নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ জার্ছীত থাকিব লাগিব পাকিস্তানৰ নাম

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জানুৱাৰীঃ এইবাৰ চেম্পিয়নছ ট্রফীৰ আয়োজক পাকিস্তান৷ নিয়ম অনুসৰি প্রতিখন দেশৰ জার্ছীতে আইচিচিৰ এই প্রতিযোগিতাখনৰ ল’গ’ আৰু আয়োজক দেশৰ নাম লিখা থাকে৷ কিন্তু ভাৰতে নিজৰ জার্ছীত পাকিস্তানৰ নাম ৰাখিবলৈ সন্মত নহয় বুলি জানিব পৰা গৈছে৷ ইয়াৰ পিছতে সাৱধানবাণী শুনাইছে আইচিচিয়ে৷ পাকিস্তানৰ এক সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি জার্ছীত প্রতিযোগিতাৰ ল’গ’ ৰখা প্রতিখন দেশৰ দায়িত্ব৷ এই নিয়ম অংশগ্রহণকাৰী প্রতিখন দেশে পালন কৰিবলৈ বাধ্য৷ ভাৰতে যদি এই নিয়ম পালন নকৰে তেনেহ’লে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে৷ অৱশ্যে আইচিচিয়ে এতিয়াও আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্রকাশ কৰা নাই৷ পাকিস্তান ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা মতে ভাৰতে খেলুৱৈৰ জার্ছীত পাকিস্তানৰ নাম ব্যৱহাৰ কৰিব নে নকৰে সেই সম্পর্কে কোনো তথ্য তেওঁলোকৰ হাতত নাই৷ কিন্তু পাকিস্তানৰ এজন কর্মকর্তাই সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়াৰ পিছতে বিষয়টো পোহৰলৈ আহে৷

You might also like