নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ৩৬ মিনিটত ফুল চার্জ! আহিছে Mi 11 Ultra 67W ফাষ্ট চার্জাৰ

Mi 11 Ultra স্মাৰ্টফোন কেইদিনমান আগতে মুকলি কৰা হৈছে। এইবাৰ চীনা কোম্পানী Xiaomiয়ে এটা নতুন ফাষ্ট চাৰ্জাৰ মুকলি কৰিবলৈ গৈ আছে। Mi 11 Ultra 67W ফাষ্ট চাৰ্জাৰ সোনকালেই ভাৰতত মুকলি হ’ব।

এয়া এপলৰ দৰে। এপলে ফাষ্ট চাৰ্জিংৰ বাবে পৃথকে এডাপ্টাৰ বিক্ৰী কৰে। Xiaomi য়ে সেই ফৰমেটতেই নতুন চাৰ্জাৰ আনিছে।

সাধাৰণ Mi 11 Ultra স্মাৰ্টফোনৰ চাৰ্জাৰত 55W ফাষ্ট চাৰ্জিং আছে। ই কেইঘণ্টামানৰ ভিতৰত ফোনটো শূন্যৰ পৰা সম্পূৰ্ণ চাৰ্জ কৰিব। কিন্তু সেই স্পিড পুনৰ Xiaomi য়ে বৃদ্ধি কৰিলে।

নতুন Mi 11 Ultra 67W ফাষ্ট চাৰ্জাৰত দ্ৰুতগতিত চাৰ্জ কৰিব। 0% ৰ পৰা 99% চাৰ্জ হ’বলৈ মাত্ৰ ৩৬ মিনিট লাগিব। Xiaomi য়ে এইদৰে জনায়।

You might also like