নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত বৈভৱৰ শিখৰলৈ অসমক নিয়াৰ সংকল্পঃ বিধানসভাৰ বিশেষ অধিৱেশনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা 

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অসম বিধানসভাত এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হয়৷ এই বিশেষ অধিৱেশনত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূর্ণ হোৱা উপলক্ষে যোৱা বছৰটো স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাপে পালন কৰা হয়৷ বিভিন্ন পর্যায়ত এই অমৃত মহোৎসৱৰ কার্যসূচী পালন কৰা হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হৈছে যোৱা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ ত্রিৰংগা কার্যসূচী৷ ৰাজ্য চৰকাৰে এই কার্যসূচী সফল কৰাৰ বাবে ব্যাপক প্রস্তুতি হাতত লয়৷ যোৱা ১০ আগষ্টৰ পৰা অসমৰ ৰাইজে এই কার্যসূচী চৰকাৰী কার্যসূচীৰ পৰিৱর্তে জনসাধাৰণৰ কার্যসূচী হিচাপে লৈ জন–আন্দোলনলৈ ৰূপান্তৰ কৰে৷ এই সময়ছোৱাত জনসাধাৰণে নিজৰ ঘৰ, ব্যৱসায়িক প্রতিষ্ঠান, যান–বাহনত ত্রিৰংগ পতাকা উৰুৱায়৷ বঙাইগাঁৱত ৯২ বছৰীয়া বৃদ্ধ ব্যক্তিয়ে পত্নীৰ সৈতে ত্রিৰংগা লৈ ৰাজপথলৈ ওলাই আহে৷ কণ কণ শিশুসকলেও এইবাৰ উছাহেৰে ত্রিৰংগা লৈ ওলাই আহে৷ বিভিন্ন বিদ্রোহী সংগঠনৰ স্বাধীনতা দিৱস বর্জনৰ আহ্বানৰ পাছতো ১৫ আগষ্টত ৰাইজে স্বাধীনতা দিৱসৰ কার্যসূচীত স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰে৷ নিজৰ জীৱনকালত প্রথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ কার্যসূচীত ৰাইজৰ অভূতপূর্ব উৎসাহ দেখাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ অসমৰ জনসাধাৰণে স্বাধীনতা দিৱসক জন–আন্দোলনলৈ ৰূপান্তৰ কৰিলে৷ ৰাষ্ট্রপ্রেমৰ ভাব জনসাধাৰণে প্রকাশ কৰি– আমি ভাৰতীয়, ভাৰতীয় সভ্যতা, ৰাষ্ট্রৰ সৈতে আমাৰ সম্পর্ক– সেয়া প্রমাণিত হোৱাৰ লগতে ভাৰতৰ পৰা আঁতৰি যোৱাৰ যে কোনো প্রৱণতা নাই তাকেই প্রতিপন্ন কৰিছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই স্বাধীনতা সংগ্রামত অসমৰ বৰঙনিৰ বিষয়ে উল্লেখ কৰি কয় যে ১৮২৮ চনৰ ৭ মার্চত নামনি অসম ব্রিটিছৰ অধীন বুলি ঘোষণা কৰাৰ পিছতেই ব্রিটিছৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ হয়৷ গোমধৰ কোঁৱৰে ব্রিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰে৷ ১৮২৮ চনৰ অক্টোবৰ মাহত ব্রিটিছে গোমধৰ কোঁৱৰক গ্রেপ্তাৰ কৰি বাংলাদেশৰ ৰংপুৰ কাৰাগাৰত ৭ বছৰৰ বাবে বন্দী কৰি ৰাখে৷ গোমধৰ কোঁৱৰৰ বিদ্রোহ ব্যর্থ হোৱাৰ পিছত ১৮৩০ চনত পিয়লিয়া বৰগোহাঁই আৰু পিয়লি বৰফুকনে ব্রিটিছবিৰোধী সংগ্রামৰ গুৰি ধৰে৷ উজনি অসমৰ খাম্তি, চিফুং, মোৱামৰীয়া, মণিপুৰী, নগা, খাচী আৰু গাৰো শাসকসকলক ব্রিটিছৰ বিৰুদ্ধে সংগঠিত কৰে৷ পাছত ব্রিটিছে পিয়লি বৰফুকন আৰু জিউৰাম দুলীয়াবৰুৱাক শিৱসাগৰত ফাঁচি দিয়ে আৰু একেই অপৰাধত ৰূপচান্দ কোঁৱৰ, দেউৰাম দিহিঙীয়া ডেকা, ব’মচিংফো হৰনাথক গ্রেপ্তাৰ কৰি ঢ়াকাৰ কাৰাগাৰলৈ প্রেৰণ কৰে৷ অসমৰ জনজাতিসকলে ব্রিটিছৰ বিৰুদ্ধে চলোৱা সংগ্রামৰ গৌৰৱময় ইতিহাস স্মৰণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ সময়ত মণিৰাম দেৱানে কলকাতাৰ পৰাই ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে৷ চাৰিং ৰজাৰ লগত চিঠিৰে যোগাযোগ ৰক্ষা কৰি মণিৰাম দেৱানে অস্ত্র–শস্ত্র সংগ্রহ, সৈন্য সংগ্রহৰ কাম কৰিছিল৷ এইক্ষেত্রত অসমৰ বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলীয়ে তেওঁক সহায় কৰিছিল৷ এই বিদ্রোহৰ উমান পাই ব্রিটিছে চাৰিঙৰ ৰজা কর্ন্দপেশ্বৰ সিংহক গ্রেপ্তাৰ কৰি আলিপুৰ কাৰাগাৰলৈ প্রেৰণ কৰে৷ মণিৰাম দেৱানকো কলকাতাত গ্রেপ্তাৰ কৰি কিছুদিন আলিপুৰ জে’লত ৰাখি অসমলৈ বিচাৰৰ বাবে আনে৷ একেই অভিযোগত ব্রিটিছে পিয়লি বৰুৱা আৰু মধুমল্লিককো গ্রেপ্তাৰ কৰে৷ মণিৰাম দেৱানক পিয়লি বৰুৱাৰ সৈতে যোৰহাট কাৰাগাৰত ১৮৫৮ চনৰ ২৬ ফেব্রুৱাৰীত ফাঁচি দিয়া হয়৷ সেইদৰে সৰুপথাৰত ৰে’ল বগৰোৱা ঘটনাত জড়িত কৰি ব্রিটিছে কুশল কোঁৱৰক ফাঁচি দিছিল৷ দেশৰ বাবে যুঁজি কমলা মিৰি, বেজা বাউৰীয়েও প্রাণ দিছিল৷ অসম চৰকাৰে যোৰহাট কাৰাগাৰৰ ১৫০ বিঘা মাটিত ১২৫ কোটি টকা ব্যয়ৰে অমৃত উদ্যান নির্মাণৰ ব্যৱস্থা লৈছে৷ বর্তমান নিবিদাৰ কাম চলি আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই গোমধৰ কোঁৱৰ দেশৰ স্বাধীনতা সংগ্রামৰ প্রথম মুক্তিযুঁজাৰু বুলি উল্লেখ কৰি কয় যে নগাঁও জিলাৰ ফুলগুৰি ধেৱাত দেশৰ প্রথম কৃষক বিদ্রোহ ১৮৬১ চনত আৰম্ভ হয়৷ সেই সময়ত ব্রিটিছ চৰকাৰে আফু খেতি নিষিদ্ধ কৰাৰ লগতে তামোল–পাণৰ ওপৰতো খাজনা আৰোপ কৰাৰ বাবেই কৃষক বিদ্রোহ আৰম্ভ হৈছিল৷ ফুলগুৰি ধেৱাত হোৱা কৃষক বিদ্রোহটো সমগ্র ভাৰতৰে প্রথমটো কৃষক বিদ্রোহ৷ সেইদৰে উপর্যুপৰি খাজনা বৃদ্ধিৰ বাবে ১৮৬৮–৬৯ চনত পথৰুঘাটত কৃষক বিদ্রোহ আৰু ১৮৯৩–৯৪ বর্ষত ৰঙিয়া, লাচিমা, নলবাৰী, বৰমা, বজালী, বৰভাগ, সর্থেবাৰী, সৰুক্ষেত্রী, ছিপাঝাৰ, ব্যাসপাৰা, বৰদৌলগুৰি, দাহি, পাতিদৰং, আমছক্লি আদিতো ৰাইজমেল অনুষ্ঠিত হৈছিল৷ ১৮৯৪ৰ ২৬ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে কৃষক বিদ্রোহত আৰক্ষীৰ গুলীত শতাধিক লোক নিহত আৰু ঘুণীয়া হয়৷ কিন্তু এই পথৰুঘাটৰ বিদ্রোহৰ বিষয়ে আমি আজিও ভালদৰে প্রচাৰ কৰিব পৰা নাই৷ জালিৱানৱালাবাগৰ হত্যাকাণ্ড যিদৰে বহুলভাৱে প্রচাৰ হৈছে, তাৰ বিপৰীতে পথৰুঘাটৰ কৃষক বিদ্রোহৰ নির্মম অত্যাচাৰ যিদৰে প্রচাৰ হ’ব লাগিছিল তেনেদৰে প্রচাৰ হোৱা নাই৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই বর্তমানৰ ৰাজ্য চৰকাৰে বীৰ লাচিত বৰফুকনৰ বিষয়ে পাঠ্যক্রমত সন্নিৱিষ্ট কৰাৰ বাবে তেওঁ প্রতিখন ৰাজ্যৰ মুখ্যমন্ত্রীলৈ পত্র লিখিছে বুলিও উল্লেখ কৰে৷ দেশৰ স্বাধীনতা সংগ্রামত ছাত্র সমাজ, মহিলা সমাজ কেনেদৰে জড়িত হৈছিল সেই বিষয়েও সদনত বিস্তৃতভাৱে উল্লেখ কৰে৷ ৪২ৰ গণ আন্দোলনত অসম বিধানসভাৰ ভূমিকাও গুৰুত্বপূর্ণ আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশৰ ভিতৰতে অসম বিধানসভা হৈছে দ্বিতীয়খন বিধানসভা৷ প্রথমখন বিধানসভা উত্তৰ প্রদেশৰ পিছতে দ্বিতীয়খন বিধানসভা হৈছে অসম৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে বাহাদুৰ গাঁওবুঢ়া, মণিপুৰৰ ৰজাকে ধৰি উত্তৰ–পূবৰ বহুসংখ্যক মুক্তিযুঁজাৰুৰ ইতিহাসসম্বলিত আন্দামানৰ চেলুলৰ কাৰাগাৰলৈ এইবাৰ এহেজাৰ যুৱকক পঠিয়াই সেই গৌৰৱময় ইতিহাস জনাৰ সুযোগ প্রদান কৰিব৷ তেওঁ আৰু কয় যে সাম্রাজ্যবাদী শাসনৰ পৰা মুক্ত কৰাই অকল স্বাধীনতা সংগ্রামৰ উদ্দেশ্য নাছিল৷ সমাজৰ শেষৰজন লোকৰ চকুলো মচি অন্ত্যোদয়াৰ আদর্শৰে অসমক এখন আধুনিক ৰাজ্য হিচাপে গঠন কৰি স্বাধীনতাৰ পৰম বৈভৱত উজ্জ্বলতম শিখৰলৈ লৈ যোৱাটোৱেই সংকল্প৷ ইয়াৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব৷ সেইদৰে এই বছৰ ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা দিৱস হিচাপে পালন কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতৰ বিভাজনৰ ইতিহাসে যাতে দেশৰ সার্বভৌমত্ব আৰু একত্রিত কৰি ৰখাৰ বাবে প্রেৰণা দিয়ে তাৰ বাবেই বিভাজন বিভীষিকা দিৱস পালন কৰা হৈছে৷ আজিৰ বিশেষ অধিৱেশনখনত মন্ত্রী অতুল বৰা, অজন্তা নেওগ, উর্খাগৌৰা ব্রহ্ম, বিধায়ক বসন্ত দাস, হাফিছ বছিৰ আহমেদ, পদ্ম হাজৰিকা, উৎপল বৰা, বিশ্বজিৎ ফুকন, দিগন্ত বর্মন, কৌশিক ৰয়, আমিনুল ইছলাম, কমলাক্ষ দে’ পুৰকায়স্থ, অখিল গগৈ আদিকে ধৰি অন্যান্য জনপ্রতিনিধিসকলেও দেশৰ স্বাধীনতা সংগ্রামৰ বীৰ সেনানীসকলক শ্রদ্ধাৰে স্মৰণ কৰাৰ লগতে অসমৰ অনবদ্য অৱদানৰ বিষয়ে উল্লেখ কৰে৷ এতিয়াও যিসকল বীৰক সন্মান দিয়া হোৱা নাই তেওঁলোকক সন্মান দিয়াৰ লগতে নতুন প্রজন্মক গৌৰৱময় স্বাধীনতাৰ বীৰ সেনানীসকলৰ সৈতে পৰিচয় কৰি দিয়াৰ পোষকতা কৰে৷

You might also like