নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাগিছো ৰাবাডা-ক ক্রিকেটৰ পৰা নিলম্বন 

🔹 হঠাৎ আইপিএল এৰি ঘৰমুৱা হৈছিল বলাৰগৰাকী

নিউজ ডেস্ক, ৪ মে’ : হঠাৎ আইপিএল এৰি এপ্রিলৰ আৰম্ভণিতে ঘৰমুৱা হৈছিল কাগিছো ৰাবাডা ৷ মাত্র দুখন মেচ খেলি কিয় ঘৰলৈ গৈছিল তাক লৈ প্রশ্ণ উত্থাপন হৈছিল৷ অৱশ্যে সেই সময়ত গুজৰাট টাহটানছে এক বিবৃতি জাৰি কৰি ব্যক্তিগত কাৰণত ৰাবাডাই ঘৰলৈ উভতি যোৱা বুলি কৈছিল৷ অৱশেষত দক্ষিণ আফ্রিকাৰ তাৰকা বলাৰগৰাকীয়ে নিজেই ইয়াৰ উচিত কাৰণ দাঙি ধৰিলে৷ জানিব পৰা মতে, ড’প টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ অহাৰ পিছত ৰাবাডাক সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে৷ শনিবাৰে এই বিষয়ত তেওঁ নিজেই ভুল স্বীকাৰ কৰে৷ জানিব পৰা মতে, দক্ষিণ আফ্রিকাৰ টি–২০ লীগৰ সময়ত ৰাবাডাই বিনোদনমূলক ড্রাগছ সেৱন কৰিছিল৷ তেওঁৰ নমুনাত নিষিদ্ধ ড্রাগছ পোৱাৰ পিছত ৰাবাডাক ক্রিকেটৰ পৰা সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে৷ ফলত ৰাবাডাই কেতিয়া গুজৰাট টাহটানছৰ শিবিৰলৈ ঘূৰি আহিব সেয়া স্পষ্ট নহয়৷ দক্ষিণ আফ্রিকাৰ তাৰকা পেচ বলাৰগৰাকীয়ে কয় যে মোৰ কামত হতাশ হোৱাসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ৷ এতিয়াৰ বাবে মই সাময়িকভাৱে খেলৰ পৰা আঁতৰি আছোঁ৷ কিন্তু মই যিমান পাৰোঁ সোনকালে ক্রিকেটলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিম৷ মই আগৰ দৰেই কঠোৰ পৰিশ্রম কৰিম আৰু ক্রিকেটৰ প্রতি নিজকে উৎসর্গা কৰিম৷

You might also like