নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিপিই কিটক লৈ বিতর্কঃ দিল্লীৰ উপ–মুখ্যমন্ত্রীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা,৫ জুনঃ  দিল্লীৰ উপ–মুখ্যমন্ত্রী তথা আপৰ নেতা মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শনিবাৰে টুইটাৰযোগে মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰিছে৷

উল্লেখ্য যে দিল্লীৰ উপ–মুখ্যমন্ত্রীগৰাকীয়ে পি পি ই কিট বিতর্ক সম্পর্কত মুখ্যমন্ত্রীৰ পৰিয়ালক জড়িত কৰি ভিত্তিহীন অভিযোগেৰে অবাঞ্ছিত মন্তব্য কৰাৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই টুইটাৰযোগে সেই বিষয়ে প্রকাশ কৰে৷ টুইটটোত মুখ্যমন্ত্রী ড০ শর্মাই দুবছৰ পূর্বৰ ক’ভিড মহামাৰীৰ সময়ৰ পৰিৱেশৰ বিষয়ে সোঁৱৰাই দি কয় যে যি সময়ত অসমৰ মানুহক তেওঁৰ সহায়ৰ প্রয়োজন হৈছিল, সেই সময়ত মোৰ টুইটৰো উত্তৰ দিয়া নাছিল৷ আমি উভয়কে জনাৰ পাছতো মোৰ বহু ফোনকলৰ তেওঁ উত্তৰ দিয়া নাছিল৷ দিল্লীত থকা অসমীয়া মানুহক সহায় কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছিল৷ দিল্লীৰ মর্গৰ পৰা ক’ভিডত মৃত্যু হোৱা অসমীয়া লোকৰ মৃতদেহ পাবলৈ সাত দিন অপেক্ষা কৰিবলগীয়া হোৱা ঘটনা মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ টুইটটোত ছিছ’ডিয়াক উপদেশ দিয়া বন্ধ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ সৈতে অচিৰেই গুৱাহাটীত দেখা হ’ব বুলি উল্লেখ কৰি কয় যে ছিছ’ডিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰা হ’ব৷

আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাৰ পৰিয়ালে পি পি ই কিটৰ পৰা এপইচাও পোৱা নাই বুলি স্পষ্ট কৰি দি কয় যে সমগ্র দেশে যি সময়ত ভয়ানক মহামাৰীত জর্জৰিত হৈছিল, সেই সময়ত অসমত এটাও পি পি ই কিট নাছিল৷ সেই মুহূর্তত তেওঁৰ পত্নীয়ে সাহসেৰে আগবাঢ়ি আহি প্রায় ১,৫০০ পি পি ই কিট চৰকাৰক বৰঙণি হিচাপে বিনাপইচাই আগবঢ়াইছিল৷ ইয়াৰ বাবে এপইচাও লোৱা নাছিল৷

You might also like