নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড উপশমত সহায়ক যোগাসন

প্রতিদিনে যিদৰে বাঢ়িছে ক’ভিড ৰোগীৰ সংখ্যা, তেনেকৈ ক’ভিডক হৰুৱাই সুস্থ আৰু স্বাভাৱিক জীৱন ওভোতাই পাইছে বহুজনে। ক’ভিডমুক্ত হোৱাৰ পাছত সামগ্রিক আৰোগ্য লাভৰ এই যুঁজত হাতিয়াৰ হব পাৰে নিয়মিত যোগাভ্যাস। এই তিনিটা আসন শৰীৰ দ্রুততাৰে সুস্থ কৰি তোলাত সহায়ক হ’ব পাৰে। বিশেষজ্ঞই জনোৱা মতে, ভাইৰাছ নির্মূল হ’লেও দীর্ঘদিন থাকিব পাৰে ক্লান্তি, গাৰ বিষ, মূৰ কামোৰণি তথা মানসিক অস্থিৰতাৰ দৰে বিভিন্ন সমস্যা। নিয়মিত যোগাভ্যাস শ্বাস-প্রশ্বাস প্রণালী ভালে ৰখাত সহায় কৰে।


চক্রবক্রাসন
এই আসন কৰাৰ ফলত দেহত ৰক্ত সঞ্চালন সঠিক মাত্রাত হৈ থাকে। দেহৰ পেশী,হাত-ভৰি সচল হয়। মেৰুদণ্ডৰ স্নায়ু ভালে ৰাখিবলৈ এই আসন কৰা উচিত।
বদ্ধকোনাসন
পেট আৰু দেহৰ নিম্নাংগৰ বিভিন্ন পেশীৰ স্বাস্থ্য ৰক্ষাত এইটো খুবেই উপযোগী আসন। যিহেতু ক’ভিডৰ এই সময়ত পেটৰ ভিন্ন সমস্যাই দেখা দিছে, গতিকে ক’ভিডৰ পৰা সদ্য মুক্ত হোৱা মানুহৰ ক্ষেত্ৰত এয়া সহায়ক হব পাৰে। ভৰিৰ জোৰ ওভোতাই পোৱাত সহায় কৰে এই আসনে।
অর্ধ কপোতাসন
গোটেই দেহৰ সামগ্রিক উন্নতিৰ বাবে এইটো অত্যন্ত কামত অহা আসন। ৰক্ত সঞ্চালন স্বাভাৱিক ৰখাৰ পৰা এণ্ডোক্রীন গ্রন্থিৰ ক্ষৰণ ঠিকে ৰখা আদি কৰি এই আসনৰ একাধিক উপকাৰ আছে।

You might also like