নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪টাকৈ ৱেবছাইটত মেট্রিক–হাইমাদ্রাছা পৰীক্ষাৰ ফলাফল

নিয়মীয়া বাৰ্তা,৫ জুনঃ নতুন শিক্ষাবর্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্ব কমিব৷ ইয়াৰ পৰিৱর্তে শিক্ষার্থীৰ জীৱনৰ মূল পৰীক্ষা হ’ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা৷ –মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা উল্লেখ কৰি কয় যে পূর্বৰ দৰে অহা শিক্ষাবর্ষতো মেট্রিক পৰীক্ষা থাকিব, কিন্তু এই পৰীক্ষাৰ গুৰুত্ব বিশেষ নাথাকিব৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাহে গুৰুত্বপূর্ণ হ’ব৷

ইফালে অহা ৭ জুনত ছেবাই হাইস্কুল আৰু হাইমাদ্রাছাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিড পৰিৱেশৰ বাবে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা যথেষ্ট প্রত্যাহ্বানৰ মাজেৰে দিব লগা হৈছিল ছাত্র–ছাত্রীসকলে৷ তেওঁলোকে পৰীক্ষাৰ বাবে বিশেষ প্রস্তুতি চলাব নোৱৰিলে৷ মই আশা কৰিছোঁ, পূর্বতকৈও যাতে এইবাৰ পৰীক্ষাৰ ফলাফল ভাল হয়৷

মন কৰিবলগীয়া যে অহা ৭ জুনত ঘোষণা কৰিবলগীয়া মেট্রিক আৰু হাইমাদ্রাছা পৰীক্ষাৰ ফলাফল প্রত্যক্ষ কৰিবলৈ ছেবাই ১৪টাকৈ ৱেবছাইট মুকলি কৰিব৷ এই ৱেবছাইটকেইটা হ’ল–results. sebaonline.org, resultsassam.nic.in, www.indiaresults.com, www.results.shiksha, www.assam.shiksha, www.assamonline.in, exametc.com, www.schools9.com, https//results.net, assamjobalerts.com, assamresults.in, necareer.com, www.jagranjosh.com, www.vidyavision.com৷

এইবাৰ হাইস্কুল–হাইমাদ্রাছা পৰীক্ষাত ৪,৩১,১৩২গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছিল৷ ছেবাই প্রকাশ কৰা অনুসৰি ৭ জুনৰ ১০ বজাত ফলাফল ঘোষণাৰ পাছতে উক্ত ৱেবছাইটত পৰীক্ষার্থীয়ে ৰোল আৰু নং দিয়াৰ পাছতেই ফলাফল লাভ কৰিব, লগতে মার্কশ্বীটো লাভ কৰিব৷

আনহাতে, ছেবাই এটা ম’বাইল এপো এইবাৰ মুকলি কৰিব৷ ম’বাইলৰ প্লেষ্ট’ৰত গৈ SEBA Results, 2022 এই এপটো ডাউনলোড কৰি শিক্ষার্থীয়ে ৰোল নং সন্নিৱিষ্ট কৰিলেই মার্কশ্বীটখন ডাউনলোড কৰিব পাৰিব৷ ইয়াৰ উপৰি প্রতিখন বিদ্যালয়ত ছেবাই ফলাফলৰ পি ডি এফ ফাইল একোটা প্রেৰণ কৰিব৷ এই পি ডি এফ ফাইলত প্রতিখন স্কুলৰ মেট্রিকৰ ফলাফলৰ লগতে শিক্ষার্থীৰ মার্কশ্বীটসমূহো উপলব্ধ হ’ব৷ একাদশ শ্রেণীত নামভর্তিৰ ক্ষেত্রত শিক্ষার্থীয়ে নিজৰ মার্কশ্বীট ডাউনলোড কৰি সংশ্লিষ্ট কর্তৃপক্ষৰ আগত দেখুৱালে ইয়াক গ্রাহ্য কৰা হ’ব বুলি ছেবা কর্তৃপক্ষই উল্লেখ কৰিছে৷ ছাত্র–ছাত্রীয়ে মার্কশ্বীটৰ লগতে মেট্রিক উত্তীর্ণৰ প্রমাণ–পত্রও ডিজিটেল মাধ্যমেৰে লাভ কৰিব৷ উল্লেখ্য যে অন্তিমবাৰৰ বাবে মেট্রিক পৰীক্ষাৰ প্রথম শীর্ষ ১০টা স্থান এইবাৰ ঘোষণা কৰা হ’ব৷

You might also like