নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰৱঞ্চনাৰে কোটি টকা ঋণ আদায় কৰা দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানত নকল নথি পত্ৰ দেখুৱাই ঋণ আদায় কৰা এক প্ৰবঞ্চকৰ দলৰ দুজন সদস্য পৰিছে আৰক্ষীৰ জালত ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চক দুজনৰ নাম হৈছে ডুমডুমীয়াৰ জেঙনিৰ আছিকুৰ ৰহমান আৰু ওপৰ ডুমডুমীয়াৰ ৰিবুল দাস ৷ আন এজন প্ৰবঞ্চক মিজানুৰ আলি পলাতক অৱস্থাত আছে ৷ মিজানুৰৰ ঘৰ ৰামপুৰ চলাপথাৰত ৷ জানিব পৰা মতে ৰিবুল আৰু আছিকুৰে শনিবাৰে এখন মটৰচাইকেল প্ৰৱঞ্চনাৰে ক্ৰয় কৰিবলৈ আহি ধৰা পৰে ৷ শেনচোৱাত দুই প্ৰৱঞ্চকক এটি বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি সন্ধ্যা ভাগত কৰায়ত্ত কৰে ৷ পিছত আৰক্ষীক চমজাই দিয়ে ৷ দলটোয়ে বিত্তীয় প্ৰতিষ্ঠান শ্ৰীৰাম ফাইনেঞ্চ, এল এন টি ফাইনেঞ্চ, এইছ ডি এফ চি আদিৰ পৰা ভুৱা নথি পত্ৰতে ঋণ আদায় কৰি বিভিন্ন গাড়ী ক্ৰয় কৰে ৷ ইয়াৰ ভিতৰত আছে জে চি বি , ট্ৰেক্টৰ , মটৰ চাইকেল আদি ৷ দলটোৱে গাড়ীসমূহ ক্ৰয় কৰি লগে লগে বিভিন্ন গ্ৰাহকক বিক্ৰী কৰি দিয়ে ৷ পিছত বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণ ঘূৰাই নাপায় এই প্ৰবঞ্চকৰ দলটোৰ কাষলৈ যায় যদিও দলটোৰ সদস্যই চোকা অস্ত্ৰ দেখুৱাই খেদি পঠিয়ায় ৷ অভিযোগ মতে প্ৰৱঞ্চকৰ দলটোক বিত্তীয় প্ৰতিষ্ঠানৰ একাংশ কৰ্মচাৰীয়ে ঋণ আদায় দিয়াৰ ক্ষেত্ৰত সহায় কৰে ৷ ইয়াৰ বিনিময়ত প্ৰৱঞ্চকৰ দলটোৰ পৰা এক লাভজনক ধন লাভ কৰে ৷ আৰক্ষীয়ে কেইবাকোটি টকা প্ৰৱঞ্চনাৰে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আদায় কৰি নিয়া দলটোৰ সদস্য প্ৰৱঞ্চক দুজনক জেৰা চলাই আছে ৷ এই দলটোৰ মূল মাষ্টাৰমাইণ্ড পলাতক মিজানুৰ আলী বুলি গ্ৰেপ্তাৰ হোৱা আছিকুল আৰু ৰিবুলে স্বীকাৰ কৰিছে ৷
প্ৰেৰক কনক হাজৰিকা

You might also like