নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৭৭ মেচঃ ২০২৩–২৭ বৰ্ষৰ আইচিচিৰ ক্রিকেট সূচী ঘোষণা

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ আগন্তুক দিনত অধিক ক্রিকেট খেলিব লাগিব টীম ইণ্ডিয়াই৷ কিয়নো, আই পি এলৰ বাবে যিদৰে আই চি চিয়ে বর্ধিত সময় দিছে, তেনেকৈ আন্তর্জাতিক মেচৰ সংখ্যাও বৃদ্ধি কৰিছে৷ ২০২৩ চনৰ পৰা ২০২৭ চনলৈ আই চি চিয়ে ঘোষণা কৰা ক্রিকেট সূচীত ঘৰুৱা টি–২০ লীগ আৰু আন্তর্জাতিক ক্রিকেট উভয়কে অধিক গুৰুত্ব দিয়া হৈছে৷ আই চি চিয়ে ঘোষণা কৰা সূচী অনুসৰি ২০২৩ৰ পৰা ২০২৭লৈ দুবাৰ অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিব ভাৰতে৷ ৩০ বছৰ পিছত প্রথমবাৰৰ বাবে পাঁচখন টেষ্টৰ শৃংখলা অনুষ্ঠিত হ’ব৷ ২০২৪–২৫ চনত ভাৰত অষ্ট্রেলিয়া ভ্রমণলৈ যাব৷ পৰৱর্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অর্থাৎ ২০২৭ৰ জানুৱাৰী–ফেব্রুৱাৰীত অষ্ট্রেলিয়া আহিব ভাৰতলৈ৷ প্রকাশিত সূচী অনুসৰি চাৰি বছৰত আই চি চিৰ ১২খন দেশে সর্বমুঠ ৭৭৭খন আন্তর্জাতিক মেচ খেলিব৷ ইয়াৰ ভিতৰত ১৭৩খন টেষ্ট, ২৮১খন এদিনীয়া আৰু ৩২৩খন টি–২০ মেচ আছে৷ উল্লেখ্য যে সদ্যপ্রকাশিত সূচীত আন্তর্জাতিক মেচৰ সংখ্যা ৬৯৪৷ ২০২৫ চনৰ ফেব্রুৱাৰীত ত্রিদেশীয় শৃংখলাত অংশগ্রহণৰ বাবে পাকিস্তানলৈ যাব নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকা৷ সেই বছৰৰ জুলাইত টি–২০ শৃংখলাত ভাগ ল’বলৈ জিম্বাব’ৱেলৈ যাব এই দল দুটা৷ ২০২৬ৰ অক্টোবৰ–নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব ত্রিদেশীয় শৃংখলা৷ এই শৃংখলাত খেলিব ইংলেণ্ড, শ্রীলংকা আৰু আয়োজক দেশখনে৷ সূচী অনুসৰি সেই চাৰি বছৰত ভাৰতে ২০খন টেষ্ট মেচ খেলিব৷ চলিত বর্ষৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰে ভাৰতৰ অভিযান আৰম্ভ হ’ব৷ এদিনীয়া আৰু টি–২০ৰ আগ্রাসনৰ বাবে টেষ্টৰ গুৰুত্ব যাতে নকমে, তাৰ প্রতি বিশেষ লক্ষ্য ৰাখিছে আই চি চিয়ে৷ অহা বছৰৰ ফেব্রুৱাৰী–মার্চত অষ্ট্রেলিয়াত চাৰিখন মেচৰ ব’ডাৰ–গাভাস্কাৰ শৃংখলাত খেলিব ভাৰতে৷ ইয়াৰ পিছতে আছে ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাৰ শৃংখলা৷ ২০২৪চনত দেশৰ মাটিত ইংলেণ্ড, বাংলাদেশ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ৰোহিত বাহিনীয়ে৷ ২০২৫ চনত পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডলৈ যাব ভাৰতীয় দল৷ তাৰ পূর্বে অৱশ্যে কেৰিবিয়ান আৰু দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টেষ্ট খেলিব ভাৰতে৷ ২০২৬ত টেষ্ট শৃংখলাত ভাগ ল’বলৈ ভাৰতলৈ আহিব আফগানিস্তান৷ এই সময়ছোৱাত ভাৰতে ৩৮খন টেষ্ট, ৩৯খন এদিনীয়া আৰু ৬১খন টি–২০ মেচ খেলিব৷ অৱশ্যে ভাৰতে এই দীর্ঘ কালছোৱাত পাকিস্তানৰ বিৰুদ্ধে কোনো শৃংখলাত অংশগ্রহণ নকৰে৷

You might also like