পেটত কৃমি আছেনে নাই সেই কথা জানিব পাৰি৷ অৱশ্যে কিছুদিনৰ ব্যৱধানত এই পৰীক্ষা কৰিব লাগে৷ কৃমিৰ সমস্যা হ’লে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷

কেঁচু কৃমি: এই কৃমি হ’লে ভোক কমি যায়৷ বদহজম, পেটৰ বিষ, পনীয়া পায়খানা, কাহ, বমি বমি ভাব আদি উপসর্গ এইবিধ কৃমি হ’লে হোৱা দেখা যায়৷ আঠৰ পৰা ওঠৰ ইঞ্চি পর্যন্ত দীঘল এই কৃমিয়ে অন্ত্রনলী মেৰিয়াই ধৰি ৰোগীৰ বিপদ ঘটাব পাৰে৷

সূতা কৃমি: এই কৃমি শিশুৰ বেছিকৈ হোৱা দেখা যায়৷ এই কৃমি হ’লে মলদ্বাৰ খজুৱায় আৰু ঘা হয়৷ শিশুৰ শোৱা বিছনা বা পেণ্টত এইবিধ কৃমি লাগি থাকে৷ এইবিধ কৃমি হ’লে ভোক কমে৷ খাদ্য হজমত ব্যাঘাত জন্মে, পেটৰ বিষ হোৱাৰ লগতে পনীয়া পায়খানাও হয়৷

হক কৃমি: এইবিধ কৃমি যিসকল ব্যক্তিৰ মাটিত খালী ভৰিৰে খোজকঢ়াৰ অভ্যাস তেওঁলোকৰ বেছিকৈ হোৱা দেখা যায়৷ সাধাৰণতে গ্রামাঞ্চলৰ মানুহ বেছি আক্রান্ত হয়৷ এইবিধ কৃমি হ’লে ৰোগী ৰক্তাল্পতা, পেটৰ বিষ, বদহজম, পেটৰ অসুখ, বমি ভাব আদি নানান উপসর্গই দেখা দিয়ে৷

ফিতা কৃমি: এই কৃমি হ’লে পেটৰ বিষ, পেটৰ অসুখ, অৰুচি, ৰক্তাল্পতা আদি নানা উপসর্গই দেখা দিয়ে৷ কৃমি ৰোগৰ চিকিৎসা তেনেই সাধাৰণ আৰু ব্যয়সাপেক্ষেও নহয়৷ পায়খানা পৰীক্ষা কৰি মুখেৰে খোৱা ঔষধ খালেই ৰোগ নিৰাময় হয়৷ কৃমি সমস্যাৰ পৰা আঁতৰত থাকিবলৈ কিছু সাৱধানতা অৱলম্বন কৰিব লাগে৷ শিশুৰ লগতে নিজৰো নখ চুটিকৈ কাটিব লাগে৷ যিসকল মহিলাই নখ দীঘলকৈ ৰাখে, তেওঁলোকে নখ ভালদৰে চাবোনেৰে ধুব লাগে৷ ৰাতি সদায় শিশুক পেণ্ট পিন্ধাই শুৱাব লাগে, যাতে শিশুৱে মলদ্বাৰত হাতৰ আঙুলি লগাব নোৱাৰে৷ খালী ভৰিৰে চলা–ফুৰা কৰা স্বাস্থ্যসন্মত নিয়ম নহয়৷ আধা সিজোৱা মাংস খোৱা অনুচিত৷ পায়খানা মুকলি পথাৰত কৰা অনুচিত৷ বজাৰৰ পৰা অনা শাক–পাচলি ভালদৰে কেইবাবাৰো ধুব লাগে৷ খাদ্য প্রস্তুত কৰোঁতে, পৰিৱেশন কৰোঁতে বা খাওঁতে চাবোনেৰে হাত ধুব লাগে৷ খোৱাপানী উতলাই ঠাণ্ডা কৰি খাব লাগে৷ শিশুৱে যদি খাবলৈ নিবিচাৰে, বমি কৰে, ৰক্তাল্পতাত ভোগে, তেতিয়া চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷ এনে লক্ষণবোৰ সাধাৰণতে কৃমিৰ প্রভাৱত দেখা দিয়ে৷

You might also like