নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাত ট্ৰেডিঙৰ নামত কোটি টকা লুটি পলাল যুৱক

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ৰাজ্যত ট্ৰেডিঙৰ নামত ধন বিনিয়োগ কৰি সৰ্বস্বান্ত হৈছে বহু লোক। এইবাৰ গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলাত পোহৰলৈ আহিছে তেনে এক লুণ্ঠন কাণ্ড। অঞ্চলটোৰ বহুতৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰলোভনেৰে প্ৰায় কোটি টকা লুণ্ঠন কৰি পলাল আফজাল হক নামৰ এজন যুৱক। বিগত কিছুদিন ধৰি পলাতক হৈ আছে আফজাল হক। দুখীয়া ৰাইজক আঁভুৱাভাৰি আফজাল হকে লাখ-লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ। বিভিন্ন কথাৰে পতিয়ন নিয়াই গ্ৰাহকৰ পৰা আফজাল হকে লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ আনকি নটাৰী যোগে চুক্তি কৰিও বহুতৰ পৰা টকা সংগ্ৰহ কৰিছিল হেনো আফজাল হকে! সম্প্ৰতি বিনিয়োগ কৰা ধন ঘুৰাই বিচাৰি হাহাকাৰ কৰিছে ভুক্তভোগীয়ে। পিছে ওভটাই দিয়ে কোনে? আফজাল হক যে আজিও পলাতক! শীঘ্ৰে অভিযুক্ত আফজালক আটক কৰি ধন ঘুৰাই দিয়াৰ দিহা কৰিবলৈ বিনিয়োগকাৰীসকলে কাতৰ আহ্বান জনাইছে অসম আৰক্ষীক।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like