নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘যদি মই ভাল চিকিৎসা পালোহেতেন, মইও জীয়াই থাকিলোহেঁতেন’

নিয়মীয়া বাৰ্তা ১০ মেঃ  ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুৱাইছে অভিনেতা ৰাহুল ভোৰাই৷ দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী৷ লক্ষণীয়ভাৱে মাত্র এদিন পূর্বে অভিনেতাগৰাকীয়ে হাস্পতালত সঠিক চিকিৎসা লাভ কৰা নাই বুলি ছ’চিয়েল মিডিয়াযোগে সদৰী কৰিছিল৷

ফেচবুকত ভোৰাৰ আছে ১৯ লাখ ফেন৷ ভাল চিকিৎসা লাভ কৰা হ’লে নিজৰ জীৱন ৰক্ষা পৰিলহেঁতেন বুলি মাত্র এদিন পূর্বে ভোৰাই ফেচবুকযোগে এক প’ষ্ট মুকলি কৰিছিল৷ অভিনেতাগৰাকীৰ মৃত্যুৰ লগে লগে অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে৷

স্মর্তব্য যে ইয়াৰ পূর্বেও হাস্পতালত অক্সিজেন বে’ড বিচাৰি ভোৰাই চৰকাৰলৈ আবেদন জনাইছিল৷ অভিনেতাগৰাকী ক’ভিড পজিটিভ হিচাপে চিহ্ণিত হোৱাৰ পিছতেই তেওঁৰ অক্সিজেন লেভেল অৱনমিত হ’বলৈ ধৰে৷ উল্লেখনীয় যে দিল্লীৰ হাস্পতালত অক্সিজেনৰ অভাৱত বহু ক’ভিড ৰোগীয়ে প্রাণ হেৰুৱাবলগীয়া হৈছে৷

You might also like