নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবত প্রধানমন্ত্রীক অৱহেলা

বুধবাৰে পঞ্জাবত এটা চৰম অবাঞ্ছিত ঘটনা সংঘটিত হ’ল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এখন অ’ভাৰব্রিজত প্রায় কুৰি মিনিট আবদ্ধ হৈ থাকিবলগীয়া হয়৷ কেৱল সেয়াই নহয়, প্রধানমন্ত্রীগৰাকীয়্ কার্যসূচী সামৰি অহা বাটে উভতি যাবলগীয়া হয়৷ ভাৰতৰ ইতিহাসত এনে ধৰণৰ ঘটনাৰ নজিৰ পাবলৈ নাই৷ এইটোক মাথোঁ পঞ্জাব চৰকাৰৰ চূডান্ত দায়িত্বজ্ঞানহীনতাৰ প্রতিফলন বুলি কৈয়েই সামৰিব নোৱাৰি৷ এয়া চৰকাৰখনৰ দেশৰ প্রধানমন্ত্রীগৰাকীৰ্ নিৰাপত্তাক লৈ চূডান্ত অৱহেলাৰ পৰিচয়৷ ঘটনাটো কোনো চক্রান্তৰ অংশ হিচাপে সংঘটিত হোৱা বুলি কোৱাৰ অৱকাশো আছে৷ সঠিক তদন্তই কথাবোৰ পোহৰলৈ আনিব নিশ্চয়৷ কিন্তু এটা কথা ঠিক যে পঞ্জাব চৰকাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নিৰাপত্তাক লৈ চূডান্ত অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে৷ ইয়াৰ বাবে দেশবাসীৰ ওচৰত চৰকাৰখন জবাবদিহি হ’ব লাগিব৷ চৰকাৰখনক জবাবদিহি কৰিব লাগিব৷ উচিত তদন্ত হোৱাটো বাঞ্ছনীয়৷ ঘটনাটোত পঞ্জাব চৰকাৰৰ কেইবাটাও ক্ষমাহীন শিথিলতাৰ দিশ পোহৰলৈ আহিছে৷ কার্যসূচী এটাত প্রধানমন্ত্রী এগৰাকীয়ে আকাশীপথেৰে যাব নে স্থলপথেৰে যাব, সেইটো গোপনে ৰখা হয়৷ সাধাৰণতে শেষমুহূর্তত সেইটো থিৰাং কৰা হয়৷ সেইটো সংশ্লিষ্ট চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে নির্ধাৰণ কৰা হয়৷ প্রধানমন্ত্রী মোদীয়ে ফিৰোজপুৰৰ ৰাষ্ট্রীয় শ্বহীদ স্মাৰকলৈ যোৱাৰ পথটোও শেষমুহূর্তত নির্ধাৰণ হৈছিল৷ আকাশীপথেৰে নগৈ বিশেষ পথটোৰে যোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেই গোপনীয় তথ্যটো আন্দোলনকাৰী কৃষকসকলে গম পালে কেনেকৈ? এইটো তদন্তৰ বিষয় হোৱা উচিত৷ পঞ্জাব চৰকাৰে সেইটো নকৰি, ওলোটাই প্রধানমন্ত্রী মোদীয়ে নিজেই স্থলপথেৰে যোৱাৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰি তেওঁৰ সুৰক্ষা ব্যৱস্থাত কোনো ধৰণৰ ত্রুটি কৰা হোৱা নাই বুলি দায় সাৰিব বিচাৰিছে৷ অকল সেয়াই নহয়, আন্দোলনকাৰী কৃষক সংগঠন ভাৰতীয় কিষাণ ইউনিয়ন ক্রান্তিকাৰীৰ নেতাৰ জৰিয়তেও বক্তব্য জাৰি কৰি চৰকাৰখনে নিজকে দায়মুক্ত কৰি ৰাখিব বিচাৰিছে৷ কৃষক সংগঠনটোৰ নেতাৰ মতে, তেওঁলোকে হেনো সেই পথেৰে প্রধানমন্ত্রী আহিব, সেইটো জনাই নাছিল৷ কিন্তু আন্দোলনত অংশগ্রহণ কৰা কৃষকৰ ধ্বনি, মাত–কথাত ইয়াৰ অকণো ইংগিত পোৱা নাযায়৷ অর্থাৎ প্রধানমন্ত্রী মোদীৰ ভ্রমণটো নতুবা শ্বহীদ স্মাৰকলৈ যোৱা আৰু তাত অনুষ্ঠিতব্য সভাখনক লৈ এটা অথন্তৰ সৃষ্টি হওক, সেইটো চৰকাৰখনৰ কোনো নহয় কোনোৱে বিচাৰিছিল৷ সেয়ে তেনে অবাঞ্ছিত ঘটনা এটা ঘটিল৷ এতিয়া তাক লৈ দেশখনত ৰাজনৈতিক বোকা ছটিওৱা আৰম্ভ হৈছে৷ এইটো অৱধাৰিত আছিল৷ কিয়নো ৰাজ্যখনত বিধানসভা নির্বাচন আহি আছে৷
প্রধানমন্ত্রী পদত অধিষ্ঠিত ব্যক্তিগৰাকী এটা দলৰ প্রতিনিধি বা নেতা, গণতান্ত্রিক শাসন ব্যৱস্থাত সেইটো স্বাভাৱিক কথা৷ সেই সূত্রে তেওঁ প্রতিনিধিত্ব কৰা ৰাজনৈতিক দলটোৰ বিৰোধী থাকিব, সেইটোও সাধাৰণ কথা৷ কিন্তু লগতে এইটো কথাও মনত ৰাখিব লাগিব যে প্রধানমন্ত্রীগৰাকী দেশৰ প্রধানমন্ত্রী৷ দেশৰ মুৰব্বী৷ তেওঁৰ সুৰক্ষাত ৰাজনৈতিক মতান্তৰৰ কথাটো আহিবই নোৱাৰে৷ সুৰক্ষা ব্যৱস্থাত নূ্যনতমো ত্রুটি অথবা শিথিলতাৰ স্থান নাই৷ আৰু সেইটো সংশ্লিষ্ট ৰাজ্যখনৰ চৰকাৰে নিশ্চিত কৰিব লাগিব৷ এইটো চৰকাৰখনৰ সাংবিধানিক দায়বদ্ধতা৷ নৈতিক দায়িত্ব৷ এতিয়া যদি বিৰোধী ৰাজনৈতিক দলশাসিত কোনো ৰাজ্যত প্রধানমন্ত্রীগৰাকীৰ্ নিৰাপত্তা ব্যৱস্থাক লৈ প্রশ্ণ উঠিবলগীয়া হয় আৰু তাত সংশ্লিষ্ট ৰাজ্য চৰকাৰখনৰ দায়িত্বজ্ঞানহীনতা তথা অৱহেলা চকুত পৰে, সেইটো দেশখনৰ গণতান্ত্রিক শাসন ব্যৱস্থাৰ বাবে ভয়ংকৰ কথা হৈ পৰিব৷ ৰাজনৈতিক বিৰোধিতাৰ নামত এনে ধৰণৰ প্রতিহিংসামূলক আচৰণ অকল্পনীয়৷ অবাঞ্ছিত৷ ইয়ে ভাৰতৰ গৌৰৱময় তথা বিশ্বৰ বাবে আদর্শস্বৰূপ গণতন্ত্রৰ গৰিমা লাঘৱ কৰিব৷ ক্ষমতাৰ বাবে চৰকাৰ এখন ইমান তললৈ যোৱাটোৰ সমান গর্হিত আৰু ধিক্কাৰজনক কাম দ্বিতীয়টো হ’ব নোৱাৰে৷ সবাতোকৈ লক্ষণীয় কথাটো হৈছে, ঘটনাটোৰ পাছত পঞ্জাব চৰকাৰখনৰ আচৰণ৷ মুখ্যমন্ত্রী তথা চৰকাৰখনত থকা কোনো এজন লোকে ঘটনাটোৰ বাবে লজ্জাবোধ কৰাৰ এতিয়ালৈকে উমান দিয়া নাই৷ ক্ষমা বিচৰাৰ ইংগিত নাই৷ তদন্ত ঘোষণা কৰা হৈছে প্রধানমন্ত্রী মোদীৰ কঠোৰ প্রতিক্রিয়াৰ বহু পাছত৷ ইয়াৰ বিপৰীতে হ’ব লাগিছিল চৰকাৰখনে লগে লগে তদন্ত ঘোষণা কৰা৷ নিৰাপত্তাক লৈ শংকা প্রকাশ কৰা প্রধানমন্ত্রীৰ ওচৰত চৰকাৰৰ হৈ মুখ্যমন্ত্রীগৰাকীয়ে তাৎক্ষণিকভাৱে ক্ষমা বিচৰা৷ চৰকাৰখনৰ এনে প্রতিক্রিয়া আৰু শাসক কংগ্রেছৰ একাংশ নেতাৰ বক্তব্য আদিয়ে গণতান্ত্রিক বিচাৰধাৰাক প্রতিফলিত নকৰিলে৷ এটা বিশেষ পৰিস্থিতিৰ বাবে অ’ভাৰব্রিজখনত আবদ্ধ হৈ থকা সময়ত প্রধানমন্ত্রীৰ ওপৰত যদি কোনো ধৰণৰ আক্রমণ সংঘটিত হ’লহেঁতেন? স্বস্তিৰ কথা যে তেনে একো নঘটিল৷ ঘটিলেও একো আচৰিত হ’বলগীয়া নহ’লহেঁতেন, প্রধানমন্ত্রীগৰাকী অতি অসুৰক্ষিত অৱস্থাত এখন অ’ভাৰব্রিজত আবদ্ধ হৈ পৰিছিল৷ পঞ্জাব চৰকাৰে বিষয়টো অনুধাৱন কৰিব নোৱাৰিলে, সেইটো কোনেও বিশ্বাস নকৰিব৷ বিশ্বাসৰ কথাও নহয়৷ গতিকে সন্দেহৰ আৱর্তত চৰকাৰখন আহিবই৷ চৰকাৰৰ ভূমিকাক লৈ প্রশ্ণ উঠিবই৷ আজি দেশজুৰি প্রশ্ণটো উঠিছেই৷ চৰকাৰখনে ইয়াৰ জবাব দিব লাগিব৷ প্রধানমন্ত্রী এগৰাকীৰ নিৰাপত্তাক লৈ এনে ধৰণৰ শিথিলতাক দেশবাসীয়ে কোনো কাৰণতে সহ্য নকৰিব৷

You might also like