নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : হাজোৰ উদ্যমী লতিকা ডেকাৰ সফলতাৰ যাত্রা

সাক্ষাৎ গ্রহণঃ শৌভিক সোম
ফোনঃ ৮৬৩৮৬–৯২৯১৯

কামৰূপ জিলাৰ হাজোৰ কুলহাটীৰ লতিকা ডেকাই মাশ্বৰূম খেতি তথা উৎপাদনেৰে আর্থিক স্বাচ্ছন্দ্যৰে স্বনিয়োজন প্রশস্ত কৰাৰ লগতে মহিলা সবলীকৰণৰো অনুকৰণীয় চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে৷ হাজোৰ নিকটৱর্তী ৰামদিয়াৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্রহণ কৰা লতিকাৰ সৰুৰে পৰাই বহু সপোন আছিল৷ কিন্তু জীৱন সংগ্রামৰ চাকনৈয়াত যিবোৰ সপোন লতিকাই দেখিছিল সেইবোৰ হেৰাই গৈছিল৷ কাৰণ চাৰিগৰাকী ভনীৰ পৰিয়ালটো গাড়ীচালক পিতৃৰ সৈতে সৰুতে মাতৃ বিয়োগৰ পিছত বহু সংগ্রামৰ মাজেদি ডাঙৰ–দীঘল হ’বলগীয়া হৈছিল৷ হাজোৰ কুলহাটীৰ উজ্জ্বল দাসৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত পৰিয়ালৰ উপৰি ছোৱালী দুজনীক প্রাধান্য দিয়াৰ উপৰি কিবা এটা কৃষিভিত্তিক উৎপাদনমুখী কাম আৰম্ভ কৰাৰ মনস্থ কৰে৷ সেই সময়তে তেওঁ মাশ্বৰূম খেতিৰ বিষয়ে চিন্তা–চর্চা আৰম্ভ কৰে৷ যিহেতু তেওঁৰ শহুৰেক কৃষি বিভাগত কর্মৰত আছিল, শহুৰেকৰ জৰিয়তে কৃষি বিভাগৰ বিভিন্ন বিষয়াৰ সাক্ষাতত মাশ্বৰূম খেতিৰ বিষয়ে পৰামর্শ দিয়াত তেওঁৰ মনত ইচ্ছা বৃদ্ধি পায় আৰু তেওঁলোকৰ পৰামর্শ তথা সেই সময়ত কৃষি বিভাগৰ বিষয়া বিপুল দাসৰ অনুপ্রেৰণা আৰু পৰামর্শ মতে লতিকাই মাশ্বৰূম খেতি আৰম্ভ কৰিলে৷ লগতে এই খেতিৰ প্রশিক্ষণো ল’লে৷ তেনে প্রেক্ষাপটত ঘৰতে হাজো অঞ্চলত পোনপ্রথমবাৰৰ বাবে ২০২২ চনত আৰম্ভ কৰে মাশ্বৰূম খেতি৷ প্রথমে সৰুকৈ আৰম্ভ কৰাৰ লগতে লাহে লাহে যথেষ্ট সফল হ’ব ধৰিলে৷ প্রতিবছৰে লাভাংশৰ ধন বিনিয়োগ আৰু পৰিয়ালৰ সহযোগত সম্প্রসাৰণ কৰিলে মাশ্বৰূমৰ উৎপাদন৷ লতিকাৰ উৎপাদিত মাশ্বৰূমৰ সমগ্র অসমতে বিপণন হয়৷ ক্রেতাৰ চাহিদা অতি আশাপ্রদ৷ লতিকা দিনটোৰ অধিকাংশ সময় মাশ্বৰূম উৎপাদনত ব্যস্ত থাকি নিজাকৈ বিপণন কৰে৷ পৰৱর্তী সময়ত তেওঁ অসমৰ বিভিন্ন স্থানত বিভিন্ন সময়ত প্রশিক্ষার্থীক প্রশিক্ষণো প্রদান কৰি আহিছে মাশ্বৰূম খেতি সম্পর্কত৷ ইয়াতো লতিকা সফল৷ লাহে লাহে এটাৰ পৰা বর্তমান দুটালৈ মাশ্বৰূম খেতিৰ ইউনিট বৃদ্ধি কৰিছে৷ লতিকা আজি সমগ্র হাজো অঞ্চলটোৰ বাবে প্রেৰণাৰ উৎস হিচাপে থিয় দিছে৷ অৱশ্যে স্বামী উজ্জ্বল দাসেও যৎপৰোনাস্তি সহযোগিতা আগবঢ়ায় লতিকাক৷ স্বামী আৰু দুই সন্তানেৰে লতিকাৰ এটা সুখী পৰিয়াল৷ বর্তমানৰ সময়ছোৱাত লতিকা নিশ্চিতভাৱে গ্রামীণ তথা আধুনিক মহিলাৰ বাবে এটা অনুপ্রেৰণাৰ নাম৷

বর্তমান আপুনি মাশ্বৰূমৰ কি ধৰণৰ কাম কৰি আছে আৰু আপোনাৰ এই উৎপাদনৰ বিষয়ে কিছু আভাস দিয়ক?
বর্তমান মই মাশ্বৰূম খেতিৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ পৰাৰ লগতে সামাজিক মাধ্যমতো যুক্ত হৈ পৰাত ৰাইজৰ পৰা যথেষ্ট মৰম, ভালপোৱা পোৱাত মাছৰুম খেতিকে সমল হিচাপে লৈ আগবাঢ়ি গৈছোঁ আৰু এই খেতিৰ লগতে প্রশিক্ষণ প্রদান কৰা আৰম্ভ কৰিলোঁ৷ ইতিমধ্যে মই ‘এঞ্জেলছ ফ্রেচ মাশ্বৰূম’ ফার্মৰ জৰিয়তে চাৰিটা গোটত প্রায় ২০০গৰাকীক প্রশিক্ষণ প্রদান কৰিছোঁ আৰু মাশ্বৰূমৰ উপকাৰিতা আৰু ঔষধি গুণাগুণ ইমানেই বেছি যে ইমান সুন্দৰ খাদ্য আমি ঘৰতে উৎপাদন কৰি বজাৰত মাছ–মাংসৰ বিকল্প চাহিদা পূৰ কৰিব পাৰি৷ লগতে আৰু কিদৰে মাশ্বৰূমৰ গুণাগুণ মাছ আৰু মাংসতকৈ যথেষ্ট বেছি সেই বিষয়ে ৰাইজক জাগ্রত কৰাটোৱে মোৰ প্রধান উদ্দেশ্য৷

আপুনি হঠাৎ কিয় এই ব্যৱসায় কৰিবলৈ আগবাঢ়িলে বা কোনে এইক্ষেত্রত দিহা দিলে বা অনুপেৰণা যোগালে?
এই সন্দর্ভত ক’ম যে যি সময়ত মই কিবা কাম এটা বিচাৰি আছিলোঁ, সেই সময়ত পোনপ্রথমে মোক কৃষি বিষয়া বিপুল দাসে এইক্ষেত্রত দিহা বা সাহস দিছিল৷ কিয়নো সেই সময়ছোৱাত মই বিভিন্ন ব্যৱসায়ত মন মেলিছিলোঁ৷ কিন্তু এই ব্যৱসায়ৰ প্রতি মোৰ ভাল লগা কাৰণটো হ’ল মাশ্বৰূম দেখিবলৈ ইমান ধুনীয়া আৰু নিজ হাতেৰে উৎপাদন কৰিব পাৰিলে আৰু ভাল লগা বিষয় হ’ব৷ লগতে মাশ্বৰূম ইমানেই গুণসম্পন্ন যে বিদেশৰ উন্নত দেশ যেনে জাপান, চীনতো ইয়াৰ ইমান প্রচাৰ আৰু লগতে আমাৰ ৰাজ্যত জলবায়ুৰ সৈতে মিলি যোৱা এবিধ খাদ্য৷ কিন্তু আমাৰ কৃষক মাশ্বৰূম খেতি কৰিবলৈ আগবাঢ়ি নাহে৷ লগতে মোৰ মনলৈ আহিল যে এই অঞ্চলটোত এই খেতি কোনেও কৰা নাই৷ সেইবাবে মই এই খেতিৰ প্রতি আগ্রহী হ’লোঁ আৰু মনোনিৱেশ কৰিবলৈ আগবাঢ়িলোঁ৷

আপুনি মাশ্বৰূম খেতিৰ লগতে ফুলৰ খেতিৰ সৈতে জড়িত এই বিষয়ে কিছু জনাব?
এই সন্দর্ভত এটা কথা ক’বলৈ বিচাৰোঁ যে ফুলৰ খেতি বুলিয়েই নহয় আমাৰ পৰিয়ালটো সম্পূর্ণভাৱে খেতিৰ লগত জড়িত৷ যিহেতু আমাৰ হাজো অঞ্চলটো এটা খেতিপ্রধান অঞ্চল আৰু তাৰবাবে সকলোৱে কিবা নহয় কিবা খেতিৰ সৈতে জড়িত, সেইবাবে আমিও খেতিৰ লগত জড়িত যেনে ধান খেতি, সৰিয়হ খেতি, পাচলি খেতিৰ লগতে বতৰৰ সকলো খেতিয়েই কৰোঁ আৰু যিহেতু মই সৰুৰে পৰাই খেতি–পথাৰ ভাল পাওঁ, সেইবাবে মই মোৰ শহুৰ দেউতাই আৰম্ভ কৰা ফুলৰ খেতিত যিমানখিনি সম্ভৱ সহায় কৰোঁ৷

বর্তমান আপুনি মুখ্যতঃ মাশ্বৰূমৰ উপৰি অন্য কি কি কামৰ সৈতে জড়িত?
বর্তমান মই মাশ্বৰূম খেতিৰ উপৰি যিহেতু সামাজিকভাৱে কিছু কামত জড়িত, সেইবাবে আত্মসহায়ক গোটৰ উপৰি কম্পিউটাৰ প্রতিষ্ঠানৰ শিক্ষাৰ সৈতে জড়িত হৈ আছোঁ৷ কিয়নো আমাৰ দুটা কম্পিউটাৰ প্রতিষ্ঠান আছে৷ মই সময়ে সময়ে গৈ ক্লাছ ল’ব নোৱাৰিলেও শিক্ষার্থীক পৰামর্শ প্রদান কৰোঁ৷

বিপণন ক’ত কৰে? কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি?
বিপণনৰ ক্ষেত্রত আৰম্ভণিতে প্রচাৰৰ অভাৱত অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ৷ কিন্তু যেতিয়া মই সামাজিক মাধ্যমৰ সৈতে জড়িত হ’লোঁ, তেতিয়াৰ পৰাই বিপণন ক্ষেত্রত যথেষ্ট সহায় হ’ল আৰু অসুবিধা নোহোৱা হ’ল৷ বর্তমান প্রয়োজনতকৈ যথেষ্ট উৎপাদন কৰিব লগা হৈছে৷ কাৰণ পূর্বতকৈ চাহিদা অধিক বৃদ্ধি পাইছে৷

ভৱিষ্যতে কি পৰিকল্পনা? লগতে অন্য ক্ষেত্রৰ সৈতে জড়িত হোৱাৰ কথা চিন্তা কৰিছেনে?
নিশ্চয়৷ যিহেতু মোৰ পৰিচয় মাশ্বৰূম খেতিৰ পৰা ৰাইজে মোক চিনি পালে, সেইবাবে মই ভৱিষ্যতে মাশ্বৰূমক কিদৰে অন্য খাদ্য প্রণালিত ব্যৱহাৰ কৰিব পাৰি, সেই লৈ বহুলভাৱে কাম কৰাৰ মোৰ ইচ্ছা এটা আছে আৰু মাশ্বৰূমক কিদৰে আন খাদ্যত ব্যৱহাৰ কৰি নতুন নতুন খাদ্য তৈয়াৰ কৰিব পাৰি তাৰ ওপৰত কাম কৰিম বুলি থিৰাং কৰিছোঁ৷ এককথাত ক’বলৈ গ’লে মাশ্বৰূমক কিদৰে ঘৰে ঘৰে দৈনিক খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব পাৰি তাৰ ওপৰত কাম কৰাৰ কথা মই চিন্তা কৰি আছোঁ৷

আপোনাৰ সফলতাই স্থানীয় মহিলাসকলক এনে কামৰ প্রতি আকর্ষিত কৰিছে নেকি? তেওঁলোকে এই সম্পর্কত আপোনাৰ ওচৰলৈ জানিবৰ বাবে আহেনে?
নিশ্চয় মোৰ ওচৰত যথেষ্ট মহিলা আহি পৰামর্শ গ্রহণ কৰে, লগতে প্রশিক্ষণো লৈছে৷ কাৰণ মই কেতিয়াও ভবা নাছিলোঁ যে প্রশিক্ষণ দিম৷ মই একমাত্র সামাজিক মাধ্যমতে কেৱল প্রচাৰ চলাইছিলোঁ৷ কিন্তু ৰাইজৰ মাশ্বৰূম খেতিৰ প্রতি আকর্ষণ তথা সঁহাৰি দেখা পাই মই প্রশিক্ষণ দিবলৈ আৰম্ভ কৰিলোঁ৷ মোৰ উদ্দেশ্য এটাই যে শিকক আৰু কৰক৷ লগতে ৰাইজ অৱগত হওক৷ মোৰ এটাই উদ্দেশ্য যে মাশ্বৰূম খেতি সন্দর্ভত সহজ কৰি দিয়া, যাতে ৰাইজৰ মনত এটাই ভাব হয় যে এই খেতি কঠিন নহয়, অতি সহজতে কৰিব পৰা এটি খেতি৷ ফলত ইতিমধ্যে মই দিয়া চাৰিটা প্রশিক্ষণত ৰাইজৰ সঁহাৰি যথেষ্ট দেখা গৈছে আৰু মাশ্বৰূম খেতিৰ প্রতি আকর্ষিত হৈ পৰিছে৷ লগতে মই যিদৰে স্বাৱলম্বী হৈছোঁ আন দহজনৰ সপোন বাস্তৱ ৰূপ দিয়াটো মোৰ প্রধান উদ্দেশ্য৷

অসমত এনে ব্যৱসায়ৰ সুযোগ আৰু সম্ভাৱনীয়তা সন্দর্ভত আপোনাৰ মন্তব্য?
দৈনন্দিন খাদ্য তালিকাত আমি যেতিয়া মাছ–মাংসৰ বিকল্প তথা অন্যান্য খাদ্য যিবোৰ আমি অত্যধিক দামত বর্তমান ক্রয় কৰি গ্রহণ কৰি আহিছোঁ এই সময়ছোৱাত যেতিয়া দৈনিক খাদ্য তালিকাত ঘৰে ঘৰে মাশ্বৰূম আহিব বা খোৱা আৰম্ভ কৰিব বা চাহিদা বৃদ্ধি পাব তেতিয়া মাশ্বৰূমৰ উৎপাদন বৃদ্ধি পাব লাগিব৷ এইক্ষেত্রত আমাৰ কৃষকৰ এই ব্যৱসায়ৰ প্রতি এটা বাট মুকলি হ’ব৷ যদিহে প্রত্যেকে এই মাশ্বৰূম বিচাৰে আৰু স্বাৱলম্বী হোৱাৰ এটা সুৱর্ণ সুযোগ আছে আৰু বহুতেও হৈছে৷ সম্ভাৱনীয়তাৰ ক্ষেত্রত ইয়াৰ যথেষ্ট ধনাত্মক দিশো আছে৷

এই ব্যৱসায় আৰম্ভ কৰাৰ আগতে কেনেদৰে আগবাঢ়িব লাগে, কোনবোৰ কথাত গুৰুত্ব দিব লাগে, কিমান মাটি হ’লে ভাল হয় আদি কথাবোৰ আপোনাৰ অভিজ্ঞতাৰ পৰা কওকচোন?
প্রথমতে এই ব্যৱসায়টো কিমান পৰিসৰত কৰিম সেয়া আমাৰ নিজৰ ওপৰত৷ প্রথমতে আমি কম পৰিসৰত ব্যৱসায় কৰিবলৈ হ’লে মাটিৰ বেছি প্রয়োজন নহয়৷ এটা সৰু কোঠালিতে মাশ্বৰূমৰ খেতি আৰম্ভ কৰিব পাৰি৷ যিহেতু এই খেতি ঘৰৰ ভিতৰত কৰা খেতি হয় আৰু প্রথমতে এই খেতি কৰিবলৈ হ’লে ভাল প্রশিক্ষণ ল’ব লাগিব৷ কাৰণ প্রশিক্ষণ অবিহনে এই খেতি কৰাটো সুবিধাজনক নহয়৷ কিয়নো মাশ্বৰূম খেতি এটা সম্পূর্ণ বিষয় হয়৷ কিয়নো যদি মাশ্বৰূমক ব্যৱসায়ভিত্তিক আমি ল’বলৈ বিচাৰোঁ তেনেহ’লে প্রশিক্ষণ অতি জৰুৰী৷ প্রশিক্ষণ লৈ আগবাঢ়িলে এই খেতিত সফল হোৱাৰ সম্ভাৱনা অধিক থাকে৷

আপুনি মাশ্বৰূম বিক্রী কৰেনে? বিক্রীৰ আগতে কিবা কৰণীয় থাকেনে? দৈনিক কিমান হাৰভেষ্ট (ছিঙা) কৰে?
হয় মই বিক্রী কৰোঁ৷ কিন্তু বিক্রীৰ আগতে একো কৰণীয় নাথাকে৷ পেকেটিং কৰিব লাগে৷ পেকেটিঙো কি ধৰণে কৰিব সেয়া সম্পূর্ণ নিজৰ ওপৰত আৰু হাৰভেষ্টৰ ক্ষেত্রত যেতিয়া পৰিপক্ব হয় তেতিয়া হাৰভেষ্ট কৰোঁ৷ দৈনিক ১০–১৫ কেজি হাৰভেষ্ট কৰা হয়৷

আপোনাৰ উপার্জনে ঘৰখনক কেনেকৈ সহায় কৰিছে? উপার্জিত ধন আপুনি ক’ত খৰচ কৰে?
মাশ্বৰূম খেতিৰ উপার্জনত মই বহুতো সকাহ পাইছোঁ আৰু এইটো এটা নতুন ব্যৱসায়৷ এই ব্যৱসায়ৰ উপার্জনেৰে দৈনন্দিন খৰচ তথা ঘৰৰ বা মোৰ লাগতিয়াল বস্তুৰ ক্ষেত্রত পৰিপূর্ণ কৰিবলৈ সুবিধা হৈছে৷

এই মাশ্বৰূম কোন কোন স্থানলৈ যায়? অসমৰ বাহিৰত ব্যৱসায় কৰে নেকি?
অসমৰ বাহিৰলৈ এতিয়ালৈকে প্রেৰণ কৰা হোৱা নাই৷ কাৰণ ফ্রেচ মাশ্বৰূম অসমৰ বাহিৰলৈ প্রেৰণ কৰাটো অলপ অসুবিধা আছে আৰু যিহেতু ড্রাই মাশ্বৰূম উৎপাদন আমি কৰা নাই৷ কাৰণ আমাৰ ফ্রেচ মাশ্বৰূমৰ চাহিদা অত্যধিক৷ সেইবাবে আমি ড্রাই মাশ্বৰূম প্রস্তুত কৰিব পৰা নাই৷ ব্যৱসায়ৰ দিশত ক’বলৈ গ’লে আমি নামনি অসমৰ প্রায়ভাগ জিলাৰ উপৰি গুৱাহাটী মহানগৰীলৈও প্রেৰণ কৰিছোঁ৷ লগতে উজনি অসমৰ কিছু কিছু অঞ্চললৈ মাশ্বৰূম পঠিয়াবলৈ সক্ষম হৈছোঁ৷ ফ্রেচ মাশ্বৰূম পঠিওৱা পৰিবহণৰ দিশতো কিছু অসুবিধা থকাত আমি সক্ষম হ’ব পৰা নাই৷

মাশ্বৰূমৰ ব্যৱসায় হাজোৰ বাহিৰত কৰাৰ কিবা পৰিকল্পনা আছে নেকি?
এইক্ষেত্রত সুবিধা পালে হাজোৰ বাহিৰতো কৰাৰ চেষ্টা কৰিম৷ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত যিমানগৰাকী প্রশিক্ষার্থীয়ে প্রশিক্ষণ গ্রহণ কৰিছে মোৰ পৰা তেওঁলোকৰ জৰিয়তেও এই ব্যৱসায় প্রসাৰ কৰাত সহায় কৰি আহিছোঁ ৰাজ্যৰ বিভিন্ন জিলাত৷

আপুনি এই পর্যন্ত কিমানগৰাকীক প্রশিক্ষণ বা স্বাৱলম্বিতাৰ পথ দেখুৱাইছে? আপোনাৰ ইয়াত কোন কোন অঞ্চল বা ঠাইৰ পৰা প্রশিক্ষণ গ্রহণ কৰিবলৈ মানুহ আহিছে?
এই পর্যন্ত মুঠ চাৰিটা গোটত ২০০গৰাকীক প্রশিক্ষণ দিয়া হৈছে আৰু প্রশিক্ষণ গ্রহণ কৰি মাশ্বৰূম উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ দেখিবলৈ সক্ষম হৈছে৷ মোৰ ইয়াত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা পুৰুষ–মহিলা আহি প্রশিক্ষণ গ্রহণ কৰিছে৷

আপোনাৰ দৈনিক কিমান উৎপাদন হয় আৰু মাহিলি কিমান উপার্জন হয়?
দৈনিক ১০–১৫ কেজি উৎপাদন হয় আৰু মাহিলি ৬০ হাজাৰ উপার্জন হয়৷

আপুনি মাশ্বৰূম খেতিত কোনো এনজি’ বা চৰকাৰৰ পৰা সহায় পাইছে নেকি?
আৰম্ভণিতে কোনো ধৰণৰ সহায় পোৱা নাই যদিও শেহতীয়াকৈ চৰকাৰৰ পৰা ‘আত্মনির্ভৰ অসম’ আঁচনিৰ পৰা সহায় লাভ কৰিছোঁ আৰু মাশ্বৰূম খেতিৰ নামত চৰকাৰৰ পৰা উক্ত আঁচনিৰ ধন লাভ কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

আপুনি যেতিয়া মনস্থ কৰিলে তেতিয়া কোনো সংস্থা বা কাৰোবাক লগ পাইছিল নেকি যিয়ে এই ব্যৱসায় কৰিবলৈ পৰামর্শ দিছিল?
যেতিয়া মই পোনপ্রথমে অসম উদ্যানশস্য বিভাগত প্রশিক্ষণ ল’লোঁ সেই সময়ত মোক দিয়া প্রশিক্ষকৰ পৰা প্রথম উদগনি পালোঁ৷ তেওঁ মোক বাট দেখুৱালে৷ তেওঁৰ পৰামর্শ মতে মাশ্বৰূম খেতি কৰাৰ চিন্তা–চর্চা কৰিলোঁ আৰু এই প্রশিক্ষণতে মাশ্বৰূমৰ খেতি কৰা বিভিন্নজনক লগ পাই সু–পৰামর্শ লাভ কৰিলোঁ৷

বর্তমান সময়ছোৱা সামাজিক মাধ্যমৰ যুগ আৰু আপোনাৰ সামাজিক মাধ্যমত জনপ্রিয়তা খুবেই বেছি৷ লগতে আপোনাৰ ভিউৱার্ছ–ফলোৱাৰ যথেষ্ট৷ গতিকে এই সন্দর্ভত কি ক’ব? কাৰণ আপুনি সামাজিক মাধ্যমৰ দ্বাৰাই মাশ্বৰূমৰ খেতি তথা ব্যৱসায়ৰ প্রথম প্রচাৰ আৰু সঁহাৰি বহুখিনি লাভ কৰিছিল?
নিশ্চয়, আজিকালি সামাজিক মাধ্যমৰ যুগ৷ প্রত্যেকটো ক্ষেত্র বা ব্যৱসায় সামাজিক মাধ্যমৰ ওপৰতে ভৰসা কৰা হয়৷ যিহেতু আমাৰ মাশ্বৰূমৰ ফার্মখন হাজোত কৰাৰ পূর্বে কোনো ধৰণৰ মাশ্বৰূম ফার্ম নাছিল, যেতিয়া এই ফার্মখন হ’ল তেতিয়াও মানুহে জনা নাছিল৷ তাৰবাবে বিপণন–ব্যৱসায়িক দিশত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু তেতিয়াই মই সামাজিক মাধ্যমৰ জৰিয়তে মাশ্বৰূম ফার্মৰ বিষয়ে ৰাইজক জনোৱাৰ চেষ্টা কৰিছিলোঁ আৰু মোৰ ফার্মখন প্রত্যক্ষ কৰাৰ পিছত মই ভাবোঁ ৰাইজে মাশ্বৰূমৰ ফার্ম প্রত্যক্ষ কৰা নাছিল বা জ্ঞাত নাছিল৷ তাৰ পিছত মাশ্বৰূমৰ বিষয়ে ৰাইজৰ যিটো জিজ্ঞাসা বা মাশ্বৰূম বস্তুটো কি এই খেতিৰ বিষয়ে জানিব পাৰিলে আৰু সামাজিক মাধ্যমতো যথেষ্টখিনি সঁহাৰি দিলে৷

মাশ্বৰূম উৎপাদনৰ বিষয়ে কিছু জনাব নেকি?
মাশ্বৰূম উৎপাদনৰ ক্ষেত্রত প্রথমতে যিটো চিলিণ্ডাৰ তৈয়াৰ কৰা হয় সেইটো মই খেৰেৰে কৰোঁ আৰু উতলোৱা পদ্ধতিৰে কৰোঁ৷ মই সম্পূর্ণ জৈৱিক পদ্ধতি আৰু বিজ্ঞানসন্মতভাৱে কৰি আছোঁ৷ এই পদ্ধতিৰে কৰি যেতিয়া খেৰখিনি পানীত উতলাই চিলিণ্ডাৰৰ বেগ তৈয়াৰ কৰি তাত মাশ্বৰূমৰ বীজ ব্যৱহাৰ কৰি সেই চিলিণ্ডাৰৰ বেগ ওলমোৱাৰ পিছত ২৮ দিনৰ ভিতৰত উৎপাদন আৰম্ভ হয়৷ লগতে যিবোৰ চিলিণ্ডাৰৰ পৰা এমাহৰ ভিতৰত উৎপাদন হয় সেই চিলিণ্ডাৰৰ পৰা তিনি মাহলৈ মাশ্বৰূমৰ উৎপাদন হৈ থাকে আৰু এটা চিলিণ্ডাৰৰ পৰা এজন মাশ্বৰূম খেতিয়কে তিনিমাহত তিনি কেজিলৈকে মাশ্বৰূম লাভ কৰে৷ ক’বলৈ গ’লে মাহেকত ১ কেজিকৈ এটা চিলিণ্ডাৰৰ পৰা মাশ্বৰূম উৎপাদন হয়৷ ইয়াৰ তিনিমাহ পিছত এটা চিলিণ্ডাৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত উৎপাদন হ্রাস পাবলৈ ধৰে আৰু সলনি কৰিব লগা হয়৷ পিছত অৱশিষ্ট ৰৈ যোৱা মাশ্বৰূমৰ চিলিণ্ডাৰ উন্নত মানৰ সাৰলৈ ৰূপান্তৰিত হয়৷

শেহতীয়াকৈ আপুনি অসমৰ নিবনুৱাসকলৰ উদ্দেশ্যে কি আবেদন কৰিব বিচাৰে?
বর্তমান আমাৰ বাবে কামৰ অভাৱ নাই৷ আমাৰ চুকে–কোণে সকলোতে কাম আছে৷ মাত্র বিচাৰি ল’ব লাগিব আৰু কামটো পছন্দ মতে কৰিব লাগে৷ নিজৰ ইচ্ছাৰ বিপৰীতে গৈ কোনো কাম কৰিব নালাগে আৰু বর্তমান সকলোৱে চাকৰিমুখী৷ কিন্তু চাকৰিটো প্রধান লক্ষ্য কৰি ল’ব নালাগে৷ কাৰণ চাকৰি কৰিলে গোটেই জীৱনটো চাকৰি কৰি থাকিব লাগে৷ কিন্তু ব্যৱসায় কৰিলে আমি নতুন নতুন চিন্তাৰে ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰোঁ আৰু মাশ্বৰূমৰ ব্যৱসায়টো ইমানেই ধুনীয়া ব্যৱসায় যিটো এটা নতুন ধৰণৰ ব্যৱসায়৷ য’ত মাশ্বৰূমৰ উপকাৰিতা ইমানেই বেছি যে মাশ্বৰূমৰ খেতিৰ লগত আমি সদায় জড়িত হৈ থাকিব পাৰিম৷ যিহেতু মাশ্বৰূমৰ খাদ্যবিধ বহুলভাৱে প্রচাৰ লাভ কৰিছে, লগতে আমাৰ যুৱপ্রজন্ময়ো মাশ্বৰূম খেতি বুলিয়েই নহয়, যদিহে কৃষিকর্মৰ লগত জড়িত হৈ থাকিব পাৰে তেনেহ’লে সু–স্বাস্থ্যৱান হৈ থাকিব পাৰিব৷ আমাৰ ৰাজ্যখন খেতিপ্রধান ৰাজ্য বুলি ক’লে ভুল নহ’ব৷ সেইবাবে খেতিপ্রধান ৰাজ্যখনত মাশ্বৰূমৰ খেতি কৰি মই যিদৰে স্বাৱলম্বী হৈছোঁ সেইদৰে উঠি অহা প্রজন্ময়ো মাশ্বৰূমৰ খেতিৰে উপার্জনৰ বাট মুকলি হ’ব৷

You might also like