উদ্বেগজনক : অস্বাভাৱিকভাৱে হ্রাস দেশৰ মহিলাৰ প্রজনন ক্ষমতা
ৰাষ্ট্রসংঘৰ প্রতিবেদনত উদ্বেগজনক তথ্য। ২০২৫ৰ শেষত ভাৰতৰ জনসংখ্যা হ’ব ১৪৬ কোটি, ইউএনএফপিৰ প্রতিবেদনত শিহৰণকাৰী তথ্য। অভাৱনীয়ভাৱে হ্রাস পাইছে বিশ্বত জন্মৰ হাৰ, ২০৮০ত সমগ্র পৃথিৱীৰ জনসংখ্যাই অতিক্রম কৰিব ১,০০০ কোটি
উদ্বেগজনক : অস্বাভাৱিকভাৱে হ্রাস দেশৰ মহিলাৰ প্রজনন ক্ষমতা
নিউজ ডেস্ক, ১১ জুন : চীনক অতিক্রম কৰি বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্রৰ স্বীকৃতি ইতিমধ্যে লাভ কৰিছে ভাৰতে৷ ২০২৫ চনৰ শেষত ভাৰতৰ জনসংখ্যা হ’ব ১৪৬ কোটি৷ ৰাষ্ট্রসংঘৰ জনসংখ্যা বিষয়ক বিভাগ ইউএনএফপিৰ শেহতীয়া প্রতিবেদনত এই তথ্য সদৰী হৈছে৷
২০১১ চনৰ পাছত ভাৰতত লোকপিয়ল নহ’লেও ৰাষ্ট্রসংঘৰ তৰফৰ পৰা ২০২৩ চনত দিয়া পৰিসংখ্যা অনুসৰি চীনক অতিক্রম কৰি বিশ্বৰ প্রথম স্থানত থকা জনবহুল ৰাষ্ট্র হিচাপে স্বীকৃত হৈছে ভাৰত৷ সেই সময়ত দেশৰ জনসংখ্যা ১৪২ কোটিৰ সামান্য বেছি আছিল বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ শেহতীয়া প্রতিবেদন অনুসৰি চলিত বছৰত মুঠ জনসংখ্যাত ০–১৪ বছৰ বয়সীয়াসকলৰ ভিতৰত ২৪ শতাংশ, ১০–১৯ বছৰ বয়সৰ ভিতৰত ১৭ শতাংশ আৰু ১৯–২৪ বছৰ বয়সৰ ভিতৰত ২৬ শতাংশ সন্নিৱিষ্ট হ’ব৷
কিন্তু সামগ্রিকভাৱে ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস পোৱাৰো বার্তা দিছে ২০২৫ চনৰ ৰাষ্ট্রসংঘৰ এই প্রতিবেদনে৷ প্রজনন ক্ষমতা হ্রাসৰ পূর্বাভাস দিয়া হৈছে ‘দ্য ৰিয়েল ফার্টিলিটী ক্রাইচিছ’ শীর্ষক অধ্যায়ত৷ উল্লেখ কৰা হৈছে যে জন্মৰ হাৰ যথেষ্ট হ্রাস পাব ভাৰতীয় মহিলাসকলৰ মাজত৷ উল্লেখনীয় যে ভাৰতীয় মহিলাসকলে এটা প্রজন্মৰ পৰা পৰৱর্তী প্রজন্মলৈ জনসংখ্যাৰ সামগ্রিক আকাৰ অক্ষত ৰখাৰ বাবে তুলনামূলকভাৱে কম সন্তানৰ জন্ম দিয়া বুলি প্রতিবেদনত প্রকাশ কৰা হৈছে৷
📢JUST LAUNCHED: @UNFPA’s new #population report!
🚨We’ve made progress, but the real fertility crisis continues. Millions of #women are unable to have the number of children they want. We must ensure she has #reproductivefreedom.
READ: https://t.co/2lQu1WsydU pic.twitter.com/qYGcNuLGHq
— UNFPA Asia and the Pacific (@UNFPAAsiaPac) June 10, 2025
এই প্রৱণতা অকল ভাৰততেই নহয়, সামগ্রিকভাৱে সমগ্র বিশ্বতে এনে প্রৱণতা বৃদ্ধি পাইছে৷ ২০২২ চনত ৰাষ্ট্রসংঘৰ তৰফৰ পৰা উল্লেখ কৰা হৈছিল যে বিশ্বৰ জনসংখ্যা ৭০০ কোটিৰ পৰা ৮০০ কোটিলৈ স্পর্শ কৰাৰ বাবে ১২ বছৰ সময়ৰ প্রয়োজন হৈছিল৷ কিন্তু ৮০০ কোটিৰ পৰা ৯০০ কোটিৰ জনসংখ্যা স্পর্শ কৰিবলৈ সময় লাগিব ১৪ বছৰ৷ কাৰণ সমগ্র পৃথিৱীত জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ২০৮০ চনত বিশ্বৰ জনসংখ্যা সর্বোচ্চ পর্যায়ত উপনীত হ’ব৷ সেই সময়ত বিশ্বত জনসংখ্যাই ১,০০০ কোটি অতিক্রম কৰিব বুলিও শেহতীয়া প্রতিবেদনত উল্লেখ কৰা হৈছে৷