নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত কাদং অৰুণোদয় একাডেমীৰ শুভ উদ্বোধনী সভা

নিয়মীয়া বাৰ্তা  ২৭ মাৰ্চ : আজি বৰপেটা জিলাৰ কাদঙত নৱ স্থাপিত ব্যাক্তিগত খণ্ডৰ এখন শিক্ষানুষ্ঠান ‘অৰুণোদয় একাডেমী’ৰ শুভ উদ্বোধনী সভা অনুষ্ঠিত হয় । শুভ উদ্বোধন কৰে জনিয়া ফখৰুদ্দিন আলী আহমেদ ছিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমানে । উদ্বোধনী ভাষণত তেওঁ কাদঙৰ নিচিনা অনুন্নত ঠাইত এখন উন্নতমানৰ শিক্ষানুষ্ঠান গঢ় দি যি গুণগত শিক্ষাৰ উত্তৰণ ঘটাব বিচাৰিছে তাৰ শলাগ লয় । কাদং হাইস্কুলৰ অৱসৰী শিক্ষক ওমৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে একাডেমীৰ স্বত্বাধিকাৰী ছফিকুল ইছলামে । সভাত অৱসৰপ্ৰাপ্ত সীমা শুল্ক বিষয়া হজৰত আলী আহমেদ, বিশিষ্ট সমাজকৰ্মী আব্দুল মালিক, জনিয়া হাইস্কুলৰ প্ৰধান শিক্ষক ছোলেইমান চৌধুৰী, অৱসৰী শিক্ষক ক্ৰমে তফিল উদ্দিন আহমেদ, মজিবৰ ৰহমান, দীপক কুমাৰ সৰকাৰ, নুৰ মহম্মদ, গাওঁ প্ৰধান ৰবীন দাস আদি কৰি বহুতো অতিথি উপস্থিত থাকি শৈক্ষিক দিশ তথা গুণগত শিক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰে ।

প্ৰেৰক মফিদুল ইছলাম

You might also like