নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত নিহত ভৱেশ ডেকাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ 

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লবলগীয়া হোৱা ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ আজি ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধ পালন কৰা হয়। মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বানীয় ৰাইজৰ সহযোগত স্থানীয় মহলীয়াপাৰা চকত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ। অশ্ৰুসিক্ত নয়নেৰে ৰাইজে কিশোৰ ছাত্ৰজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনায়। একেদৰে দুৰ্ভগীয়া পিতৃ মাতৃয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শোকত ভাগি পৰে। ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিবাহক পৰাগ চহৰীয়াই ভৱেশ ডেকাৰ মৃত্যুৰ পিছত প্ৰশাসন আৰু শিক্ষা বিভাগে গ্ৰহণ কৰা ভুমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বিশেষকৈ ভৱেশ ডেকাৰ পৰিয়ালটিলৈ বৰ্তমান পৰ্যন্ত কোনো আৰ্থিক অনুদান ঘোষণা নকৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে পদুম পুখুৰী হাইস্কুলৰ সুস্থ শৈক্ষিক পৰিবেশ ঘুৰাই অনা বিষয়টোতো গুৰুত্ব আৰোপ কৰে। শিক্ষা বিভাগে কেৱল ছয়জন শিক্ষকহে বৰ্তমান পৰ্যন্ত বিদ্যালয় খনত স্থলাভিষিক্ত কৰাৰ ফলত শৈক্ষিক পৰিবেশ এতিয়াও ঘূৰি অহা নাই বুলি প্ৰকাশ কৰি ইয়াৰ অজুহাততে বিদ্যালয়খন অইন কোনো বিদ্যালয়ত স‍ংযুক্ত নকৰিবলৈও আহ‌্বান জনায়। আনহাতে বিদ্যালয় চলি থকা অৱস্থাতে ছাত্ৰগৰাকীৰ মৃত্যৰ ঘটনাৰ তদন্ত যাতে সঠিক হয় তাৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই দাবী উত্থাপন কৰিছে আঞ্চলিক ৰাইজে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া খনিন্দ্ৰ ৰাজবংশী, জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা, প্ৰাক্তন সভাপতি পৰেশ চহৰীয়াকে  ধৰি স্হানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি নাম প্ৰসংগৰো আয়োজন কৰা হয়।
প্ৰেৰক ৰণজিত কুমাৰ নাথ
You might also like