নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কম ইন্ধন খৰচী ভাৰতৰ শীৰ্ষ ১০খন গাড়ীঃ আপোনাৰ গাড়ীখন এই তালিকাত আছেনে?

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ভাৰতত বাঢ়ি আছে পেট্ৰ’লৰ দাম। এনে অৱস্থাত সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ বাবে কম খৰচী গাড়ীয়েই উপযুক্ত বুলি বিবেচিত হ’ব পাৰে। শেহতীয়া এক সমীক্ষা মতে ভাৰতীয় বজাৰৰ ১০ লাখ টকাৰ কম মূল্যৰ শীৰ্ষ ১০খন আটাইতকৈ কম ইন্ধন খৰচী পেট্ৰ’ল গাড়ীৰ তালিকা চাওক-

মাৰুতি ছুজুকি ডিজায়াৰ

মাৰুতি ছুজুকি ডিজায়াৰেই বৰ্তমান ভাৰতত উপলব্ধ আটাইতকৈ কম ইন্ধন খৰচী পেট্ৰ’ল গাড়ীৰ তালিকাত শীৰ্ষত আছে। এএমটি সংস্কৰণৰ এই মাইলেজ প্ৰতিলিটাৰত ২৪.১২ কিঃমিঃ আৰু মেনুৱেল প্ৰকাৰৰ মাইলেজ প্ৰতিলিটাৰত 23.26 কিঃমিঃ। ইয়াৰ শ্ব’ৰুম মূল্য বৰ্তমান ৫.৯৪ টকাৰ পৰা ৮.৯০ লাখ টকা ।

মাৰুতি ছুজুকি বেলেনো আৰু টয়োটা গ্লানজা

মাৰুতি ছুজুকি বেলেনো আৰু টয়োটাৰ গ্লানজা মাইলেছৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। ইয়াৰ মাইলেজ প্ৰতিলিটাৰত ২৩.৮৭ কিঃমিঃ। বৰ্তমান বেলেনোৰ মূল্য ৫.৯০ লাখৰ পৰা ৯.১০ লাখ টকালৈ। আনহাতে গ্লানজাৰ মূল্য ৭.১৮ লাখ টকাৰ পৰা ৯.১০ লাখ টকালৈ।

মাৰুতি ছুজুকি ছুইফ্ট

মাইলেজৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ছুইফ্ট। ইয়াৰ এএমটি সংস্কৰণৰ মাইলেজ প্ৰতিলিটাৰত ২৩.৭৬  কিঃমিঃ। এম টি প্ৰকাৰৰ প্ৰতিলিটাৰত ২৩.২০ কিঃমিঃ। ইয়াৰ মূল্য ৫.৭৩ টকাৰ পৰা ৮.৪১ লাখ টকা (এক্স-শ্ব’ৰুম)।

মাৰুতি ছুজুকি এল্টো

মাৰুতি ছুজুকি এল্টো ভাৰতীয় বজাৰত অধিক বিক্ৰী হোৱা গাড়ীবোৰৰ ভিতৰত এখন। বৰ্তমান ২.৯৯ লাখ টকাৰ পৰা ৪.৪৮ লাখ টকাত উপলব্ধ ই। মাইলেজ প্ৰতিলিটাৰত ২২.০৫ কিঃমিঃ।

 

ৰেনল্ট কুইড

মাৰুতি ছুজুকিৰ এল্টোৰ প্ৰতিদ্বন্দ্বী গাড়ী ৰেনল্টৰ কুইড। ইয়াৰ মূল্য ৩.১২ লাখৰ পৰা ৫.৩১ লাখ টকালৈকে। প্ৰথমে প্ৰতিলিটাৰত ২০.৭১ কিঃমিঃ মাইলেজ দাবী কৰাৰ পিছত কোম্পানীয়ে এতিয়া প্ৰতিলিটাৰত এএমটিত ২২ কিঃমিঃ আৰু এম টিত প্ৰতিলিটাৰত ২১.৭৪ কিঃমিঃ বুলি সদৰী কৰিছে।

মাৰুতি ছুজুকি ৱাগনাৰ

মাৰুতি ছুজুকিৰ টলবয় ৱাগনাৰ মূল্য মুঠ ৪.৫৬ লাখ টকাৰ পৰা ৬.১৮ লাখ টকালৈ। গাড়ীখনত কোম্পানীয়ে আগবঢ়াইছে দুটা পেট্ৰল ইঞ্জিন, এটা ১.0-লিটাৰ ৩-চিলিণ্ডাৰ মিল আৰু আনটো ১.2-লিটাৰ ৪-চিলিণ্ডাৰ ইউনিট। সৰু ইঞ্জিনটোৱে প্ৰতিলিটাৰত ২১.৭৯ কিলোমিটাৰ, আনটোৱে প্ৰতিলিটাৰত ২০.৫২ কিঃমিঃ মাইলেজ দিয়ে।

মাৰুতি ছুজুকি এছ-প্ৰেছো

মাৰুতি ছুজুকি এছ-প্ৰেছোৰ মাইলেজ প্ৰতিলিটাৰত ২১.৭ কিঃমিঃ এজিএছৰ আৰু ৫-গতিৰ মেনুৱেল গীয়েৰবক্সৰ প্ৰতিলিটাৰত ২১.৪ কিঃমিঃ। এছ-প্ৰেছোৰ মূল্য বৰ্তমান ৩.৭০ লাখ টকাৰ পৰা ৫.১৮ লাখ টকা (এক্স-শ্ব’ৰুম)।

মাৰুতি ছুজুকি চেলেৰিঅ’

চেলেৰিঅ’ৰ মেনুৱেল আৰু এএমটি দুয়োটা সংস্কৰণৰ বাবে দাবী কৰা মতে মাইলেজ প্ৰতিলিটাৰত ২১.৬৩ কিঃমিঃ। চেলেৰিঅ’ৰ মূল্য বৰ্তমান ৪.৫৩ লাখৰ পৰা ৫.৭৮ লাখ টকা (এক্স-শ্ব’ৰুম)।

মাৰুতি ছুজুকি ইগনিছ

মাৰুতি ছুজুকি ইগনিছত আছে ১.২ লিটাৰ পেট্ৰল ইঞ্জিন। মাইলেজ প্ৰতিলিটাৰত ২0.৮৯ কিলোমিটাৰ। গাড়ীখন বৰ্তমান চাৰিটা প্ৰকাৰত উপলব্ধ- চিগমা, ডেল্টা, জেটা আৰু আলফা। ইয়াৰ মূল্য ৪.৮৯ লাখ টকাৰ পৰা ৭.৩০ লাখ টকা (এক্স-শ্ব’ৰুম)।

হুণ্ডাই গ্ৰেণ্ড i10

তালিকাৰ শেষত আছে হুণ্ডাই গ্ৰেণ্ড i10। গ্ৰেণ্ড i10ৰ মেনুৱেল প্ৰকাৰৰ বাবে মাইলেজ প্ৰতিলিটাৰত ২0.৭ কিঃমিঃ। স্বয়ংক্ৰিয় ট্ৰিমৰ বাবে প্ৰতিলিটাৰত ২0.৫ কিঃমিঃ। মুঠ মূল্য ৫.১৯ লাখৰ পৰা ৮.৪০ লাখলৈ।

You might also like