নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিটামিনৰ ভাণ্ডাৰ আইচক্রীম

উৎকট গৰমত শৰীৰ শাঁত পেলাবলৈ আইচক্রীম খোৱা যায়৷ যিসকলে আইচক্রীম খাই ভাল পায় তেওঁলোকে গৰমৰ দিনকেইটাত আইচক্রীম খাই বাৰুকৈয়ে উপভোগ কৰে৷ আইচক্রীম শৰীৰৰ বাবে ক্ষতিকাৰক বুলি এটা ধাৰণা থকা বাবেই অভিভাৱকসকলে সন্তানৰ হাতত আইচক্রীম তুলি দিবলৈ অকণমান শংকাবোধ কৰে৷ আইচক্রীম বেছিকৈ খালেহে শৰীৰৰ ক্ষতি কৰে৷ কম পৰিমাণৰ আইচক্রীমে শৰীৰৰ উপকাৰহে কৰে৷ অৱশ্যে আইচক্রীম খাওঁতে সদায় উন্নতমানৰ খোৱা উচিত৷ অন্যথা কেতিয়াবা পেটৰ অসুখো হোৱা দেখা যায়৷ থাউকতে আইচক্রীমৰ পৰা হোৱা শৰীৰৰ কেইটামান উপকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে৷
আইচক্রীম ভিটামিনৰ অফুৰন্ত ভাণ্ডাৰ৷ ভিটামিন এ, বি৬, বি১২, চি, ডি, ই আৰু কে পোৱা যায়৷ এইবোৰৰ ভিতৰত আইচক্রীমত পোৱা কে ভিটামিনে তেজ গোট মৰাত বাধা দিয়ে৷ ইয়াৰ বাহিৰেও আইচক্রীমত নিয়াছিন, থিয়ামিন আৰু ৰিব’ফ্লেভিনো সহজতে পোৱা যায়৷ আইচক্রীমৰ পৰা বহুতো শক্তি পোৱা যায়৷ কিয়নো আইচক্রীম পুষ্টিদায়ক৷ অৱশ্যে ডায়েবেটিছ ৰোগীৰ বাবে আইচক্রীম উৎকৃষ্ট নহয়৷ কিয়নো আইচক্রীমত উচ্চমানৰ কার্বহাইড্রেট, ফেট্ছ আৰু প্র’টিন থাকে৷ যাৰ পৰা আমি বৃহৎ পৰিমাণৰ কেলৰি লাভ কৰোঁ৷ আনহাতে আইচক্রীমে ওজন বৃদ্ধি হোৱাতো সহায় কৰে৷
আইচক্রীম আমাৰ বিভিন্ন ধৰণৰ মিনাৰেল্ছৰ ভাণ্ডাৰ৷ ইয়াৰ ভিতৰত কেলচিয়াম আৰু ফছফৰাছ আইচক্রীমত যথেষ্ট পৰিমাণে থাকে৷ যিটোৰ পৰা হাড মজবুত হোৱাৰ লগতে কিড্নী ষ্টোন হোৱাতো বাধা প্রদান কৰে৷ আপুনি জানিলে আচৰিত হ’ব যে আইচক্রীমে আমাৰ মগজু সক্রিয় কৰে৷ কিয়নো আইচক্রীমৰ জৰিয়তে থ্রমবোটনিন সক্রিয় হয়৷ ইয়াৰ ফলত আমাৰ মানসিক ষ্ট্রেছ কমা আৰু সুখী হোৱাৰ হৰম’নবোৰৰ সমতা স্থাপন হয়৷
আইচক্রীম গাখীৰৰ পৰা প্রস্তুত হয়, য’ত এল–ড্রিপটোফেন থাকে৷ ইয়াৰ জৰিয়তে প্রাকৃতিকভাৱে শৰীৰত স্নায়ুৰ ওপৰত বিশেষ প্রভাৱ পৰে৷ এই প্রভাৱে ইনছ’মেনিয়াতো প্রভাৱ পেলায়৷
অতিপাত গৰমৰ দিনত আৰু অতিপাত ঠাণ্ডাৰ দিনত আইচক্রীম আৰু গৰম গৰম কেকৰ লগত নিজৰ মনতে তুলনা কৰি চাবচোন? কোনটো খাই আপুনি বেছিকৈ উপভোগ কৰে? নিতান্তই আইচক্রীম৷ অৱশ্যে এটা বয়সত বিভিন্ন ৰোগৰ আশংকাত আইচক্রীমক নিজৰ খাদ্য তালিকাৰ পৰা সম্পূর্ণ বিসর্জন দিলেও ল’ৰা–ছোৱালীৰ কাৰণে আইচক্রীম প্রিয়৷ সেইবাবেই উৎসৱ–পার্বণত আইচক্রীমৰ উপভোক্তা বেছি৷ আইচক্রীম কেঞ্চাৰ ৰোগীৰ বাবেও উপকাৰী৷ প্রতিটো স্কুপ আইচক্রীমে ক’লন কেঞ্চাৰৰ প্রভাৱ শৰীৰত কমি যোৱাত সহায় কৰে৷ সবাতোকৈ ডাঙৰ কথাটো হৈছে– আইচক্রীম বৰ উপভোগ্য আৰু আকর্ষণীয়৷

You might also like