নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ গুৰুত্বপুৰ্ণ বৈঠক অনুষ্ঠিত হয়। উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত জিলা ৰিটাৰ্ণিং বিষয়া তথা উপায়ুক্ত গৌতম তালুকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে ৩১ নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গ, বিত্তীয় প্ৰতিষ্ঠানৰ মুৰব্বী বিষয়া আৰু সংবাদ মাধ্যমৰ লোকসকল।

জিলা তথা চিদলী বিধানসভা সমষ্টিত নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকা সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহে কিদৰে কাম কৰিব লাগিব তাৰ ওপৰত পৰামৰ্শ আগবঢ়ায় জিলা ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে।

তদুপৰি নিৰ্বাচনী আচৰণবিধি ভংগ কৰি টকা কঢ়িওৱা, অবৈধভাৱে মদ কঢ়িওৱাসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। তাৰ মাজতে তেওঁ জনায় যে নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱা দিনৰে পৰা জিলা প্ৰশাসনৰ পৰা ফ্লায়িং স্কোয়াড, এচ,এচ,টি আৰু ভিডিও ছাৰ্ভিলেঞ্চ দলৰ জৰিয়তে কাম আৰম্ভ কৰি দিয়া হৈছে ।

নিৰ্বাচনী আচাৰবিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত পেড নিউজ বা আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰা বাতৰিসমূহৰ পৰ্যবেক্ষণ কৰিবলৈ ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ গতিবিধিৰ নজৰ ৰাখিবলৈ এটা মনিটৰিং কমিটী গঠন কৰা হৈছে বুলি সদৰী কৰে।

উল্লেখ্য, এইবেলি ৩১ নং চিদলী বিধান সভাৰ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,০৫০৩৮ গৰাকী, তাৰে পুৰুষ ভোটাৰ সংখ্যা ১০২৫৮৬ , মহিলা ভোটাৰ সংখ্যা ১,০২৪৪৬ আৰু তৃতীয় লিঙ্গৰ ৬ গৰাকী ভোটাৰ আছে।

পূৰ্বতে চিদলী বিধানসভা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছিল ২৬৯ টা, কিন্তু কোভিড-১৯ প্ৰটকল অনুসৰি অতিৰিক্ত ভাৱে ৫৭ খন ভোট গ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰা হৈছে।

চিদলী বিধান সভাৰ সমষ্টিত এইবেলি মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছেগৈ ৩২৬টা । তাৰে ৯ টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। এশ শতাংশ মহিলাসকলৰ দ্বাৰা পৰিচালিত তিনিখন আদৰ্শ মহিলা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হব ।

You might also like