নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ‘পৰীক্ষা পে চর্চা’; অংশগ্রহণ কৰিব ৫০ গৰাকী দিব্যাংগ শিক্ষার্থীয়ে

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ নতুন দিল্লীত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ছাত্র–ছাত্রীৰ সৈতে অংশ ল’ব ‘পৰীক্ষা পে চর্চা’ত৷

নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত শিক্ষার্থীসকলক সম্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে৷ ২০১৮ চনৰ ফেব্রুৱাৰীত প্রথবাৰৰ বাবে ভাৰতৰ প্রধানমন্ত্রীজনে আয়োজন কৰিছিল এই কার্যসূচীৰ৷

আজি তৃতীয় বর্ষৰ বাবে অনুষ্ঠিত হ’ব লগা এই ‘পৰীক্ষা পে চর্চা’ত পৰীক্ষাৰ সময়ত মানসিক চাপৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়ে শিক্ষার্থীসকলৰ সৈতে মত বিনিময় কৰিব প্রধানমন্ত্রী মোদীয়ে৷

উল্লেখ্য যে নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ নির্বাচিত ছাত্র–ছাত্রীসকলে আজিৰ এই অনুষ্ঠানত অংশগ্রহণৰ সুবিধা লাভ কৰিছে৷

এইসকলৰ ভিতৰত আছে ৫০ গৰাকী দিব্যাংগ শিক্ষার্থী৷

You might also like