নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রার্থনাৰ শক্তি

-গীতিমণি বৰা

প্রার্থনাৰ অর্থ হ’ল খোজা কার্য৷ এক অর্থত আমি ঈশ্বৰৰ ওচৰত মনৰ শান্তিৰ কাৰণে কৰা আকুল আবেদন৷ প্রার্থনাই মনলৈ প্রশান্তি আনে৷ আমাৰ মানসিক অৱসাদ, বেমাৰ–আজাৰ দূৰ কৰিবলৈ প্রার্থনাই একমাত্র উত্তম উপায়৷
পৃথিৱীৰ সকলো কলাৰ ভিতৰত সংগীতেই শ্রেষ্ঠ কলা৷ সংগীত কলাই আমাৰ জীৱনত বিশেষভাৱে প্রভাৱ পেলাই আহিছে৷ সংগীতে মানুহৰ জীৱনত মানসিক শক্তিৰ কাৰণে আহাৰ প্রদান কৰে৷ প্রার্থনাও এক সংগীত৷ মানৱ জীৱনত উপাসনা বা প্রার্থনা কৰা কার্যই অপৰিহার্য আৰু গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ প্রার্থনাই আমাৰ মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধিত যথেষ্ট অৰিহণা যোগায়৷ সংগীতে যেনেকৈ এখন সুস্থ–সবল সমাজ গঢ়ে, ঠিক তেনেদৰে প্রার্থনাই এখন সমাজত মানুহৰ মনলৈ আধ্যাত্মিক ভাব জগাই তোলাৰ লগতে আমাৰ চিন্তা–চর্চাত অভূতপূর্ব পৰিৱর্তন ঘটায়৷ এইখিনিতে উল্লেখ কৰিব পাৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অনুপম সৃষ্টি ‘কীর্তন’ আৰু ‘নামঘোষা’ৰ ঘোষা আৰু পদসমূহ পৃথিৱীৰ শ্রেষ্ঠতম সংগীত বুলিব পাৰি৷ মহাপুৰুষ দুজনাৰ এই অপূর্ব ঘোষাসমূহ সর্বকালৰ বাবে চিৰযুগমীয়া হৈ থাকিব৷ গুৰু দুজনাই ৰচনা কৰি যোৱা ‘কীর্তন’ আৰু নামঘোষাত অব্যক্ত ঈশ্বৰৰ যি গুণ–গৰিমা প্রকাশ কৰি গ’ল, সেয়া সঁচাকৈয়ে অবর্ণনীয়৷ প্রার্থনা বুলি কওঁতে সৰু কালৰ কথাহে মনলৈ আহে৷ সন্ধিয়া নামি অহাৰ লগে লগে দূৰৰৈ নামঘৰত দবা বাজি উঠিছিল৷ আমি লগৰীয়াবোৰে খেলা–ধূলা কৰি থকা সময়তে সেই দবা বজাৰ শব্দ কাণত পৰাৰ লগে লগে ঘৰলৈ আহি হাত–মুখ ধুই গোসাঁইঘৰত সোমাই প্রার্থনা কৰোঁ৷ ‘তুমি চিত্ত বৃত্তি মোৰ’… মুক্তিতো নিস্পৃহ যিটো…, ব্রহ্মা আদি কৰি জীৱ যত ৰাম, ৰাম, ৰাম… বুলি চিঞৰি চিঞৰি গোৱা প্রার্থনাই গোটেই চুবুৰিটো ৰজনজনাই যায়৷ বহু দূৰলৈকে শুনা প্রার্থনাৰ সুৰে সন্ধিয়াৰ পৰিৱেশটো গহীন কৰি তুলিছিল৷ সন্ধিয়া নামি অহাৰ লগে লগে একোটা চুবুৰিত প্রায় প্রতিঘৰ মানুহৰ ল’ৰা–ছোৱালীয়ে প্রার্থনা কৰাটো এটা নিয়মত পৰিণত হৈছিল৷ একে সময়তে বয়োজ্যেষ্ঠসকলে পুৱা–গধূলি গোসাঁইঘৰত চাকি–বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত প্রার্থনা কৰি ভগৱানৰ ওচৰত নিজকে মন–প্রাণ সঁপি দিয়ে৷ তেতিয়াৰ বিদ্যালয়তো শিক্ষাদানৰ আগমুহূর্তত প্রার্থনা কৰাটো এটা নিত্য–নৈমিত্তিক কর্ম আছিল৷ এনে নিয়মে আমাক সংযমী কৰি তুলিছিল৷ কাৰণ এটা সংযমী মনে কেতিয়াও বেয়া কর্ম কৰিব বা আনৰ অহিত চিন্তা কৰাৰ পৰা বিৰত ৰাখিছিল৷ প্রার্থনা কৰা অভ্যাসে মন–মস্তিষ্কত আধ্যাত্মিক চিন্তাধাৰাৰে প্রভাৱিত কৰে৷
প্রার্থনাই একোজন ব্যক্তিক সংসাৰৰ দুখ–যন্ত্রণা, বেমাৰ–আজাৰ, টেনছন আদিৰ পৰা মুক্ত কৰি বিমল আনন্দ দিয়ে৷ এটি কান্দি থকা কেঁচুৱাক শান্ত কৰিবলৈ বা নৰীয়াপাটীত পৰি থকা এজন ব্যক্তি কিছু সকাহ পাবলৈ প্রার্থনাই যেন যথেষ্ট৷
আমি কিবা শুভ কাম কৰিবলৈ হ’লেও ঈশ্বৰক প্রার্থনা এটা কৰিহে কামটোলৈ আগবাঢ়োঁ৷ আনকি যুদ্ধলৈ যোৱা সৈনিকজনেও নিজৰ মানসিক শক্তি বৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত মনতে প্রার্থনা কৰে৷ ঠিক তেনেদৰে এজন খেলুৱৈৰ পৰা আৰম্ভ কৰি বিমানচালকজনলৈক সকলোৱে ঈশ্বৰক মনতে প্রার্থনা কৰিহে কামটোলৈ আগবাঢ়ে৷ প্রার্থনাই এজন মানুহক ধীৰ–স্থিৰ, শান্ত বা যিকোনো পৰিস্থিতিক চম্ভালিবলৈ মানসিকভাৱে শক্তি বৃদ্ধি কৰে৷ আমাৰ ছাত্র–ছাত্রীসকলৰ অভিভাৱকসকলে সৰুৰে পৰা তেওঁলোকৰ সন্তানক প্রার্থনা কৰিবলৈ নিয়ম কৰাটো অতিকৈ প্রয়োজন৷ কাৰণ সৰুৰে পৰা কৰা অভ্যাস আৰু নিয়মেহে ল’ৰা–ছোৱালীক মানসিক উৎকর্ষ সাধন কৰাৰ লগতে ব্যক্তিত্ব গঠনত বিশেষভাৱে সহায় কৰে৷
বর্তমান যুগত মানুহৰ জীৱনশৈলী পৰিৱর্তন হৈছে৷ আধুনিক সভ্যতাত বিলাসী জীৱন অতিবাহিত কৰা নৱপ্রজন্মৰ বাবে প্রার্থনা গোৱাটো একান্তই প্রয়োজন হৈ পৰিছে৷ কাৰণ বিশৃংখল জীৱন যাপন কৰা লোকসকলৰ মন–মগজুক প্রার্থনাইহে স্পর্শ কৰিব পাৰে৷ এখন ঘৰত পুৱা–গধূলি কৰা প্রার্থনাই শান্ত–সমাহিত এটি সুন্দৰ পৰিৱেশ ৰচনা কৰে৷ প্রার্থনাই মানুহক পৰম আনন্দ দিয়ে৷ নতুন প্রজন্মক বিপথে পৰিচালনা কৰাৰ পৰা বিৰত ৰাখে৷ প্রার্থনাৰ শ্রুতিমধুৰ সুৰে কেঁচুৱাৰ পৰা বৃদ্ধালৈকে আকর্ষণ কৰে৷ নামঘৰ, মন্দিৰৰ দবা, শংখ আৰু ঘণ্টাৰ ধ্বনিয়ে যেনেকৈ প্রতিজন মানুহৰ হূদয়ত ভক্তিভাব জগাই তোলে, ঠিক সেইদৰে প্রার্থনাই আমাৰ সকলোৰে হূদয় স্পন্দিত কৰে৷ পৃথিৱীৰ গতি স্তব্ধ হৈ নোযোৱালৈকে প্রার্থনা সদায় আমাৰ অন্তৰত বিৰাজমান হৈ থাকিব৷
প্রসংগক্রমে ক’ব পাৰি যে বিশ্বজুৰি হোৱা ক’ভিড মহামাৰীকে ধৰি বিভিন্ন ধৰণৰ সংক্রমণৰ বাবে নিতৌ হাজাৰ হাজাৰ মানুহ মৰিছে৷ এই মহামাৰীৰ আতংকত মানৱ সমাজ দিশহাৰা হৈ পৰিছে৷ এই সময়ছোৱাত মনৰ শান্তিৰ বাবে প্রার্থনা কৰাটো অতি আৱশ্যক৷ প্রার্থনাই যেন মানসিক শান্তি আৰু শক্তি৷

You might also like