নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : নলবাৰীৰ ডলীৰাণী হালৈ দাসৰ সাফল্য

উৎপল কুমাৰ কলিতা

‘সপোন যদি ডাঙৰ হয়, আৰম্ভণি সৰুকৈ কৰি হ’লেও এদিন সপোন পূৰণ কৰিব পাৰি৷’ –এই মন্তব্য ডলীৰাণী হালৈ দাসৰ৷ সম্প্রতি ৰাজ্যৰ এগৰাকী কৃষি উদ্যোগী হিচাপে প্রতিষ্ঠিত ডলীৰাণীয়ে শূন্যৰ পৰা আৰম্ভ কৰি আজি নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগতে আন বহুতকে দিছে জীৱিকাৰ সন্ধান৷

নলবাৰী চহৰৰ পৰা পাঁচ কিলোমিটাৰ পশ্চিমে ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিকাষৰীয়া গাঁও বানেকুছি৷ এই বানেকুছিৰ দিপুল হালৈৰ পত্নী ডলীৰাণী হালৈ দাস৷ সৰুৰে পৰা ডলীৰাণীৰ আছিল এটা স্বাৱলম্বী মন৷ নিজে কিবা এটা কৰি দেখুওৱাৰ বাবে আছিল সপোন৷ অৱশ্যে দুই সন্তানৰ জন্মৰ পাছত প্রতিপালনত লাগি থকাৰ বাবে তেওঁৰ স্বাৱলম্বিতাৰ সপোন স্তব্ধ হৈ পৰিছিল৷ অৱশ্যে তাৰ মাজতে এম্ব্রইডেৰী, চিলাই আদিৰ কাম কৰিছিল৷

তেওঁৰ স্বামী দিপুল হালৈ আছিল ক্ষুদ্র ব্যৱসায়ী৷ কিন্তু উপার্জন কম হোৱা বাবে পৰিয়াল চলোৱাত অসুবিধা হৈছিল৷ সন্তান দুটি কিছু ডাঙৰ হোৱাৰ পাছত ডলীৰাণীয়েও নিজাকৈ কিবা এটা উপার্জনশীল কাম কৰি স্বামীক সহায় কৰিবলৈ মন মেলিছিল৷ কিন্তু কৰিব কি? এনেতে এদিন বাতৰিকাকতত মাশ্বৰূম খেতিৰ বিষয়ে লেখা এটা পঢ়ি বিষয়টোৰ প্রতি আগ্রহী হ’ল৷

বিভিন্ন ঠাইত বিচাৰ–খোঁচাৰ কৰি তেওঁ মাশ্বৰূমৰ খেতিৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিলে৷ দুই–এজন মাশ্বৰূম খেতিৰ কামত জড়িত লোককো লগ কৰিলে৷ এনেকৈ এদিন দহ হাজাৰ টকা ধাৰলৈ লৈ তেওঁ ২০১৬ চনত মাশ্বৰূমৰ খেতি আৰম্ভ কৰিলে৷ নিজৰ ঘৰতে সৰু পলিথিনৰ ঘৰ এটা সাজি কমকৈ তাতে মাশ্বৰূম উৎপাদন কৰিবলৈ ল’লে৷ তেওঁ এনেদৰে লাহে লাহে আগবাঢ়িল৷ মাশ্বৰূম উৎপাদনত জড়িত হোৱাৰ পাছত তেওঁ দেখা পালে এই কাম যথেষ্ট লাভজনক৷

সেয়ে তেওঁ মাশ্বৰূম খেতি অধিক আগবঢ়াই নিবলৈ চিন্তা কৰি এই সংক্রান্তত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰিলে৷ কৃষি বিজ্ঞান কেন্দ্রৰ পৰা তেওঁ যথেষ্ট সঁহাৰি লাভ কৰিলে৷ তেনে সময়তে তেওঁ অসম চৰকাৰৰ মাশ্বৰূম সঞ্চালকালয় আৰু গৱেষণা কেন্দ্রৰ অধীনত হিমাচল প্রদেশত প্রশিক্ষণ গ্রহণ কৰি অধিক দৃঢ়তাৰে কামত লাগি যায়৷ এদিন আশীটা চিলিণ্ডাৰেৰে কাম আৰম্ভ কৰা ডলীৰাণীৰ মাশ্বৰূম উৎপাদন গৃহত আঠ শতাধিক চিলিণ্ডাৰত মাশ্বৰূম উৎপাদনলৈ আগবাঢ়িল৷

পৰৱর্তী কালত তেওঁৰ উৎপাদন মাহত ৬ কুইণ্টলপর্যপ্ত হ’বলৈ ধৰিলে৷ ক’ৰোনা মহামাৰীৰ সময়ত বীজ যোগানৰ সমস্যাৰ বাবে এবছৰমান কিছু আয় কমিলেও বর্তমান তেওঁ ইয়াক এক উদ্যোগলৈ তুলি ধৰিবলৈ সক্ষম হৈছে৷ কেঁচা আৰু শুকান দুই ধৰণৰ মাশ্বৰূম তেওঁ বজাৰত বিক্রী কৰি আছে৷ গৃহ জিলা নলবাৰীৰ লগতে গুৱাহাটী, কামৰূপ, বৰপেটা, বঙাইগাঁও, বাক্সা, দৰং আদি জিলালৈ তেওঁৰ মাশ্বৰূম নিয়মিত পঠিয়াই থকা হয়৷ ডলীৰাণীৰ মাশ্বৰূমে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু চুবুৰীয়া ৰাষ্ট্র নেপাল আৰু ভূটানৰো বজাৰ দখল কৰিব পাৰিছে৷

ডলীৰাণীয়ে এই সফলতাৰ মাজত ২০২১ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনত মাশ্বৰূমৰ মূল্য সংযোজনৰ এক প্রশিক্ষণৰ সুযোগ পায়৷ এই প্রশিক্ষণত মাশ্বৰূমৰ পেকেজিং, বজাৰ ব্যৱস্থাপনা, বাণিজ্যিক প্রয়োগ আদি দিশত প্রশিক্ষণ দিয়া হয়৷ প্রশিক্ষণৰ সময়ত তেওঁ মাশ্বৰূম ব্যৱহাৰ কৰি বেকাৰী সামগ্রী প্রস্তুত কৰা উদ্যোগ পৰিদর্শনৰো সুযোগ পায়৷ প্রশিক্ষণৰ পাছতে তেওঁ পঞ্চাশ হাজাৰ টকাৰ ঋণ লৈ সম্পূর্ণ ঔদ্যোগিক চিন্তাৰে নিজৰ মাশ্বৰূম উৎপাদনক এক ব্রেণ্ডৰ ৰূপত তুলি ধৰে৷

তেওঁ স্থাপন কৰা ‘আৰিয়ান মাশ্বৰূম ফার্ম এণ্ড ফুড প্রচেছিং চেণ্টাৰ’–এ ইতিমধ্যে যাৱতীয় খাদ্য প্রস্তুতৰ অনুজ্ঞাপত্রও লাভ কৰে৷ তেওঁৰ উদ্যোগত মাশ্বৰূমৰ পৰা বিভিন্ন খাদ্য প্রস্তুত কৰা হয়৷ ডলীৰাণীয়ে প্রকাশ কৰা মতে তেওঁ মাশ্বৰূমৰ বিস্কুট, কেক, কুকিজ, আচাৰ, ভুজিয়া, প্র’টিন পাউডাৰ, দৈ, মুৰাক্কা আদি ২৬বিধ খাদ্যসামগ্রী প্রস্তুত কৰে৷ তেওঁ এইবোৰৰ ভাল বজাৰ লাভ কৰা বুলিও জনায়৷ অকল উৎপাদনেই নহয়, ডলীৰাণীয়ে সম্প্রতি এগৰাকী প্রশিক্ষক হিচাপেও কর্মৰত৷ কৃষি বিজ্ঞান কেন্দ্র, মাশ্বৰূম সঞ্চালকালয় আৰু গৱেষণা কেন্দ্র আদি চৰকাৰী বিভাগ, বেচৰকাৰী সংস্থা আদিৰ আহ্বানত সহস্রাধিক পুৰুষ–মহিলাক মাশ্বৰূম কৃষি আৰু মাশ্বৰূমৰ মূল্য সংযোজনৰ বিষয়ে প্রশিক্ষণ প্রদান কৰিছে৷

ইয়াৰে বহুতে নিজস্বভাৱে উৎপাদন আৰম্ভ কৰি স্বাৱলম্বীও হৈছে৷ বর্তমান ডলীৰাণীৰ মাহিলি উপার্জন লক্ষাধিক টকা৷ স্বামীৰ লগতে দুই সন্তানো তেওঁৰ উদ্যোগত জড়িত হৈ পৰিছে৷ তেওঁৰ উদ্যোগত আঠজনকৈ পুৰুষ–মহিলাক কর্মচাৰী হিচাপে নিযুক্তি দি জীৱিকাৰ সন্ধান দিছে৷ অৱশ্যে তেওঁৰ সপোন ইমানতে শেষ হোৱা নাই৷ তেওঁ কয়, ‘মাশ্বৰূমৰ অসমত মানসম্পন্ন বীজৰ অভাৱ৷ ভাল বীজ নহ’লে উৎপাদন ভাল নহয়৷ অসমলৈ ৯৫ শতাংশ মাশ্বৰূমৰ বীজ আহে পশ্চিমবংগৰ পৰা৷ আমি সেইটো নোহোৱা কৰি অসমতে ভাল বীজ পাব পৰা ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছোঁ৷’

মাশ্বৰূমৰ ব্যৱসায়িক সম্ভাৱনা সম্পর্কে তেওঁ প্রকাশ কৰা মতে ‘অতি কম মূলধনেৰে কৰিব পৰা অধিক লাভজনক কৃষি হ’ল মাশ্বৰূমৰ খেতি৷ ইয়াৰ বাবে সাধাৰণ ঘৰ এটা হ’লেই হ’ল, অধিক মাটিৰ প্রয়োজন নাই৷ পলিথিনৰ চালি দি বাঁহেৰে নির্মাণ কৰা ঘৰতে এই কাম কৰিব পাৰি৷ মাশ্বৰূমৰ খেতিৰ মূল হ’ল চিলিণ্ডাৰসমূহ৷ এই চিলিণ্ডাৰ নির্মাণ কৰাৰ বাবে ধানখেৰো গাঁওবোৰত সুলভ৷ প্রথমতে অলপ কষ্ট হয় যদিও পাছত বহি থাকিয়ে ফল পায়৷

২৫–৩০ দিনত বীজ সিঁচাৰ পৰা বিৰতিত মাশ্বৰূমবোৰ ফুটি ওলায় আৰু এটা চিলিণ্ডাৰৰ পৰা তিনিমাহলৈ উৎপাদন পাব পাৰি৷ এটা চিলিণ্ডাৰত ৫০ টকা খৰচ কৰি দহগুণ অর্থাৎ ৫০০ টকা লাভ পাব পাৰি৷ প্রথম অৱস্থাত বজাৰ দখলত অলপ কষ্ট হয় যদিও পাছত সহজ হয়৷ এতিয়াও অসমত মাশ্বৰূমৰ চাহিদা অনুপাতে উৎপাদন কম৷ আনহাতে খাদ্য প্রস্তুত ক্ষেত্রখনত মাশ্বৰূমৰ ব্যৱহাৰ বঢ়াৰ লগে লগে ইয়াৰ চাহিদাও অধিক বাঢ়িব ধৰিছে৷’ তেওঁ এই লাভজনক ক্ষেত্রখনত উপযুক্ত প্রশিক্ষণ লৈ কাম কৰিব ওলাই আহিবলৈ নিবনুৱা যুৱক–যুৱতী আৰু গৃহিণীসকলক আহ্বান জনায়৷

ফোনঃ ৯৩৯৪৯–২২৫২৭

You might also like