নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ অঞ্চলত কেতিয়া Corona টিকা পাব? Paytm ৰ নতুন ফিচাৰে জনাব…

বহুতে কৰোনা টিকাকৰণৰ বাবে স্লট বিচাৰি সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যাৰ সমাধান আনিলে ডিজিটেল পেমেণ্ট মাধ্যম Paytm । এপ্ছৰ নতুন সুবিধাৰ সৈতে, আপুনি ঘৰত বহি আপোনাৰ নিকটতম টিকাকৰণ কেন্দ্ৰত স্লট কেতিয়া খোলা থাকে জানিব পাৰিব।

পেটিএমে এণ্ড্ৰইড আৰু আইঅএছ- দুয়োটা ধৰণৰ এপ্ছৰ বাবে এই আপডেট আনিছে। বৃহস্পতিবাৰে পেটিএমৰ প্ৰতিষ্ঠাপক বিজয় শেখৰে এপটোৰ নতুন সুবিধাটো ঘোষণা কৰে।

মূলতঃ, পেটিএমৰ এই নতুন সুবিধাত চৰকাৰী ডিজিটেল প্লেটফৰ্মৰ CoWin ৰ পৰা তথ্য সংগ্ৰহ কৰা হ’ব। টিকাকৰণ এপ বা চৰকাৰী ৱেবছাইটত CoWin ৰ তথ্য পেটিএমৰ নতুন সুবিধাত প্ৰকৃত সময়ত দেখুওৱা হ’ব।

কেনেকৈ চাব আপোনাৰ নিকটতম টিকাকৰণ কেন্দ্ৰত স্লট খোলা আছেনে নাই?

ইয়াৰ বাবে, আপোনাৰ অঞ্চলৰ পিন কোডটো Pin Code বাকচত পূৰণ কৰিব লাগিব। জিলা বিকল্পও আছে। ইয়াক পূৰণ কৰাৰ পিছত, আপুনি জানিব যে অহা কেইদিনমানৰ ভিতৰত নিকটতম টিকাকৰণ কেন্দ্ৰত কেতিয়া স্লট খোলা থাকিব।

আপোনাক জনোৱা ভাল যে ইয়াৰ মাধ্যমেৰে কেৱল যেতিয়া স্লট খোলা হ’ব সেয়াহে জনা যাব। পঞ্জীয়ন কৰিব নোৱাৰি।

পেটিএম ব্যৱহাৰকাৰীসকলে এপ্ছটোৰ Mini App Store শাখাৰ পৰা ভেকছিন ফাইণ্ডাৰৰ সুবিধা বিচাৰি পাব।

You might also like