নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BSNL Free SIM: তুংগত চাহিদা! পুনৰ বিনামূল্যে 4G চীম উপহাৰ BSNL-ৰ, ৩০ জুন পর্যন্ত অফাৰ

BSNL Free SIM: বিগত বছৰো নতুন প্রিপেইড ইউজাৰসকলক বিনামূল্যেই 4G SIM অফাৰ কৰিছিল BSNL-এ। সেই অফাৰ বিগত বছৰৰ শেষত আৰম্ভ হৈ চলিছিল চলিত বছৰৰ ফেব্রুৱাৰী পর্যন্ত। পুনৰ গ্রাহকসকলক 4G SIM Offer কৰিছে চৰকাৰী টেলিকম কোম্পানী BSNL।

২০২০ চনৰ শেষৰ পৰা ফেব্ৰুৱাৰী ২০২১ লৈ, বিএছএনএল-এ প্ৰতিযোগীসকলক টক্কৰ দিবলৈ গ্ৰাহকসকলক বিনামূলীয়াকৈ চীম প্ৰদান কৰিছে।এইবাৰো সেই মাস্টাৰপ্লেনক লৈ হাজিৰ হৈছে এই টেলিকম সংস্থা। বিএছএনএলে পুনৰ প্ৰিপেইড ব্যৱহাৰকাৰীসকলক বিনামূলীয়া ৪জি চিম আগবঢ়াইছে।

অৱশ্যে, এইটো মনত ৰাখিব লাগিব যে আগৰ দৰে ই এক সীমিত ম্যাদৰ অফাৰহে। যাৰ বৈধতা ৩০ জুন, ২০২১ লৈকে।

আপুনি বিএছএনএল ফ্ৰী চিম কেনেকৈ পাব পাৰে?

চৰকাৰী টেলিকম কোম্পানী বিএছএনএল-এ জনাইছে যে ব্যৱহাৰকাৰীসকলে গ্ৰাহক সেৱা কেন্দ্ৰ বা খুচুৰা বিপণিলৈ যাব লাগিব বা বিনামূলীয়াকৈ কোম্পানীটোৰ ৪জি চিম পাবলৈ কল কৰিব লাগিব। লগতে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডকে ধৰি সকলো জৰুৰী কালীন নথিপত্ৰ দাখিল কৰিব লাগিব।

You might also like