নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঁহী-বাতি লৈ ৰাজপথত নাপিত সন্থা

নিয়মীয়া বাৰ্তা, ২৩ মেঃ লক ডাউনৰ বাবে বন্ধ হৈ আছে বিউটি পাৰ্লাৰকে ধৰি চেলুনসমূহ। COVID-19ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যিহেতু এইবোৰ স্থানত সামাজিক দূৰত্ব মানি চলাটো অধিক কঠিন হৈ পৰে।

কিন্তু প্ৰায় ২ মাহ পৰ্যন্ত চেলুনসমূহ বন্ধ হৈ থকাৰ বাবে এতিয়া বিপদত পৰিছে নাপিতসকল। দুবেলা দুমুঠি খাবৰ বাবেও এতিয়া চিন্তা কৰিবলগীয়া হৈছে এইসকল লোকে। যাৰ বাবে এতিয়া প্ৰতিবাদত নাামিছে নাপিত সন্থা। উপায়ন্তৰ হৈ চৰকাৰৰ সহায় বিচাৰি শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

You might also like