উত্তৰ শালমাৰাত বাতিল ঈদৰ সমূহীয়া নামাজ
নিয়মীয়া বাৰ্তা, ২৪ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাৰ বিভিন্ন প্রান্তত ঈদ–উল–ফিটৰ উপলক্ষে সমূহীয়া নামাজৰ পূর্বৰ পৰম্পৰা এইবেলি বাতিল হৈছে৷ মহকুমাটোৰ বাঘেখাইতীস্থিত বিএমকে আঞ্চলিক ঈদগাহ পৰিচালনা কমিটীৰ সভাপতি মুজাফৰ আলী আৰু সম্পাদক শুকুৰুল ইছলামে ইছলাম ধর্মাৱলম্বী লোকসকলক এইবেলি ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি নিজ ঘৰতে নামাজ পঢ়াৰ আহ্বান জনায়৷ কমিটীয়ে এই সন্দর্ভত ইতিমধ্যে ৰাজহুৱা সভাযোগে এক প্রস্তাৱ গ্রহণ কৰাৰ বিষয়েও বিবৃতিত জনায়৷ ইপিনে মহকুমাটোৰ অভয়াপুৰী–ৰৌমাৰী, নয়াপাৰা, লালমাটি, নলডোবা, মালেগড, সৃজনগ্রামৰ বাৰেগড, পূব খামাৰপাৰা, আমবাৰী,বডিগাঁও আদি অঞ্চলত ঈদৰ নামাজ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ঘৰৰ ভিতৰতে নামাজ পঢ়াৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে৷