নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰবিমানবন্দৰ্ যাত্রীৰ বাবে ২৪ ঘণ্টাই মুকলি থাকিব জৰুৰীকালীন চিকিৎসা সেৱা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ পশ্চিম গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত যাত্রীৰ সুবিধাৰ বাবে এতিয়াৰে পৰা ২৪ ঘণ্টাই চিকিৎসকৰ ব্যৱস্থা কৰা হৈছে৷ এটা বিবৃতিত বিমানকোঠ কর্তৃপক্ষই সদৰী কৰা অনুসৰি ৫ জানুৱাৰীৰ পৰা বিমানকোঠত ২৪ ঘণ্টাই অর্থাৎ দিনে–নিশাই যাত্রীসকলৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱা উপলব্ধ হ’ব৷ এইক্ষেত্রত অত্যাধুনিক আৰু বিশ্বমানৰ চিকিৎসা সেৱা প্রদানকাৰী প্রতিষ্ঠান এপল’ হাস্পতালে বিমানকোঠ কর্তৃপক্ষৰ লগত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ এই চুক্তি কার্যকৰী হোৱাত যাত্রীসকলে জৰুৰীকালীন পৰিস্থিতিত বিমানকোঠৰ ভিতৰত চিকিৎসকসকলৰ পৰা তৎকালীনভাৱে প্রাথমিক চিকিৎসা সেৱাৰ লগতে চিকিৎসা সম্পর্কীয় পৰামর্শও লাভ কৰিব৷ তেনেদৰে বিমানবন্দৰৰ যাত্রীসকলক তৎকালীনভাৱে উচ্চমানৰ চিকিৎসাৰ বাবে প্রেৰণ কৰিবলৈও ব্যৱস্থা গ্রহণ কৰা হৈছে৷

You might also like