নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ বইটামাৰীত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধ দম্পতীৰ

নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ বাশবাৰী বজাৰত নিশা সংঘটিত হয় এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এহাল বৃদ্ধ দম্পতী জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়। দম্পতীটোৰ নাম দুলাল ভট্ট (৭০) আৰু কৌশ্যলা বৈষ্ণৱ (৬০) বুলি জানিব পৰা গৈছে। এই দম্পতীটোৱে বজাৰখনত এখন চাহৰ দোকান দি জীৱিকা নিৰ্বাহ কৰিছিল। অগ্নিকাণ্ডটোত তিনিখন দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

প্ৰেৰক ৰুবুলকান্তি দাস

You might also like