নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হংকং প্ৰশাসনে নিধন কৰিব দুহাজাৰ হেমষ্টাৰ এন্দুৰ

দুহাজাৰ হেমষ্টাৰ এন্দুৰক মাৰিবলৈ ওলাইছে হংকং চৰকাৰে। সেই লৈ মঙলবাৰে এটি নির্দেশনাও জাৰি কৰা হৈছে। নির্দেশনাত পশুৰ চুম্বন কৰাৰ ক্ষেত্ৰতো সতর্ক কৰা হৈছে। এখন পশু দোকানত কেইটিমান হেমষ্টাৰ এন্দুৰ কৰোনাত আক্রান্ত হোৱাৰ পাছত এই সিদ্ধান্ত লৈছে দেশখনৰ চৰকাৰে। পশুৰ প্রয়োজনীয় সা-সামগ্ৰী উপলব্ধ দোকানৰ কর্মীৰ পৰা কেবাজনো মানুহ আক্রান্ত হোৱাৰ পাছত দোকানৰ জীৱবোৰৰ ক’ভিড পৰীক্ষা কৰাৰ নির্দেশ দিয়া হয়। তথ্যত প্ৰকাশ যে, সেই জীৱবোৰৰ মাজত ১১ টা হেমষ্টাৰ এন্দুৰ কৰোনাত আক্রান্ত।

You might also like