নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দেশবাসীৰ তেজ উতলিছে– কঠোৰ প্রত্যুত্তৰ দিব ভাৰতে

নিউজ ডেস্ক, ২৮ এপ্রিল : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ পাশৱিক হত্যালীলাৰ পিছত পাকিস্তানলৈ কঠোৰ বার্তা প্রেৰণ কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি ৰেডিঅ’ৰ ‘মন কী বাত’ কার্যসূচীতো প্রধানমন্ত্রী মোদীৰ মুখত শুনিবলৈ পোৱা গ’ল পেহেলগামৰ…

অসমৰ তিনিচুকীয়াত আছে পাকিস্তানী নাগৰিক

বিশেষ বার্তা, ২৮ এপ্রিল : অসমত এজনেই পাকিস্তানী নাগৰিক আছে৷–এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি ডিব্রুগড়ত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাকিস্তানী মহিলাগৰাকী বৈবাহিক সূত্রে তিনিচুকীয়াত আছে৷ তিনিচুকীয়াত তেওঁ…

ক্রমাগত পঞ্চম জয়েৰে তৃতীয় স্থানলৈ উন্নীত মুম্বাই

নিউজ ডেস্ক, ২৮ এপ্রিল : ক্রমাগত পঞ্চম জয়েৰে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলৰ পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হৈছে৷ কালি ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক…

দিল্লীক হৰুৱাই  প্লে-অফৰ দিশে বেংগালুৰু

নিউজ ডেস্ক, ২৮ এপ্রিল : ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু-এ চলিত আইপিএলৰ প্লে-অফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত বেংগালুৰুৱে ঘৰুৱা দল দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত…

‘অখিল গগৈৰ মতলব কেৱল মুছলমান-ৰ ভোট’

🔹 'মুছলমান বসতিপ্ৰধান অঞ্চলক কংগ্ৰেছে টকা ঘটা মেচিন বুলি ভাবে’ 🔹চামগুৰিত বিজেপি মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশত মন্ত্ৰী পীয়ূষ হাজৰিকা বিশেষ বাৰ্তা, ২৮ এপ্ৰিল : 'অখিল গগৈয়ে ইমান সোনকালে কাৰোবাক মাফ খোজা বা ক্ষমা খোজাটো মই দেখা নাছিলোঁ।…

ভাৰতীয় পাকিস্তানী

ভাৰতীয় পাকিস্তানী আন যি কাৰণ ব্যাখ্যা কৰাই নহওক কিয়, ধর্মৰ ভিত্তিতে বিভাজন হৈছিল দেশ৷ দেশ বিভাজন হোৱাৰ পিছত পাকিস্তান আৰু পূব পাকিস্তান সৃষ্টি হৈছিল ধর্মৰ আধাৰতে৷ মুছলমানসকলৰ বাবেই বিশাল ভাৰতৰ ভূ–খণ্ডক দ্বিখণ্ডিত কৰি জন্ম হৈছিল পাকিস্তানৰ৷…

আজি দিনটোৰ ৰাশিফল

আজি ২৮ এপ্রিল, ব’হাগ মাহৰ  ১৪ তাৰিখ সোমবাৰ : তিথি– শুক্লা প্রতিপদ, নক্ষত্র : ভৰণী, যাত্রা : নাই মেষ : কর্মস্থানত আপোনাৰ যোগ্যতা প্রতিপন্ন হ’ব৷ কোনো নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে৷ ঘৰুৱাত বিশেষ সমস্যা নাই৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷…

সতীর্থৰ ওপৰত ক্ষুব্ধ অধিনায়ক ধোনী

নিউজ ডেস্ক, ২৭ এপ্রিল : সতীর্থৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে অধিনায়ক ধোনী। পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ চলিত আইপিএলৰ প্লে–অফত প্রৱেশৰ আশা প্রায় নির্বাপণ হৈছে৷ দলটোৱে এতিয়ালৈকে ৯খন মেচ খেলি মাত্র দুখনতহে জয়লাভ কৰিছে আৰু পইণ্ট তালিকাৰ দশম…

জলসম্পদ বিভাগ-ত ২১২টা পদত চাকৰি

অসম লোকসেৱা আয়োগে জলসম্পদ বিভাগ-ত খালী থকা ২ শতাধিক অভিযন্তা পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷ তলৰ তালিকাত সবিশেষ উল্লেখ কৰা হ'ল।

ধুবুৰীত বৰদৈচিলা-ৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ধুবুৰীত বৰদৈচিলা-ৰ তাণ্ডৱ। যোৱানিশা অহা এজাক প্ৰচণ্ড ধুমুহাৰ পিছৰ পৰাই ধুবুৰী চহৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে। প্ৰচণ্ড বতাহত ধুবুৰী চহৰৰ কেইবাটাও অঞ্চলত গছ বাগৰি পৰে। ইয়াৰ মাজতে চহৰখনৰ ১নং…